লিখন পদ্ধতিএক লিখন পদ্ধতি (ইংৰাজী: Writing system) হৈছে মৌখিক যোগাযোগক দৃশ্যমানভাৱে প্ৰতিনিধিত্ব কৰাৰ এক পদ্ধতি, যি সাধাৰনতে এক লিপি আৰু ইয়াৰ ব্যৱহাৰ নিয়মৰ সমষ্টিৰে গঠিত। যদিও বাৰ্তা প্ৰেৰণ কৰাত লিখা আৰু কথা দুয়োটা উপযোগী, তথ্য সংৰক্ষণ আৰু স্থানান্তৰৰ এক নিৰ্ভৰযোগ্য প্ৰকাৰ হিচাপেও লিখা কথাৰ পৰা পৃথক কৰা হয়।[1] লিখন পদ্ধতিয়ে ব্যৱহাৰ কৰা লিপিৰ আখৰসমূহৰ অৰ্থৰ লেখক আৰু পাঠক দুয়োপক্ষই বুজাটো প্ৰয়োজন। লিখা সাধাৰণতে এক স্থায়ী মাধ্যমত নথিভুক্ত কৰা হয়, যেনে: কাগজ বা ইলেক্ট্ৰনিক মাধ্যম, যদিও অ-স্থায়ী পদ্ধতিও ব্যৱহাৰ কৰা হ'ব পাৰে, যেনে কম্পিউটাৰ প্ৰদৰ্শনত, ব্লেকবৰ্ডত, বালিত, বা আকাশলিখাৰ দ্বাৰা। পাঠ পঢ়াটো সম্পূৰ্ণৰূপে মনৰ এক আভ্যন্তৰীণ প্ৰক্ৰিয়া হিচাপে সম্পূৰ্ণ কৰিব পাৰি, বা মৌখিকভাৱেও প্ৰকাশ কৰিব পাৰি। লিখন পদ্ধতিবোৰক বিস্তৃত শ্ৰেণীত ভগাব পাৰি যেনে বৰ্ণমালা লিখন পদ্ধতি, চিলেবেৰী লিখন পদ্ধতি, বা ল'গ'গ্ৰাফি লিখন পদ্ধতি, যদিও কোনো এক নিৰ্দিষ্ট লিখন পদ্ধতিত একাধিক শ্ৰেণীৰ গুণ থাকিব পাৰে। বৰ্ণমালা লিখন পদ্ধতিৰ শ্ৰেণীত বৰ্ণৰ এক মানক সমষ্টিয়ে বাক শব্দবোৰক প্ৰতিনিধিত্ব কৰে। চিলেবেৰী লিখন পদ্ধতিত প্ৰতিটো চিহ্নই এটা চিলেচল বা মুৰা (mora)-ৰ সৈতে সম্পৰ্কিত। ল'গ'গ্ৰাফি লিখন পদ্ধতিত প্ৰতিটো আখৰে শব্দ বা মৰ্ফেমৰ দৰে এক চিমাণ্টিক এককক প্ৰতিনিধিত্ব কৰে। আবজাদ লিখন পদ্ধতি বৰ্ণমালা লিখন পদ্ধতি পৰা পৃথক কাৰণ তাত স্বৰবৰ্ণসমূহক সূচিত কৰা নহয়। আনহাতে আবুগিদা বা আলফাচিলবেৰী লিখন পদ্ধতিত প্ৰতিটো আখৰে এটা ব্যঞ্জনবৰ্ণ-স্বৰবৰ্ণ যোৰাক প্ৰতিনিধিত্ব কৰে। বৰ্ণমালা লিখন পদ্ধতিয়ে সাধাৰণতে ভাষা এটা সম্পূৰ্ণৰূপে প্ৰকাশ কৰিবলৈ ১০০তকৈ কম চিহ্নৰ সংহতিক ব্যৱহাৰ কৰে, আনহাতে চিলেবেৰী লিখন পদ্ধতিত কেইবাশ চিহ্ন থাকিব পাৰে আৰু ল'গ'গ্ৰাফি লিখন পদ্ধতিত সহস্ৰাধিক চিহ্ন থাকিব পাৰে। বহুতো লিখন পদ্ধতিত বিৰাম চিহ্ন বুলি কোৱা চিহ্নৰ এক বিশেষ সংহতিও অন্তৰ্ভুক্ত থাকে যাক ব্যাখ্যাত সহায় কৰিবলৈ আৰু সময়, ট'ন, ঠাঁচ, ইনফ্লেকচন বা ইণ্টোনেচন ইঙ্গিতৰ দ্বাৰা মৌখিকভাৱে যোগাযোগ কৰা বাৰ্তাৰ অৰ্থৰ সূক্ষতা আৰু তাৰতম্য প্ৰাপ্ত কৰাত সহায় কৰিবলৈ ব্যৱহাৰ কৰা হয়। লিখন পদ্ধতিৰ আগতে চিহ্ন লিপি (Proto-writing) আছিল, যি পিক্টোগ্ৰাম, আইডোগ্ৰাম আৰু অন্যান্য সাংকেতিক চিহ্ন ব্যৱহাৰ কৰিছিল। চিহ্ন লিপিত এক সম্পূৰ্ণ পৰিসৰৰ চিন্তা আৰু ধাৰণা ধৰিবলৈ আৰু প্ৰকাশ কৰাৰ সামৰ্থ্যৰ অভাৱ আছিল। লিখন পদ্ধতিৰ উদ্ভাৱন, যিটো খ্ৰীষ্টপূৰ্ব ৪ৰ্থ শতিকাত নৱপ্ৰস্তৰ যুগৰ শেষত আৰু ব্ৰঞ্জ যুগৰ আৰম্ভণিত হৈছিল, মানৱ ইতিহাসৰ সঠিক স্থায়ী অভিলেখন কৰাৰ সক্ষম কৰিছিল আৰু মৌখিক ইতিহাসৰ ত্ৰুটিৰ প্ৰৱণতা ইয়াত নাছিল। ইয়াৰ ঠিক পিছতে, লিখাই দীৰ্ঘ দূৰত্বৰ যোগাযোগৰ এক নিৰ্ভৰযোগ্য ৰূপ প্ৰদান কৰে। প্ৰকাশনৰ আবিৰ্ভাৱৰ সৈতে, ই এক প্ৰাৰম্ভিক প্ৰকাৰৰ গণ যোগাযোগৰ মাধ্যম প্ৰদান কৰে। সাধাৰণ বৈশিষ্ট্যসমূহলিখন পদ্ধতিবোৰ আন সাঙ্কেতিক যোগাযোগ পদ্ধতিৰ পৰা পৃথক, কাৰণ এটা লিখন পদ্ধতি সদায়ে কমেও এটা কথিত ভাষাৰ সৈতে সম্পৰ্কিত হয়। ইয়াৰ বিপৰীতে, ছবি, চিত্ৰকলা বা আন কোনো অ-মৌখিক চিহ্ন ভাষা সম্পৰ্কীয় নহয়। কিছুমান চিহ্ন, যেনে পুৰুষ আৰু মহিলাৰ বাবে ব্যৱহাৰ কৰা চিহ্ন, ভাষা সম্পৰ্কিত নহয়, কিন্তু যদি সেইবোৰ প্ৰায়ে আন ভাষাৰ উপাদানৰ সৈতে সংমিশ্ৰণত ব্যৱহাৰ কৰা হয় তেন্তে পাছলৈ সেইবোৰ ভাষাৰ অংশ ৰূপে বিকশিত হ'ব পাৰে। আন কিছুমান চিহ্ন, যেনে সংখ্যা আৰু এমপাৰছেণ্ড (&), কোনো নিৰ্দিষ্ট ভাষাৰ সৈতে পোনপটীয়াকৈ সংযোজিত নহয়, কিন্তু প্ৰায়ে লিখিতভাৱে ব্যৱহাৰ কৰা হয় আৰু সেয়েহে লিখন পদ্ধতিৰ অংশ বুলি গণ্য কৰা হয়। প্ৰতিটো মানৱ সমাজৰ ভাষা আছে, যাক বহুতে মানৱতাৰ এক অৱধাৰিত আৰু নিৰ্ধাৰণকাৰী অৱস্থা বুলি ক'ব পাৰে। অৱশ্যে, লিখন পদ্ধতিৰ বিকাশ আৰু তাৰ ফলত যোগাযোগৰ পাৰম্পৰিক মৌখিক পদ্ধতিৰ সলনি লিখন পদ্ধতিৰ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোৰ বিকাশ লেহেমিয়া। এবাৰ প্ৰতিষ্ঠিত হোৱাৰ পিছত, লিখন পদ্ধতি সাধাৰণতে ইয়াৰ কথিত সমৰ্থকতকৈ অধিক লাহে লাহে সলনি হয়। সেয়েহে এইবোৰে প্ৰায়ে এনে কিছু বিশেষত্ব আৰু অভিব্যক্তি ব্যৱহাৰ কৰিব পাৰি যিবোৰ কথিত ভাষাত বৰ্তমান ব্যৱহাৰ নহয়। লিখন পদ্ধতিৰ এটা ডাঙৰ লাভালাভ হৈছে যে ই ভাষা এটাত প্ৰকাশ কৰা তথ্যৰ এক স্থায়ী ৰেকৰ্ড সংৰক্ষণ কৰিব পাৰে। সকলো লিখন পদ্ধতিত তলৰ বিশেষত্বসমূহ থকাটো প্ৰয়োজন:
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia