লীলাৱতী ভট্টাচাৰ্য
লীলাৱতী ভট্টাচাৰ্য ইংৰাজী: Lilabati Bhattacherjee আছিল এগৰাকী ভাৰতীয় খনিজবিদ্যাবিদ, স্ফটিকবিজ্ঞানী, আৰু এগৰাকী পদাৰ্থ বিজ্ঞানী। তেখেতে বিজ্ঞানী সত্যেন্দ্ৰনাথ বসুৰ লগত অধ্যয়ন কৰিছিল। ১৯৫১ চনত তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ ৰাজাবাজাৰ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। তেখেতেৰ বিশেষ ক্ষেত্ৰকেইখন হৈছে-গঠনগত স্ফটিকবিজ্ঞান, আলোকীয় ৰূপান্তৰণ পদ্ধতি, কম্পিউটাৰ প্ৰগ্ৰামিং, প্ৰাৱস্থা ৰূপান্তৰণ(phase transformation), স্ফটিকী বিকাশ,ভূম্যবয়ব(topography), যন্ত্ৰীকৰণ(instrumentation)। তেখেতে এইকেইখন ক্ষেত্ৰলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছে।[1][2][3] তেখেতে ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগত জ্যেষ্ঠ খনিজবিদ্যাবিদ হিচাপে কৰ্মনিৰ্বাহ কৰিছিল। আৰু পাছলৈ সেইটো প্ৰতিষ্ঠানৰ খনিজ পদাৰ্থ বিজ্ঞান শাখাৰ সঞ্চালকৰ দায়িত্ব পালন কৰিছিল। তেখেতে শিৱব্ৰত ভট্টাচাৰ্যৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে। তেওঁলোক দুটা সন্তানৰ অভিভাৱক।
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia