শালস্তম্ভ ৰাজবংশ
শালস্তম্ভ বংশ সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে প্ৰতিষ্ঠা কৰে।[1] তেওঁ প্ৰাগজ্যোতিষপুৰৰ পৰা ৰাজধানী তুলি নি বৰ্তমান তেজপুৰৰ ওচৰৰ হাৰুপ্পেশ্বৰ নামে ঠাইত পাতে।[1] এই বংশৰ ৰজাসকলে আনুমানিক ৬৫০ খ্ৰীষ্টাব্দৰ পৰা ৯৯০ খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। শালস্তম্ভৰ পিছৰ পৰা ত্যাগসিংহ পৰ্যন্ত মুঠ একৈশজন ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। ৰত্নপালৰ তামৰ ফলিত শালস্তম্ভক ম্লেছৰাজ বোলা হৈছে।[1][2] ড° ডম্বৰুধৰ নাথৰ মতে শালস্তম্ভ চুতীয়া জাতিৰ লোক।[উদ্ধৃতিৰ প্ৰয়োজন] কিন্তু এই বংশৰ ৰজাবিলাকে নিজকে ভগদত্তৰ বংশধৰ বুলিহে পৰিচয় দিছিল। এই বংশৰ পতনৰ পিছত পাল ৰাজবংশৰ ৰজাই কামৰূপ ৰাজ্য ৰাজত্ব কৰিছিল। কিছুমান বুৰঞ্জীবিদৰ মতে, পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক ব্ৰহ্মপালে এওঁলোকক দক্ষিণ আৰু পূব দিশে খেদি পঠিয়ায়। পাছত এই বংশৰ কোনো লোকে পূবে শদিয়াত চুতীয়া ৰাজ্য আৰু দক্ষিণে ডিমাপুৰত কছাৰী ৰাজ্য প্ৰতিষ্ঠা কৰে।[3] ৰজাসকল
পতনশালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পায়।[4] তথ্য সংগ্ৰহ
গ্ৰন্থ সংযোগ
|
Portal di Ensiklopedia Dunia