যশৱন্ত গড়, অৰুণাচল প্ৰদেশযশৱন্ত গড় বা যশৱন্ত গড় ৱাৰ মেম’ৰিয়েল হৈছে অৰুণাচল প্ৰদেশৰ ছেলা পাছত নিৰ্মিত এটি যুদ্ধ স্মাৰক। এই স্মাৰকটো ভাৰত-চীন যুদ্ধৰ সময়ত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ ৰাইফলমেন যশৱন্ত সিং ৰাৱতৰ সন্মানাৰ্থে নিৰ্মাণ কৰা হৈছে। [1] যশৱন্ত সিং ৰাৱত ভাৰতীয় সৈন্য বাহিনীৰ গাড়োৱাল ৰাইফলছৰ এজন সৈনিক আছিল যাক অৰুণাচল প্ৰদেশ, ভাৰতৰ নুৰানাঙত চীন-ভাৰত যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা বীৰত্বৰ বাবে মৰণোত্তৰভাৱে সন্মানীয় মহা বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।[2]‘যশৱন্ত গড়’ বা ‘যশৱন্ত গড় ৱাৰ মেম’ৰিয়েল’ অৰুণাচল প্ৰদেশৰ ছেলা পাছত অৱস্থিত এক বিখ্যাত পৰ্যটনস্থলী আৰু গোটেই বছৰ জুৰি বিভিন্ন ঠাইৰপৰা অলেখ ভ্ৰমণকাৰী এই ঠাইডোখৰ চাবলৈ আহে। যশৱন্ত সিঙে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰা বিছনা পত্ৰ, কাপোৰ, অস্ত্ৰ, টেলিফোন আদি ইয়াত সংৰক্ষণ কৰা হৈছে। জনশ্ৰুতি মতে, যশৱন্ত সিং ৰাৱতে চীনা সৈন্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত ছেলা নামৰ এগৰাকী পাহাৰীয়া গাভৰুৱে যশৱন্ত সিঙক বহুদূৰ বাটকুৰি বাই আহি খাদ্য আৰু পানীৰ যোগান ধৰিছিল আৰু যুঁজিবলৈ প্ৰেৰণা দিছিল। যুদ্ধত যশৱন্ত সিঙৰ মৃত্যু হয় আৰু তেওঁৰ মৃত্যুৰ কথা শুনি ছেলাই আত্মহত্যা কৰে।[3] পাছটো ৪১৭০ মিটাৰ (১৩,৭০০ ফুট) ওখ[4][5] দুয়োজনৰ মৃত্যুৰ পিছত যি ঠাইৰ পৰা যশৱন্ত সিঙে চীনা সৈন্যৰ বিৰুদ্ধে যুঁজিছিল সেই গড়টো ‘যশৱন্ত গড়’ আৰু যি ৰাস্তাৰে ছেলা অহা-যোৱা কৰিছিল সেই ৰাস্তা ছেলা পাছ নামে বিখ্যাত হৈ পৰে। লগতে চাওঁক
তথ্যসূত্ৰ
তথ্যসূত্ৰ |
Portal di Ensiklopedia Dunia