লিঅ' জিলাৰ্ড
লিঅ' জিলাৰ্ড (ইংৰাজী: Leo Szilard, জন্ম:১৮৯৮ খ্ৰী, মৃত্যু:১৯৬৪ খ্ৰী) আছিল হাঙ্গেৰীয় পদাৰ্থ বিজ্ঞানী। এওঁ পদাৰ্থ বিজ্ঞানৰ সমান্তালভাৱে ৰাজনীতিত ইয়াৰ প্ৰভাব সম্পৰ্কেও চিন্তা চৰ্চা কৰিছিল। হিৰোচিমা আৰু নাগাচাকি বোমা বিস্ফোৰণৰ পিছত তেওঁ পদাৰ্থ বিজ্ঞান বাদ দি জীৱ বিজ্ঞানত মনোযোগ দিছিল।[1] জন্ম আৰু প্ৰাৰম্ভিক জীৱনলিঅ' জিলাৰ্ডৰ জন্ম হৈছিল ১৮৯৮চনৰ ১১ ফেব্ৰুৱাৰীত হাংগেৰীৰ বুডাপেষ্ট নামৰ ঠাইত। তেওঁৰ দেউতাক লুইচ্ স্পিটজ্ এজন ইহুদি অভিযন্তা আছিল। লিঅ' জিলাৰ্ডৰ আৰম্ভণিতে উপাধি আছিল স্পিটজ্। ১৯০০ চনত পৰিয়ালটোৱে উপাধি সলনি কৰি জিলাৰ্ড ৰাখে। ১৯০৮ চনত লিঅ' জিলাৰ্ড ৰেলিস্ক'লাত নাম ভৰ্তি কৰে। মাত্ৰ ১৩ বছৰৰ বয়সতেই লিঅ' জিলাৰ্ডৰ পদাৰ্থ বিজ্ঞানৰ প্ৰতি ধাউতি জন্মে। ১৯৬০ চনত তেওঁ বুডাপেষ্ট টেকনিকেল ইউনিভাৰ্চিটিত অভিযান্ত্ৰিক ছাত্ৰ হিচাপে সোমায়। এই সময়তে জিলাৰ্ডে ইৰেন কাৰ'লি নেচ্লেন ফিজিক্স কম্পিটিচনত দ্বিতীয় পুৰস্কাৰ লাভ কৰে। ১৯১৭ চনত জিলাৰ্ডে অষ্ট্ৰ-হাংগেৰীয় সেনাত বিষয়া পদৰ প্ৰাৰ্থী হিচাপে বিষয়া প্ৰশিক্ষণ বিদ্যালয়ত সোমায়। কিন্তু স্বাস্থ্যজনিত কাৰণত যুদ্ধত ভাগ ল'ব নোৱাৰিলে। প্ৰথম বিশ্ব যুদ্ধৰ পিছত তেওঁ সেনা বাহিনীৰ পৰা অব্যাহতি পাই ১৯১৯ চনত পুনৰ বুডাপেষ্ট টেকনিকেল ইউনিভাৰ্চিটিলৈ পুনৰ ঘূৰি যায়। কিন্তু ৰাজনৈতিক অস্থিৰতাৰ বাবে আৰু ভাল শিক্ষাৰ ব্যৱস্থা নেদেখি জিলাৰ্ড বাৰ্লিনলৈ যায়। [2][3][4][5] ১৯২০চনত বাৰ্লিনত উপস্থিত হৈ প্ৰথমে ইনষ্টিটিউত অফ টেকন'লজিত অভিযান্ত্ৰিক শিক্ষা পুনৰ আৰম্ভ কৰিছিল। বাৰ্লিনত তেওঁ এলবাৰ্ট আইনষ্টাইন, ভন লাৱে, ৱাল্টৰ নাৰ্ন্ষ্ট, মাক্স প্লাংক্ আদি পদাৰ্থবিদসকলৰ পৰা পদাৰ্থ বিজ্ঞানৰ শিক্ষা লাভ কৰে। পিছত একেটা বছৰতে অভিযান্ত্ৰিক শিক্ষা এৰি বাৰ্লিন ইউনিভাৰ্চিটিত পদাৰ্থ বিজ্ঞানত নাম লগায়। তেওঁ ফন লাৱেৰ অধীনত গৱেষণা কৰি ১৯২২চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ কেইছৰ উইলহ্লেম ইনষ্টিটিউতত প'ষ্ট ডক্টৰেট সম্পূৰ্ণ কৰে।[2][3][4][5] কৰ্ম জীৱনডক্টৰেট হোৱাৰ পিছত ১৯২৩ চনত জিলাৰ্ডে কেইছৰ উইলহ্লেম ইনষ্টিটিউত হাৰ্মান্ মাৰ্কৰ লগ হৈ এক্সৰেৰ ওপৰত পৰীক্ষা আৰম্ভ কৰে। ১৯২৪চনত জিলাৰ্ড বাৰ্লিন ইনষ্টিটিউতত জিলাৰ্ডে মেক্স ভ'ন লাৱে সহকাৰী হিচাপে কাম কৰে। ১৯২৬চনত তেওঁ আইনষ্টাইনৰ লগত মিলি কাম আৰম্ভ কৰে। দুয়োজনে একেলগে বহুতো পেটেণ্টৰ বাবে আবেদন কৰিছিল যিবোৰৰ ভিতৰত আছিল এটা ৰেফ্ৰিজাৰেচন ব্যৱস্থা যিটো পিছত ১৯৪২চনত পাৰমাণৱিক ৰিয়েক্টৰ বনাবলৈ ব্যৱহাৰ কৰা হৈছিল। ১৯২৭চনত জিলাৰ্ড বাৰ্লিন বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ নিৰ্দেশক পদত নিযুক্তি লাভ কৰে। ১৯৩১ চনত জিলাৰ্ড ইলেকট্ৰন মাইক্ৰ'স্কপৰ পেটেণ্টৰ বাবে আবেদন কৰে।[2][3][4][5] ১৯৩৩ চনত হিটলাৰে ক্ষমতা লাভ কৰাত জিলাৰ্ডে বাৰ্লিনৰ পৰা লণ্ডনলৈ যায়। তাত ১৯৩৪চনত থমাচ্ এ চালমাৰ্ৰ লগত একেলগে কাম কৰি জিলাৰ্ড-চালমাৰ্ প্ৰক্ৰিয়া আৱিষ্কাৰ কৰে যিটো প্ৰক্ৰিয়াই আইচ্ট্ৰপসমূহ পৃথক কৰিব পাৰি। এই প্ৰক্ৰিয়া মেডিকেল আইচ্ট্ৰপসমূহ বনোৱাত বহুলভাৱে ব্যৱহৃত হয়। ১৯৩৮ চনত জিলাৰ্ড নিউয়ৰ্কলৈ যায়। ১৯৩৯ চনত জিলাৰ্ডে ইউৰেনিয়ামে যে শৃংখল বিক্ৰিয়া ঘটাব পাৰে সেইটো ভৱিষ্যতবাণী কৰিছিল।১৯৪২চনৰ ২ ডিচেম্বৰত জিলাৰ্ড আৰু ফেৰ্মিয়ে প্ৰথম নিয়ন্ত্ৰিত নিউক্লীয় শৃংখল বিক্ৰিয়াটো ঘটাইছিল। [2][3][4][5] শেষ জীৱন৩০মে' ১৯৬৪ চনত ৬৬ বছৰ বয়সত লা জ'লা, কেলিফৰ্নিয়াত লিঅ' জিলাৰ্ডৰ মৃত্যু ঘটে। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia