যাদু (হেৰী পটাৰ)জে কে ৰাউলিঙৰ হেৰী পটাৰ শৃংখলাত যাদুক এক অতিপ্ৰাকৃতিক শক্তি হিচাপে দেখুওৱা হৈছে যাক প্ৰকৃতিৰ সাধাৰণ নিয়মবোৰৰ তাৰতম্য ঘটাবলৈ ব্যৱহাৰ কৰিব পাৰি। শৃংখলাটোত বহুতো কাল্পনিক যাদুকৰী প্ৰাণী বিদ্যমান। আনহাতে সাধাৰণ প্ৰাণীবোৰেও কেতিয়াবা যাদুকৰী গুণাগুণ প্ৰদৰ্শন কৰে। ইয়াত যাদুকৰী সামগ্ৰীৰো বৰ্ণনা কৰা হৈছে। যাদু কৰিব পৰা কম সংখ্যক মানুহে (ডাইনী আৰু যাদুকৰ) যাদুৰ অস্তিত্বৰ প্ৰতি অজ্ঞাত বাকী লোকসকলক যুক্তৰাজ্যত মাগোল আৰু আমেৰিকা যুক্তৰাজ্যত নো-মেজ বুলি কয়। মানুহৰ ক্ষেত্ৰত, যাদু বা ইয়াৰ অভাৱ হৈছে এক জন্মগত গুণ। ইয়াক সাধাৰণতে উত্তৰাধিকাৰসূত্ৰে লাভ কৰা যায় আৰু "প্ৰভাৱশালী স্থিতিস্থাপক জিন"ত বহন কৰা হয়।[1]যাদু হৈছে যাদুকৰী দম্পতীৰ সন্তানৰ বাবে সাধাৰণ আৰু মাগোলৰ সন্তানৰ ক্ষেত্ৰত ব্যতিক্ৰম। ইয়াৰ ব্যতিক্ৰমো দেখা যায়। যেনে: যাদুকৰী পিতৃ-মাতৃৰ ঘৰত জন্ম হোৱা কিন্তু যাদু কৰিব নোৱাৰা লোকসকলক স্কুইব বুলি কোৱা হয়। আনহাতে মাগোল পিতৃ-মাতৃৰ পৰা জন্ম হোৱা ডাইনী বা যাদুকৰক মাগোলজাত বা উপলুঙাসূচক শব্দ মাডব্লাড বুলি জনা যায়। মাগোলৰ ঘৰত জন্ম গ্ৰহণ কৰা লোক সচৰাচৰ পোৱা যায় যদিও স্কুইবৰ উদাহৰণ অতি বিৰল। ৰাউলিঙৰ হেৰী পটাৰ বিশ্বৰ বহুতো যাদুকৰী উপাদান বাস্তৱ জগতৰ পৌৰাণিক কাহিনী আৰু যাদুৰ ওপৰত আধাৰিত। তেওঁ ইয়াক হেৰী পটাৰ "বিশ্বখনক এক কাঠামো দিয়াৰ এটা উপায়" বুলি বৰ্ণনা কৰিছে।[2] গ্ৰন্থসমূহত উপস্থাপন কৰা ধাৰণাটো এই যে উক্ত যাদুকৰী কাহিনীবোৰৰ মাগোলসকলে কৰা ব্যাখ্যা হৈছে যাদুকৰী পৃথিৱীত কি চলি আছে তাৰ এক বিকৃত সংস্কৰণ। হেৰী পটাৰৰ যাদু ২০১৭ চনৰ ব্ৰিটিছ লাইব্ৰেৰীৰ প্ৰদৰ্শনী আৰু ইয়াৰ সৈতে থকা তথ্যচিত্ৰৰ বিষয় হৈ পৰিছিল। হেৰী পটাৰ: এ হিষ্ট্ৰী অৱ মেজিক শীৰ্ষক এই প্ৰদৰ্শনীখন এগৰাকী জীৱিত লেখিকাৰ এটা শৃংখলাৰ দ্বাৰা অনুপ্ৰাণিত হোৱা ব্ৰিটিছ লাইব্ৰেৰীৰ প্ৰদৰ্শনীৰ প্ৰথম উদাহৰণ।[3] যাদুৰ ব্যৱহাৰডাইনী (যাদুকৰী) আৰু যাদুকৰসকলে তেওঁলোকৰ যাদু কেনেদৰে নিয়ন্ত্ৰণ কৰিব লাগে তাক শিকিবলৈ প্ৰশিক্ষণ গ্ৰহণ কৰে। সৰু আৰু অপ্ৰশিক্ষিত শিশুৰ ক্ষেত্ৰত যাদুৱে তীব্ৰ শংকা, ভয়, খং আৰু দুখৰ মুহূৰ্তত অৱচেতনভাৱে নিজকে প্ৰকাশ কৰে। [4] উদাহৰণ স্বৰূপে, হেৰী পটাৰে এবাৰ আপচুকৈ চুলি কাটি পুনৰাই চুলি গজাইছিল আৰু মাহীয়েক মাৰ্জক এক বিশাল আকাৰলৈ ওফোন্দাই তুলিছিল। এই প্ৰতিক্ৰিয়াসমূহ সাধাৰণতে নিয়ন্ত্ৰণহীন হয় যদিও এজন অপ্ৰশিক্ষিত শিশু হিচাপে টম মাৰ্ভোলো ৰিডলে বস্তুবোৰ স্পৰ্শ নকৰাকৈ চলাচল কৰিবলৈ সক্ষম হৈছিল, জন্তুবোৰক প্ৰশিক্ষণ নিদিয়াকৈ তেওঁ বিচৰা কাম কৰিবলৈ বাধ্য কৰিছিল, তেওঁক বিৰক্ত কৰা লোকসকলৰ সৈতে "বেয়া ঘটনা ঘটাব" পাৰিছিল, বা ইচ্ছা কৰিলে তেওঁলোকক আঘাত কৰিবলৈ সক্ষম হৈছিল। [5] ইয়াৰ উপৰিও লিলি ইভান্সে ফুল ফুলা কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। প্ৰায় সকলো যাদু এডাল দণ্ডৰ ব্যৱহাৰেৰে কৰা হয়। যাদুদণ্ডবিহীন যাদুৰ বিষয়ত ৰাউলিঙে কয়:[6]
এজন যাদুকৰ বা যাদুকৰীয়ে কেৱল তেওঁৰ নিজৰ যাদুদণ্ডৰে সৰ্বশ্ৰেষ্ঠ যাদু কৰিব পাৰে। আন এজনৰ যাদুদণ্ড ব্যৱহাৰ কৰোঁত তেওঁৰ মন্ত্ৰ সাধাৰণতে যিমান শক্তিশালী হ'ব লাগে সিমান শক্তিশালী নহয়। গ্ৰন্থসমূহত যাদুৰ কাৰিকৰী বিৱৰণ অস্পষ্ট। হেৰী পটাৰ এণ্ড দ্য অৰ্ডাৰ অফ দ্য ফিনিক্সত চেভেৰাছ স্নেইপে এবাৰ হেৰী পটাৰক হেৰীৰ প্ৰথম অক্লুমেন্সি পাঠৰ সময়ত "সময় আৰু স্থানৰ গুৰুত্ব"ৰ বিষয়ে কৈছিল। লকেট ৰূপত থকা হ’ৰক্ৰাক্সৰ কাষ চাপিবলৈ যাদুকৰীভাৱে লুকুৱাই ৰখা নাওখন বিচাৰি পোৱাৰ পিছত হেৰীক এল্বাছ ডাম্বলড'ৰে কৈছিল যে "যাদুৱে সদায় চিন এৰি যায়, কেতিয়াবা অতি স্পষ্ট চিন।" মন্ত্ৰ প্ৰয়োগমন্ত্ৰ হৈছে যাদুকৰ বা যাদুকৰীৰ সঁজুলি বা সমল। একো একোটা বিশেষ কাম যেনে তলা খোলা বা জুই সৃষ্টি কৰাৰ বাবে মন্ত্ৰৰ ব্যৱহাৰ কৰা হয়। সাধাৰণতে মন্ত্ৰৰ বাবে প্ৰায়ে পৰিৱৰ্তিত ৰূপৰ লেটিন মন্ত্ৰোচ্ছাৰণৰ প্ৰয়োজন হয় আৰু যাদুদণ্ডৰ সঞ্চালন কৰা হয়। অৱশ্যে, ৰাউলিঙে প্ৰকাশ কৰিছে যে বিশেষকৈ প্ৰতিভাশালী যাদুকৰসকলে যাদুদণ্ডৰ সহায় অবিহনে মন্ত্ৰ প্ৰক্ষেপ কৰিব পাৰেড যদিও যাদুণ্ডৰ প্ৰয়োগৰ দ্বাৰা উৎপাদিত যাদু সাধাৰণতে অধিক সঠিক আৰু শক্তিশালী।[7] মন্ত্ৰসমূহ যাদুদণ্ডৰ সহায়ত অ-মৌখিকভাৱেও প্ৰক্ষেপ কৰিব পাৰি। এই বিশেষ কৌশলটো হগৱাৰ্টছত অধ্যয়নৰ ষষ্ঠ বৰ্ষত শিকোৱা হয় আৰু মন্ত্ৰ প্ৰয়োগ কৰোঁতাজনক মন্ত্ৰোচ্ছাৰণতত মনোনিবেশ কৰাৰ প্ৰয়োজন হয়। কিছুমান মন্ত্ৰ (যেনে লেভিকৰ্পাছ) স্পষ্টতঃ অ-মৌখিকভাৱে ব্যৱহাৰ কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে। যদিও গ্ৰন্থসমূহত বৰ্ণনা কৰা বেছিভাগ যাদুৰ বাবে প্ৰয়োগ কৰোঁতাজনে তেওঁৰ কণ্ঠস্বৰ ব্যৱহাৰ কৰিব লাগে যদিও কিছুমানে সেয়া নকৰে (আৰু ই যাদুকৰী বা যাদুকৰগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে)। ডাম্বলড’ৰে কথা নোকোৱাকৈ আকৰ্ষণীয় যাদু কৰে বুলি জনা যায়। যেনে সমগ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্যাপ্ত বেঙুনীয়া শ্লিপিং বেগ নিৰ্মাণ কৰা[HP3] বা অৰ্ডাৰ অফ দ্য ফিনিক্সৰ শেষৰ ফালে ভলডেমৰ্টৰ সৈতে তেওঁৰ দ্বৈত যুদ্ধৰ সময়ত এয়া দেখা পোৱা যায়। যাদুদণ্ডডাল ধৰি নৰখাকৈও ব্যৱহাৰ কৰা সম্ভৱ। অৰ্ডাৰ অফ দ্য ফিনিক্সত হেৰীয়ে নিজেই তেওঁৰ ওচৰৰ কৰবাত মাটিত পৰি থকা দণ্ডডালৰ সহায়ত লুমোচ যাদুৰ প্ৰয়োগ কৰে। [HP5] ইয়াৰ উপৰিও, এনিমেগি আৰু মেটামৰ্ফমেগিক তেওঁলোকৰ ৰূপ পৰিৱৰ্তনৰ বাবে যাদুদণ্ডৰ প্ৰয়োজন নাই। মন্ত্ৰবোৰক মূলতঃ "সন্মোহন", "অভিশাপ", "হেক্স", বা "জিংকচ" আদি শ্ৰেণীত বিভক্ত কৰা হয়। আক্ৰমণাত্মক আৰু সম্ভাৱ্য বিপদজনক বহুসংখ্যক অভিশাপ বিদ্যমান যদিও তিনিটা অভিশাপক কেৱল বেয়াৰ বাবে ব্যৱহাৰযোগ্য বুলি গণ্য কৰা হয়। এই তিনিওটাক একেলগে "অক্ষমনীয় অভিশাপ"ৰ বিশেষ শ্ৰেণীত ৰখা হয়। যাদুৰ সীমাৱদ্ধতাহেৰী পটাৰ শৃংখলাৰ প্ৰথমখন উপন্যাস প্ৰকাশ কৰাৰ আগতে ৰাউলিঙে যাদুৰ সীমাবদ্ধতা প্ৰতিষ্ঠা কৰিবলৈ অৰ্থাৎ ই কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে তাক নিৰ্ধাৰণ কৰিবলৈ পাঁচ বছৰ অতিবাহিত কৰিছিল। তেওঁৰ মতে (২০০০ চন), "আপুনি যেতিয়া এক কল্পনাৰ পৃথিৱী সৃষ্টি কৰি আছে এইটো সিদ্ধান্ত লোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ,"…."চৰিত্ৰবোৰে কি কৰিব নোৱাৰে।" উদাহৰণ স্বৰূপে, যদিও যিকোনো বস্তু বতাহৰ পৰা উৎপন্ন কৰা সম্ভৱ, সঠিক নিৰ্দিষ্টকৰণৰ সৈতে খাপ খোৱা কিবা এটা সৃষ্টি কৰাটো অধিক জটিল; তদুপৰি এনেদৰে প্ৰস্তুত কৰা যিকোনো বস্তুৱেই স্থায়ী নহয়।[8] মৃত্যুৰাউলিঙে মৃত্যুক গ্ৰন্থসমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বস্তু হিচাপে বৰ্ণনা কৰিছে।[9] ফলস্বৰূপে, হেৰী পটাৰ এণ্ড দ্য গবলেট অফ ফায়াৰত ডাম্বলড’ৰে কোৱাৰ দৰে এনে কোনো মন্ত্ৰ নাই যিয়ে সঁচাকৈয়ে মৃতকক পুনৰ জীৱিত কৰিব পাৰে। অৱশ্যে মৃতদেহবোৰ জীৱিত যাদুকৰে আজ্ঞাকাৰী ইনফেৰীলৈ ৰূপান্তৰিত কৰিব পাৰি। সেইবোৰ জম্বিতকৈ অলপ উন্নত আৰু ইহঁতৰ নিজৰ কোনো আত্মা বা ইচ্ছা নাই। অৱশ্যে, মৃতকৰ সৈতে যোগাযোগ কৰাৰ কিছুমান পদ্ধতি আছে যদিও তাৰ ফলাফল সীমিত। উদাহৰণ স্বৰূপে, হগৱাৰ্টছৰ সকলো প্ৰধান শিক্ষকে মৃত্যুৰ পিছত এখন প্ৰতিকৃতিত আৱিৰ্ভাব হয় আৰু ভৱিষ্যত প্ৰজন্মই তেওঁলোকৰ পৰা পৰামৰ্শ লয়। প্ৰাইৰি ইনকেণ্টেটম প্ৰভাৱৰ জৰিয়তে যাদুকৰীভাৱে হত্যা কৰা লোকসকলৰ ভূতসদৃশ ছাঁয়া বা প্ৰতিকৃতিৰ সৈতে কথা পতাটো সম্ভৱ। পুনৰুত্থান পাথৰে (ইংৰাজী: Resurrection Stone) মৃতকৰ সৈতে কথা পাতিবলৈও সুবিধা প্ৰদান কৰে কিন্তু যিসকলক পাথৰটোৱে ঘূৰাই আনে তেওঁলোক ভৌতিক বা স্পৰ্শ কৰিব পৰা নহয়, বা তেওঁলোকে তেওঁলোকৰ শান্তিপূৰ্ণ বিশ্ৰামৰ পৰা বিচলিত হ'ব নিবিচাৰে। গোটেই শৃংখলাটোত এই সীমাটো নিৰন্তৰ উল্লেখ কৰা হৈছে আৰু যাদুকৰসকলে তেওঁলোকৰ নিজৰ বিপদত ইয়াক অতিক্ৰম কৰিবলৈ চেষ্টা কৰে। একেদৰে জীৱন বজাই ৰাখিবলৈ কোনো মহান শক্তিৰ সামগ্ৰী যেনে ফিলছফাৰ্ছ ষ্টোন বা হ’ৰক্ৰাক্স ব্যৱহাৰ নকৰিলে নিজকে অমৰ কৰি তোলা সম্ভৱ নহয়। যদি এজন ব্যক্তি তিনিটা ডেথলী হেল’জৰ অধিকাৰী হয় তেন্তে তেওঁলোকৰ ওচৰত মৃত্যুৰ গৰাকী হোৱাৰ সঁজুলি থাকিব বুলি কোৱা হয়। কিন্তু এইটো ইংগিত দিয়া হৈছে যে এজন প্ৰকৃত মৃত্যুৰ গৰাকী হোৱাটো হৈছে মৃত্যু অনিবাৰ্য বুলি স্বীকাৰ কৰিবলৈ ইচ্ছুক হোৱা। জীৱন সম্প্ৰসাৰণৰ অন্যান্য পদ্ধতিবোৰৰ ভিতৰত আছে ইউনিকৰ্ণৰ তেজ খোৱা। ই মৃত্যু আসন্ন হ'লেও এজন ব্যক্তিক জীয়াই ৰাখিব কিন্তু চিৰদিনৰ বাবে তেওঁ অভিশপ্ত হৈ থাকিব। যাদুকৰী গুণৰ অধিকাৰী হোৱাটোৱে এজনৰ দীৰ্ঘজীৱনত অৰিহণা যোগাব পাৰে। কিয়নো শৃংখলাটোত কেইবাটাও চৰিত্ৰ আছে যিবোৰ অস্বাভাৱিকভাৱে দীৰ্ঘম্যাদী (যেনে গ্ৰিচেল্ডা মাৰ্চবেংকচ, যি আলবাছ ডাম্বলডোৰৰ অ'.ডব্লিউ.এল পৰীক্ষাৰ সময়ত এজন ইনভিজিলেটৰ আছিল)। পঞ্চম গ্ৰন্থখনত প্ৰায় মুণ্ডহীন নিকৰ দ্বাৰা কোৱা হৈছে যে সকলো যাদুকৰী আৰু যাদুকৰৰ মৃত্যুৰ পিছত ভূত হোৱাৰ বিকল্প আছে। অৱশ্যে ইয়াক জীৱনৰ এক শেঁতা অনুকৰণ বুলি বৰ্ণনা কৰা হৈছে। স্নেইপে কৈছে যে এটা ভূত কেৱল "পৃথিৱীত এৰি থোৱা বিদেহী আত্মাৰ ছাপ।" মৃত্যুৰ বিষয়ে ৰহস্য বিভাগত এটা ৰহস্যময় আৱৰণ থকা কোঠাত অধ্যয়ন কৰা হয়। ইয়াক ৰাউলিঙে জীৱন আৰু মৃত্যুৰ মাজৰ বিভাজন বুলি বৰ্ণনা কৰিছে। আৱৰণৰ আনফালে কি আছে সেই সন্দৰ্ভত তেওঁ এইদৰে কৈছিল: "মই বিশ্বাস কৰোঁ নেকি যে আপুনি আগবাঢ়ি যাওক? হয়, মই বিশ্বাস কৰোঁ আপুনি আগবাঢ়ি যাওক। মই পৰৱৰ্তী জীৱনত বিশ্বাস কৰোঁ, যদিও মই সম্পূৰ্ণৰূপে সন্দেহত আক্ৰান্ত আৰু সদায়েই হৈ আহিছোঁ কিন্তু আপুনি তাতেই আছে।" [10] অৰ্ডাৰ অফ দ্য ফিনিক্সত বেলাট্ৰিস্কৰ অভিশাপত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত চিৰিয়াছ ব্লেক এই আৱৰণৰ মাজেৰে সোমাই পৰে। গেম্পৰ মৌলিক ৰূপান্তৰৰ সূত্ৰৰ ব্যতিক্ৰমগেম্পৰ মৌলিক ৰূপান্তৰৰ সূত্ৰৰ মুখ্য ব্যতিক্ৰম হৈছে এক যাদুকৰী তত্ত্ব। হাৰমাইনিয়ে ইয়াক প্ৰথম উল্লেখ কৰিছিল আৰু পিছত ৰনে অন্তিম গ্ৰন্থখনত ইয়াৰ পুনৰাবৃত্তি কৰিছে। তেওঁ বৰ্ণনা কৰিছে যে যাদুকৰী বা যাদুকৰসকলে যাদু ব্যৱহাৰ কৰি খাদ্য ৰান্ধিব আৰু প্ৰস্তুত কৰিব পাৰে আৰু আনকি ইয়াক বহুগুণে বৃদ্ধি কৰিব পাৰে, কিন্তু শূন্যৰপৰা ইয়াক সৃষ্টি কৰিব নোৱাৰে। শৃংখলাটোত খাদ্যৰ এনে বহুতো উদাহৰণ আছে যিবোৰ একোৰে পৰা উদ্ভৱ হোৱা দেখা নাযায়, যেনে মলি ৱিজলীৰ পাকঘৰৰ পাত্ৰত হঠাতে খাদ্য সামগ্ৰী আৱিৰ্ভাব হয় আৰু প্ৰফেচাৰ মেকগোনাগালে চেম্বাৰ অফ চিক্ৰেটছত হেৰী আৰু ৰনৰ বাবে এক স্বয়ম্ভূভাৱে পূৰ হৈ পৰা চেণ্ডউইচৰ প্লেটৰ সৃষ্টি কৰে। সকলো ক্ষেত্ৰতে এই ঘটনাবোৰ যুক্তিসঙ্গতভাৱে বৰ্ণনা কৰিব পাৰি। এই ক্ষেত্ৰত খাদ্য হয়তো বহুগুণ কৰা হয় বা আন ঠাইৰ পৰা পৰিবহণ কৰা হয়। পৰিবহণৰ এটা উদাহৰণ হ'ল হগৱাৰ্টছত খোৱা খাদ্যসমূহ। ইয়াক ৰান্ধনীশালত থকা এল্ভবোৰে প্ৰস্তুত কৰে আৰু মূল হলঘৰটোৰ প্ৰকৃত মেজকেইখনৰ পোনপটীয়াকৈ তলত থকা চাৰিখন প্ৰতিলিপি মেজত ৰাখে। খাদ্যখিনি তেতিয়া যাদুকৰীভাৱে প্ৰকৃত মেজকেইখনলৈ পৰিবহণ কৰা হয়। শৃংখলাটোত স্পষ্টভাৱে উল্লেখ কৰা এইটোৱেই একমাত্ৰ ব্যতিক্ৰম। অৱশ্যে ৰাউলিঙে নিজেই এবাৰ এটা সাক্ষাৎকাৰত কৈছিল যে ধন হৈছে এনে এক বস্তু যিটো কেৱল শূন্যৰ পৰা বাস্তৱায়িত হ'ব নোৱাৰে।[8]এনে হ’লে যাদুবিশ্বৰ অৰ্থনৈতিক ব্যৱস্থা গুৰুতৰভাৱে ত্ৰুটিপূৰ্ণ আৰু ব্যাহত হ'ব। যদিও ফিলোচফাৰ্ছ ষ্ট'নৰ সহায়ত ধাতুবিদ্যাৰে এই কাম কৰিব পাৰি, সেয়ে হ’লেও ইয়াক অতি বিৰল আৰু অনন্য বস্তু হিচাপে চিত্ৰিত কৰা হৈছে যাৰ গৰাকীয়ে ইয়াৰ শক্তি ব্যৱহাৰ নকৰে। আবেগআগতে উল্লেখ কৰাৰ দৰে কমবয়সীয়া অপ্ৰশিক্ষিত যাদুকৰসকলে আৱেগৰ উচ্চ শিখৰত থাকিলে অনিয়ন্ত্ৰিত যাদু আৰম্ভ কৰিব পাৰে। কিন্তু আৱেগে প্ৰশিক্ষিত যাদুকৰী-যাদুকৰ আৰু তেওঁলোকৰ যাদুকৰী সামৰ্থ্যকো প্ৰভাৱিত কৰে। উদাহৰণ স্বৰূপে, হাফ-ব্লাড প্ৰিন্সত, ৰেমাছ লুপিনে নিম্ফেডোৰা টংকছৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ আৰম্ভ কৰে তেতিয়াই ভগ্ন হৃদয়ৰ টংকছে অস্থায়ীভাৱে মেটামৰ্ফমাগাছ হিচাপে নিজৰ শক্তি হেৰুৱায়। তাইৰ হতাশা প্ৰতিফলিত কৰিবলৈ তাইৰ পেট্ৰনাছকৰ ৰূপ সলনি হয়। আন এটা উদাহৰণ হৈছে মেৰোপ গণ্ট, যি কেৱল দেউতাকৰ অত্যাচাৰৰ পৰা আঁতৰত যিকোনো যাদুকৰী ক্ষমতা প্ৰদৰ্শন কৰিছিল, কিন্তু তাৰ পিছত তেওঁৰ স্বামীয়ে তেওঁক এৰি দিয়াৰ পিছত এই ক্ষমতা পুনৰ হেৰুৱাইছিল। কেইবাটাও যাদুকৰী মন্ত্ৰৰ বাবে কিছুমান আৱেগৰ ব্যৱহাৰৰ প্ৰয়োজন হয়। উদাহৰণ স্বৰূপে, পেট্ৰনাছ মন্ত্ৰৰ বাবে প্ৰক্ষেপকাৰীগৰাকীয়ে এক সুখী স্মৃতিত মনোনিবেশ কৰিব লাগে। ইচ্ছাশক্তিৰ বল চৰম পৰিস্থিতিত যথেষ্ট সহায় কৰে। ইয়াৰ এটা উদাহৰণ হ'ল যেতিয়া চিৰিয়াছক ডিমেণ্টৰৰ চুম্বন প্ৰদান কৰাৰ দৰে বিপদ উপস্থিত হয় হেৰীয়ে এক ভৌত পেট্ৰনাছ প্ৰক্ষেপ কৰিবলৈ সক্ষম হয়। [HP3] আন এটা উদাহৰণ হৈছে ক্ৰুচিয়েটাছ অভিশাপ যি অপৰিসীম বেদনাৰ সৃষ্টি কৰে। বেলাট্ৰিস্ক লেষ্ট্ৰেঞ্জৰ সৈতে দ্বৈত যুদ্ধৰ সময়ত হেৰীয়ে আৱিষ্কাৰ কৰে যে এই নিষিদ্ধ ক’লা যাদুৰ কাৰ্যকৰী ব্যৱহাৰৰ বাবে অত্যাচাৰী আকাংক্ষাৰ প্ৰয়োজন। [HP5] প্ৰেমক (ইয়াৰ আটাইতকৈ বহল অৰ্থত) যাদুৰ এক বিশেষ শক্তিশালী ৰূপ হিচাপে দেখুওৱা হৈছে। ডাম্বলডোৰৰ মতে, প্ৰেম হৈছে এক "প্ৰকৃতিৰ শক্তিতকৈ মানুহৰ বুদ্ধিমত্তাতকৈ মৃত্যুতকৈ অধিক আশ্চৰ্যকৰ আৰু ভয়ংকৰ শক্তি।" [HP5] হেৰীৰ হৈ লিলিৰ স্বেচ্ছামূলক ত্যাগে তেওঁক শিশু হিচাপে ভলডেমৰ্টৰ পৰা ৰক্ষা কৰে আৰু হেৰীয়ে ডেথলী হেল’জৰ শেষত তেওঁৰ বন্ধুবৰ্গক বচাবলৈ একে ধৰণৰ ত্যাগ কৰে। [HP7] শৃংখলাটোৰ এটা নিৰ্দিষ্ট গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণীত প্ৰেমক "ডাৰ্ক লৰ্ডে নজনা শক্তি" বুলি বৰ্ণনা কৰা হৈছে। [HP5] প্ৰকৃত প্ৰেম যাদুকৰীভাৱে সৃষ্টি কৰাটো অসম্ভৱ; এমৰ্টেণ্টিয়া নামৰ এক প্ৰেমৰ ৰসায়নে কেৱল মোহ আৰু আবেশৰ এক শক্তিশালী অনুভূতি সৃষ্টি কৰিব পাৰে। যাদুকৰী ক্ষমতাসমূহএনিমেগিএনিমেগাছ বা এনিমেগি হৈছে এগৰাকী যাদুকৰী বা যাদুকৰ যি ইচ্ছামতে এক নিৰ্দিষ্ট জন্তু বা যাদুকৰী প্ৰাণীলৈ ৰূপান্তৰিত হ'ব পাৰে। এই ক্ষমতা জন্মগত নহয়: ইয়াক যাদুকৰী উপায়েৰে আহৰণ কৰিব লাগিব। সকলো এনিমেগিয়ে আইন অনুসৰি কেন্দ্ৰীয় কৰ্তৃপক্ষত পঞ্জীয়ন কৰিব লাগে যদিও শৃংখলাটোত বিভিন্ন সময়ত কেইবাটাও চৰিত্ৰ অবৈধভাৱে পঞ্জীয়ন নকৰা বুলি প্ৰকাশ পাইছে। এইকেইটা হৈছে জেমছ পটাৰ, চিৰিয়াছ ব্লেক, পিটাৰ পেটিগ্ৰু আৰু ৰীতা স্কীটাৰ। মিনাৰ্ভা মেকগোনাগল এগৰাকী মন্ত্ৰালয় পঞ্জীভুক্ত এনিমাগাছ আৰু তেওঁৰ জন্তুৰূপ হৈছে এক প্ৰকাৰৰ মেকুৰী। এনিমেগি ৰূপান্তৰ যাদুদণ্ডৰ অবিহনে কৰিব পাৰি। চিৰিয়াছ আৰু পিটাৰক ১০ বছৰতকৈও অধিক সময় ধৰি যাদুদণ্ডহীন কৰি ৰখা হয়। কিন্তু দুয়োজনে কোনো স্পষ্ট কুপ্ৰভাৱ নোহোৱাকৈ এনিমেগাছৰ সামৰ্থ্য বজাই ৰাখে। যেতিয়া এনিমেগিয়ে ৰূপ পৰিৱৰ্তন কৰে তেতিয়া তেওঁলোকে সাধাৰণ জন্তু এটাৰ চেহেৰা গ্ৰহণ কৰে যদিও ইয়াৰ সকলো বৈশিষ্ট্য গ্ৰহণ নকৰে। হেৰী পটাৰ এণ্ড দ্য প্ৰিজনাৰ অফ আজকাবানত এই কথা উল্লেখ কৰা হৈছে যে ৰনৰ পোহনীয়া নিগনি স্কেবাৰ্ছে (পিছত পিটাৰ পেটিগ্ৰুৰ এনিমেগাছ ৰূপ বুলি পোহৰলৈ আহে) নিগনি হিচাপে তিনি বছৰমানহে জীয়াই থাকিব লাগে যদিও বাৰ বছৰতকৈও অধিক সময় জীয়াই আছিল। লগতে প্ৰাণীৰ ৰূপত এনিমেগাছে মানুহৰ দৰে চিন্তা কৰাৰ সামৰ্থ্য বজাই ৰাখে। ই হৈছে এনিমেগাছ হোৱা আৰু সাধাৰণভাৱে জন্তুলৈ ৰূপান্তৰিত হোৱাৰ মাজত মুখ্য পাৰ্থক্য। এই সামৰ্থ্য অবিহনে তেওঁলোকে পাহৰি যাব যে তেওঁলোক এজন যাদুকৰ আৰু আন যাদুকৰৰ দ্বাৰা পিছলৈ প্ৰতি-ৰূপান্তৰ নকৰিলে অজ্ঞাতভাৱে জন্তুৰ ৰূপত আৱদ্ধ হৈ থাকিব। এনিমেগাছৰ মানৱ ৰূপৰ বিশেষত্ববোৰে প্ৰাণীৰ ৰূপটোতো নিজকে প্ৰকাশ কৰিব পাৰে। উদাহৰণস্বৰূপে, মেকগোনাগল আৰু ৰীতা স্কিটাৰৰ চকুৰ চাৰিওফালে তেওঁলোকৰ চশমাৰ দৰে চিহ্ন আছে। আনহাতে পেটিগ্ৰুৰ নিগনি ৰূপতো মানৱ ৰূপৰ দৰে সন্মুখৰ ভৰিৰ আঙুলি এটা নাই। পঞ্জীয়ন কৰাৰ সময়ত এনিমেগাছে তেওঁলোকৰ জন্তু ৰূপটোৰ সকলো নিৰ্ধাৰিত শাৰীৰিক বৈশিষ্ট্য লিপিবদ্ধ কৰিব লাগে যাতে মন্ত্ৰালয়ে সেইবোৰ চিনাক্ত কৰিব পাৰে। প্ৰত্যেক এনিমেগাছৰ এক নিৰ্দিষ্ট প্ৰাণীৰ ৰূপ থাকে আৰু ইয়াৰ বাহিৰে তেওঁলোক আন কোনো প্ৰাণীলৈ ৰূপান্তৰিত হ'ব নোৱাৰে। এই জন্তুটো বাছনি কৰিব নোৱাৰি আৰু ই সেই ব্যক্তিজনৰ ব্যক্তিত্বৰ সৈতে খাপখোৱা ৰূপ লয়। বেছিভাগ ক্ষেত্ৰত এনিমেগাছ ব্যক্তিজনৰ পেট্ৰনাছ চাৰ্মত ব্যৱহৃত জন্তুৰ ৰূপো একেই।[11] মেটামৰ্ফমেগিমেটামৰ্ফমেগাছ এনে যাদুকৰী বা যাদুকৰ যি ইচ্ছা অনুসৰি তেওঁলোকৰ আংশিক বা সম্পূৰ্ণ চেহেৰা সলনি কৰাৰ সহজাত ক্ষমতাৰ সৈতে জন্ম হয়। এই প্ৰতিভা আহৰণ কৰিব নোৱাৰি। ই কেৱল জন্মগত। নিম্ফেডোৰা টংকছ আৰু তেওঁৰ পুত্ৰ টেডি লুপিন বৰ্তমান শৃংখলাটোৰ একমাত্ৰ জনাজাত মেটামৰ্ফমেগি। ই এক অতি বিৰল সামৰ্থ্য আৰু সম্ভৱতঃ বংশগত। টংকছে তেওঁৰ মেজাজ অনুসৰি চুলিৰ ৰং আৰু সজ্জা সলনি কৰে বুলি জনা যায়। তেওঁ আনকি কেতিয়াবা এগৰাকী বৃদ্ধা হিচাপেও দেখা দিয়ে। তেওঁ নিজৰ নাকৰ ৰূপো সলনি কৰিব পাৰে। টংকছৰ পুত্ৰ টেডি লুপিনেও এই বিশেষত্বটো উত্তৰাধিকাৰী হিচাপে পাইছিল। তেওঁৰ চুলিৰ ৰং বাৰে বাৰে সলনি হোৱা বুলি উল্লেখ কৰা হৈছে। এই ৰূপ সলনি কৰা ক্ষমতাৰ পৰিমাণ আৰু ইয়াৰ পৰিসীমা সম্পূৰ্ণৰূপে স্পষ্ট নহয়। ৰাউলিঙৰ মতে, মেটামৰ্ফমেগাছে তেওঁৰ চেহেৰা কৃষ্ণাংগৰ পৰা শ্বেতাংগলৈ, যুৱকৰ পৰা বৃদ্ধলৈ, সুন্দৰৰ পৰা সৰল আদিলৈ সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে।[12][13] মেটামৰ্ফমেগাছৰ আৱেগিক অৱস্থাই তেওঁলোকৰ সামৰ্থ্যক প্ৰভাৱিত কৰিব পাৰে। ক'লা যাদুক'লা যাদু বা ডাৰ্ক আৰ্ট হৈছে একপ্ৰকাৰৰ যাদুমন্ত্ৰ আৰু অনুশীলন যাক সাধাৰণতে ক্ষতিকাৰক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হয়। ক'লা যাদুৰ অনুশীলনকাৰীসকলক ক'লা যাদুকৰ বা যাদুকৰী বুলি কোৱা হয়। তেওঁলোকৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হৈছে ভলডেমৰ্ট যাক ডাৰ্ক লৰ্ড নামেৰে জনা যায়। ডেথ ইটাৰ নামেৰে জনাজাত তেওঁৰ অনুগামীসকলে তেওঁক অনুসৰণ কৰোঁতে ক'লা যাদুৰ অনুশীলন কৰে। ক'লা যাদুৰ বিশেষত্ব থকা মন্ত্ৰৰ প্ৰকাৰক অভিশাপ বুলি কোৱা হয়[14] আৰু সাধাৰণতে লক্ষ্যবস্তুৰ ক্ষতি সাধন কৰে। কিছুমান পৰিস্থিতিত এক নিৰ্দিষ্ট পৰিমাণলৈকে ক'লা যাদু যুক্তিসঙ্গত। প্ৰক্ষেপকাৰীৰ অনুপ্ৰেৰণা বা মনোভাৱে অভিশাপৰ ফলাফলক প্ৰভাৱিত কৰে। ক্ৰুচিয়েটাছ অভিশাপৰ ক্ষেত্ৰত ই আটাইতকৈ উল্লেখযোগ্য। যেতিয়া হেৰীয়ে নিজৰ বেলাট্ৰিস্কৰ হাতত তেওঁৰ পালিত পিতৃৰ মৃত্যুত ক্ৰোধান্বিত হয় আৰু তেওঁক শাস্তি দিবলৈ বিচাৰে তেতিয়া ই ক্ষণিকৰ বাবে বেদনাৰ সৃষ্টি কৰে। বেলাট্ৰিস্কে নিজেই মন্তব্য কৰাৰ দৰে সাধাৰণ ক্ৰোধে মন্ত্ৰটোক দীৰ্ঘ সময়লৈ কাম কৰিবলৈ নিদিয়ে। যেতিয়া ভলডেমৰ্টৰ দৰে ব্যক্তিত্বৰ দ্বাৰা ইয়াক প্ৰক্ষেপ কৰা হয় যি নিজৰ স্বাৰ্থতে বেদনা দিব বিচাৰে, তেতিয়া ই তীব্ৰ যন্ত্ৰণাৰ সৃষ্টি কৰে আৰু ই ক'লা যাদুকৰী বা যাদুকৰে বিচৰা সময়লৈকে বৰ্তি থাকিব পাৰে। ক'লা যাদুৰ ব্যৱহাৰে আত্মা আৰু শৰীৰক কলুষিত কৰিব পাৰে। ভলডেমৰ্টে নিজৰ জীৱন দীৰ্ঘস্থায়ী কৰিবলৈ আৰু শক্তিৰ অন্বেষণত এনে যাদু ব্যৱহাৰ কৰিছে। ক'লা যাদুৰ ফলত ভলডেমৰ্টক বিকৃত আৰু অমানৱীয় যেন লাগে। এয়া হৈছে তেওঁ নিজৰ আত্মাক হ'ৰক্ৰাক্সত বিভক্ত কৰাৰ এক পাৰ্শ্বক্ৰিয়া। স্নেইপৰ মতে, ক'লা যাদুসমূহ "বহুতো, বিভিন্ন, সদায় পৰিৱৰ্তনশীল আৰু চিৰন্তন... অস্থিৰ, পৰিৱৰ্তনশীল, অবিনাশী।" [15] যাদুকৰী দ্বৈত যুদ্ধত বহুসংখ্যক এনে মন্ত্ৰ আছে যাক বেদনা বা স্থায়ী ক্ষতি নকৰাকৈ প্ৰতিদ্বন্দ্বীক আক্ৰমণ, নিষ্ক্ৰিয় বা নীৰস্ত্ৰ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব পাৰে। অৱশ্যে, ক্ৰুচিয়েটাছ অভিশাপ বা ছেক্টামচেম্প্ৰাৰ দৰে মন্ত্ৰক নিৰ্ভৰযোগ্য কৰ্তৃপক্ষৰ দ্বাৰা ক'লা যাদু বুলি বিচাৰ কৰা হয়। ক'লা যাদুৰ মন্ত্ৰবোৰক তিনিটা গোটত শ্ৰেণীবদ্ধ কৰিব পাৰি: জিংকচ, হেক্স আৰু অভিশাপ। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia