শিৰডীৰ সাই বাবা
শিৰডীৰ সাই বাবা এজন ভাৰতৰ সন্ত। তেওঁ হিন্দু-মুচলন্ত ঐক্যৰ বাবে জনা যায়। তেওঁৰ মূলমন্ত্ৰ আছিল "শ্ৰদ্ধা আৰু সবুৰি(সহানুভূতি, কৰুণা)"[1] জীৱনসাই বাবাৰ জন্ম তথা সৰু কালৰ বিষয়ে কোনো সঠিক তথ্য নাই। তেওঁ ১৮৩৮(আনুমানিক)ৰ পৰা ১৯১৮ৰ ভিতৰত জীৱিত আছিল। তেওঁৰ প্ৰকৃত নাম তথা জন্মস্থান জনা নাযায়।[2] অনেকৰ মতে তেওঁৰ জন্ম মহাৰাষ্ট্ৰৰ পত্ৰি গাঁৱত হৈছিল।[3] ১৬ বছৰ বয়সত সাইবাবা মহাৰাষ্ট্ৰৰ শিৰডী গাঁৱত ওলাল। প্ৰথমে তেওঁ খণ্ডোবা মন্দিৰত থাকিবলৈ লয়, আৰু পিছত এটি জৰাজীৰ্ণ মছজিদত। কোনো প্ৰচাৰ নকৰাকেই তেওঁৰ ওচৰলৈ ভক্ত আহিবলৈ লয়। হিন্দু আৰু মুচলন্ত, দুয়ো ধৰ্মৰেই ভক্ত আহিবলৈ লয়। তেওঁ বিভিন্ন চমৎকাৰ কৰাৰ কথা কোৱা হয়। তেওঁৰ ১৯১৮ত মৃত্যু হয়। তেওঁক বুটি ৱাড়াত সমাধিস্ত কৰা হয়, যাক এতিয়া সমাধি মন্দিৰ বোলা হয়। [4] জন্ম আৰু প্ৰাৰম্ভিক কেইবছৰসাই বাবাৰ ভক্ত দাস গণুৱে পত্ৰি গাঁৱত কিছু অধ্যয়ন কৰে যাক শ্ৰী সাই গুৰুচৰিতত লিখা হয়। [5] দাস গণুৰ মতে সাই বাবা পত্ৰিত এজন ফকীৰৰ ঘৰত দাঙৰ দীঘল হ'ল, ৬বছৰ বয়সত, তেওঁক সন্ত ভেংকুচাৰ তত্ত্বাৱধানত ৰখা হয়। নৰসিম্হা স্বামীজীৰ মতে "এটি গুৰুত্বপূৰ্ণ ক্ষণত, তেওঁ মহল্সাপতিক এই সত্যটো কয়, যে তেওঁৰ পিতৃ-মাতৃ নিজামৰ ৰাজ্যৰ পত্ৰি গাঁৱত থকা ব্ৰাহ্মণ। পত্ৰি পৰ্ৱানি তালুকৰ অংগ, মনৱথৰ ওচৰত। সাই বাবাই তেওঁ সেই সময়ত মছজিদত থকাৰ কথা বুজাবলৈ গৈ, আৰু কয় যে, অতি সৰু বয়সতে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক এজন ফকীৰৰ ঘৰত থয়, যোনে তেওঁক তুলিলে...."[6] সাই সৎচৰিতৰ মতে, তেওঁ ১৬ বছৰ বয়সত ব্ৰিটিছ ইণ্ডিয়াৰ মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ শিৰডী গাঁৱলৈ যায়। তেওঁ নীম গছৰ তলত বহি ধ্যান কৰিছিল। শ্ৰী সাই সৎচৰিতৰ মতে-"গাঁৱৰ মানুহ আচৰিত হ'ল ইমান সৰু ল'ৰাই ইমান কঠোৰ তপস্যা কৰা দেখি। দিনত তেওঁ কাৰো লগত লগ নকৰিছিলে, আৰু ৰাতি কাৰোৰে পৰা ভয় নকৰিছিলে। [7] তেওঁৰ উপস্থিতিয়ে গাঁও বাসীক পিপাসু কৰি তুলিলে, আৰু অনেক ধাৰ্মিক লোকে তেওঁক চাবলৈ আহিবলৈ ল'লে। কোনো কোনোৱে কিন্তু তেওঁক পাগল আখ্যা দি তেওঁৰ ওপৰত শিলো ডলিয়ালে।[8] তেওঁ শিৰডী ত্যাগ কৰিলে, তাৰ পিছৰ সময়ৰ কথা জনা নাযায়। তেওঁ ৰাণী লক্ষ্মীবাইৰ সেনাত থকাৰ কথাও কয়।[9] তেওঁ এবছৰৰ বাবে শিৰডীৰ পৰা আঁতৰি যায় আৰু পুনৰ উভতি আহে, স্থায়ীভাৱে থাকিবলৈ, চন ১৯৫৮ মানত, যিয়ে তেওঁৰ জন্ম চন ১৮৩৮ বুলি অনুমান কৰাত সহায় কৰে।[10] শিৰডীলৈ পুনৰ আগমন১৮৫৮ত সাইবাবা শিৰডীলৈ ঘূৰি আহে। তেতিয়ালৈকে তেওঁ তেওঁৰ আঁঠুলৈকে দীঘল কফতন আদি থকা প্ৰসিদ্ধ পিন্ধন শৈলীত, কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰে। ভক্ত ৰামগিৰ বুআৰ মতে সাইবাবা একেবাৰে খেলুৱৈৰ দৰে লাগিছিল, তেওঁৰ দীঘল চুলি আছিল, ৰাজহাড়ৰ শেষলৈকে, যেতিয়া তেওঁ শিৰডীলৈ আহিছিল। মহিদ্দিন তাম্ব'লিৰ সৈতে হোৱা মৌল যুদ্ধৰ পিছতহে বাবাই কফণি আৰু কাপোৰৰ টোপি পিন্ধিবলৈ আৰম্ভ কৰে।[11] তেওঁৰ এনে সাজ-পাৰৰ বাবে হিন্দু প্ৰধান গাওঁ শিৰডীত তেওঁক কোনো কোনোৱে ভাল নাপাইছিল।[12] তেওঁ নীম গছৰ তলত বহিয়েই ধ্যান কৰিছিল, পিছলৈ তেওঁ এটি মছজিদত থাকিবলৈ লয়, য'ত তেওঁ পবিত্ৰ জুই জ্বলাই ৰাখে, যাৰ নাম দিয়া হয় 'ধুনি', য'ৰ পৰা তেওঁ পবিত্ৰ ৰাখ 'উঢ়ি' দিয়া কৰিছিল, আলহী উভতি যাবলৈ লোৱাৰ সময়ত। বিশ্বাস কৰা হয় যে, উঢ়িত বেমাৰ ভাল কৰা গুণ আছে। তেওঁ স্থানীয় হকীমৰ কাম কৰিবলৈ লয়, তেওঁৰ উঢ়িৰে। তেওঁ তেওঁক চাবলৈ অহা লোকক আধ্যাত্মিক শিক্ষাও দিছিল, আৰু বিভিন্ন হিন্দু পবিত্ৰ গ্ৰন্থ তথা কোৰান পঢ়িবলৈ কৈছিল। তেওঁ ঈশ্বৰক স্মৰণ কৰিবলৈ কৈছিল।[13] সাইবাবাই উৎসৱ পাৰ্বনত নিজেই খাদ্য তৈয়াৰ কৰি, প্ৰসাদ হিচাপে দিছিল। সাইবাবা মুম্বাইত ঈশ্বৰৰ অৱতাৰৰ ৰূপত বিখ্যাত হ'বলৈ ধৰিলে।[14] সাইবাবাৰ প্ৰথম মন্দিৰ কৰজতৰ ভিৱপুৰিত নিৰ্মাণ কৰা হয়। [15] তথ্য সংগ্ৰহ
আৰু চাওকবাহ্যিক সংযোগ| DATE OF BIRTH= ১৮৩৮ }} |
Portal di Ensiklopedia Dunia