শাকম্ভৰী
শাকম্ভৰী (ইংৰাজী: शाकम्भरी) হিন্দু ধৰ্মৰ এগৰাকী দেৱী তথা পাৰ্বতীৰ অৱতাৰ। শাকম্ভৰী নামৰ অৰ্থ হৈছে "যি মানৱজাতিক ফল আৰু পাচলিৰে পুষ্টি প্ৰদান কৰিছিল।"[1] কিংবদন্তি অনুসাৰে, শত বছৰ জোৰা দুৰ্ভিক্ষৰ অন্তত পৰমশক্তিয়ে শতাক্ষী-শাকম্ভৰী হিচাপে অৱতাৰ গ্ৰহণ কৰিছিল আৰু ভোকাতুৰ লোকসকলক আহাৰ প্ৰদান কৰিছিল। শাকম্ভৰী দেৱী হৈছে দেৱী-মাহাত্ম্যমৰ "মূৰ্তি ৰহস্যম" অংশ বা শ্ৰী শ্ৰী দুৰ্গা সপ্তশতি/শ্ৰী শ্ৰী চণ্ডিত বৰ্ণিত মাতৃৰ তৃতীয় ৰূপ।[2] তেওঁৰ অন্যান্য ৰূপ হৈছে নন্দাদেৱী, ৰক্তদন্তিকা, দুৰ্গা, ভীমা, আৰু ভ্ৰমৰী। ভাৰতৰ অলেখ শক্তি পীঠ দেৱী শাকম্ভৰীৰ প্ৰতি উচৰ্গিত। ইয়াৰে ভিতৰত ৰাজস্থানত অৱস্থিত সাক্ৰে পীঠ আৰু সম্ভাৰ পীঠ, আৰু উত্তৰাখণ্ডৰ চাহাৰানপুৰ পীঠ উল্লেখযোগ্য। ভগৱতী শাকম্ভৰীৰ আটাইতকৈ প্ৰাচীন মন্দিৰটো শিৱালিক অৰণ্যাঞ্চলৰ মাজত এক ঋতুকালীন নদীৰ পাৰত অৱস্থিত। এই মন্দিৰৰ বৰ্ণনা স্কন্দ পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, ভাগৱতম আদিত পোৱা যায়। মাতৃৰ এই শক্তিপীঠ দেৱীৰ নিৰন্তৰ নিবাসস্থান। কোৱা হয় যে দেৱী এই ঠাইত স্বয়ম্ভূ ৰূপত আৱিৰ্ভূতা হৈছিল। জনমত অনুসৰি, জগদম্বাৰ এই ধামৰ প্ৰথম দৰ্শন কৰিছিল এজন গৰখীয়াই। তেওঁৰ সমাধি এতিয়াও মন্দিৰৰ চৌহদত আছে। ইয়াত দেৱীদৰ্শন কৰাৰ তেওঁৰ পৰম ভক্ত ভূৰাদেৱক দৰ্শন কৰাৰ এক নিয়ম আছে। আখ্যানপুৰণি কালত দুৰ্গমাসুৰ নামৰ এক নিষ্ঠুৰ প্ৰকৃতিৰ অসুৰ আছিল। তেওঁ আছিল ৰুৰুৰ পুত্ৰ হিৰণ্যক্ষৰ বংশধৰ। এবাৰ তেওঁ বেদসমূহ আৰু তেওঁ যজ্ঞৰ পৰা নিজৰ ন্যায্য অংশ প্ৰাপ্ত কৰিবলৈ থিৰাং কৰে। সেযই উদ্দেশ্য লৈ তেওঁ তপস্যা কৰিবলৈ হিমালয়লৈ গমণ কৰে। তেওঁ তপস্যাৰ দ্বাৰা সৃষ্টিকৰ্তা ব্ৰহ্মাৰ আৰাধনা কৰে আৰু কেৱল বায়ু সেৱন কৰি জীয়াই থাকে। এক হাজাৰ বছৰ ধৰি কৰা তেওঁৰ কঠোৰ তপস্যাৰ ফলত উদ্ভৱ হোৱা তেজস্বী শক্তিৰ বাবে দেৱতা, ৰাক্ষস আৰু সমগ্ৰ পৃথিৱী উত্তাল হৈ পৰে। ব্ৰহ্মাই তেওঁৰ তপস্যাত সন্তুষ্ট হৈ দুৰ্গমাসুৰক বৰদান কৰিবলৈ ব্ৰহ্মলোকৰ পৰা নামি আহে। ব্ৰহ্মাৰ সাক্ষাৎ লাভ কৰি তপস্যাৰ পৰা উঠি দুৰ্গমাসুৰে তেওঁক স্তুতি কৰে আৰু বৰদান হিচাপে চাৰি বেদ বিচাৰে। এই কথা শুনি চাৰিবেদৰ ৰচয়িতা ব্ৰহ্মাই এই বৰদান হিচাপে বেদ প্ৰদান কৰি প্ৰস্থান কৰে। তেতিয়াৰে পৰা ঋষিসকলে বেদৰ বিষয়ে সকলো কথা পাহৰি যায়। গতিকে স্নান, সান্ধ্যায়ন, দৈনন্দিন ৰীতি-নীতি, বিশ্বাস, ত্যাগ আৰু জপ, এই সকলোখিনি লোপ পায়। যজ্ঞৰ অংশ নোপোৱাৰ বাবে দেৱতাসকল ক্ৰমান্বয়ে শক্তিহীন হৈ পৰে। এই সময়তে দুৰ্গমাসুৰে দেৱলোক আক্ৰমণ কৰে আৰু শক্তিহীন দেৱতাসকলে পলায়ন কৰিবলগা হয়। আনহাতে হোম-যজ্ঞ নোহোৱাৰ ফলত বৃষ্টিপাত নোহোৱা হয় আৰু সমগ্ৰ পৃথিৱী খৰাং হৈ পৰে। অনাবৃষ্টিৰ কাল এশ বছৰ ধৰি চলে। অগণন লোক, শত-সহস্ৰ গৰু, ম'হ আৰু অন্যান্য জন্তু মৃত্যুৰ মুখত পৰে। এই দুৰ্যোগৰ বাবে সাধুসকল দেৱীক উপাসনা কৰিবলৈ হিমালয়লৈ ৰাওনা হয়। তেতিয়া দেৱী পাৰ্বতীয়ে অষ্টভূজা ৰূপ লৈ হাতত শস্য, শাক-পাচলি, ফল আৰু অন্যান্য বনৌষধি আদিৰ দৰে খাদ্য ধাৰণ কৰি আৱিৰ্ভূতা হয়। দেৱীৰ এই নতুন ৰূপটোকেই শাকম্ভৰী বুলি জনা যায়।[3] তথ্যসূত্ৰ
|