মৃণালিনী দেৱী
মৃণালিনী দেৱী (১ মাৰ্চ ১৮৭৪[1][2] – ২৩ নৱেম্বৰ ১৯০২[3]) আছিল এগৰাকী অনুবাদক আৰু ন'বেল বঁটা বিজয়ী কবি, দাৰ্শনিক, লেখক আৰু সংগীতজ্ঞ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পত্নী। ব্ৰিটিশ ভাৰতৰ বেংগল উপনিৱেশৰ জেছৰ জিলাত তেওঁৰ জন্ম হৈছিল য'ত তেওঁৰ দেউতাকে টেগোৰ ইষ্টেটত কাম কৰিছিল।[4] ১৮৮৩ চনত, ন বা এঘাৰ বছৰ বয়সত, তেওঁ ঠাকুৰক বিয়া কৰায়। প্ৰাৰম্ভিক জীৱনমৃণালিনী দেৱীৰ জন্ম ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিৰ জেছৰ জিলাৰ ফুলতলা গাঁৱত বেনিমাধৱ ৰয় চৌধুৰী আৰু দাক্ষয়নীৰ ঘৰত হৈছিল (বৰ্তমানৰ বাংলাদেশ)। তেওঁৰ জন্মৰ সঠিক তাৰিখ জনা নাযায়। এগৰাকী জীৱনীকাৰৰ এটা লেখা অনুসৰি, ১৮৭৪ চনৰ ১ মাৰ্চ তাৰিখে তেওঁৰ জন্ম হৈছে।[5] আন এগৰাকীয়ে তেওঁৰ জন্ম ১৮৭২ত হোৱা বুলি কৈছে।[1] বিয়াৰ পূৰ্বে মৃণালিনী দেৱীক ভবাতাৰিণী নামেৰে জনা গৈছিল। অৱশ্যে, এইটো তেওঁৰ আনুষ্ঠানিক নাম নে উপনাম আছিল সেয়া অজ্ঞাত। তেওঁ স্থানীয় গাঁৱৰ বিদ্যালয়ত দ্বিতীয় শ্ৰেণীলৈকে পঢ়িছিল।[5] তেওঁৰ দেউতাকে টেগোৰ ইষ্টেটত কাম কৰিছিল ৰবীন্দ্ৰনাথৰ সৈতে বিবাহদৰাৰ পৰিয়ালৰ সদস্যসকলে কইনাক চাবলৈ অহা পকা দেখা অনুষ্ঠানটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ জ্যোতিৰিন্দ্ৰনাথ ঠাকুৰ, তেওঁৰ ভগ্নী জ্ঞানদানন্দিনী দেৱী আৰু কদমবাৰী দেৱী আৰু ৰবীন্দ্ৰনাথৰ ভতিজা সুৰেন্দ্ৰনাথ ঠাকুৰে পৰিৱেশন কৰিছিল। যদিও জনা যায় যে ৰবীন্দ্ৰনাথে তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে জেছৰৰ পৰা মৃণালিনী দেৱীৰ ঘৰলৈ গৈছিল, তেওঁ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল নে নাই জনা নাযায়।[5][6] কইনাৰ ঘৰত অনুষ্ঠিত হোৱা পৰম্পৰাগত বিবাহৰ বিপৰীতে, মৃণালিনী দেৱীয়ে ৰবীন্দ্ৰনাথৰ পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰৰ ইচ্ছাত কলিকতাৰ জোৰাসাঁকো ঠাকুৰ বাৰীৰ মহৰ্ষি ভৱনত ৰবীন্দ্ৰনাথ ঠাকুৰক বিয়া কৰায়। বিয়াখন ব্ৰহ্ম সমাজৰ ৰীতি-নীতি অনুসৰি হৈছিল। বিবাহৰ সময়ত তেওঁৰ বয়স আছিল ৯ বছৰ আৰু ঠাকুৰৰ বয়স বাইশ বছৰ আছিল। তেওঁলোকে ২৪ আঘোণ ১২৯০ ত বঙালী বৰ্ষপঞ্জীত বিবাহ পাশত আৱদ্ধ হৈছিল যিটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জীত প্ৰায় ৯ ডিচেম্বৰ ১৮৮৩।[5][4] তেওঁৰ বিয়াৰ পিছত, ৰবীন্দ্ৰনাথে তেওঁক "মৃণালিনী" নাম দিছিল। ঠাকুৰৰ জীৱনীকাৰসকলে ধাৰণা কৰে যে নামটো "নলিনী"ৰ সৈতে ৰজিতা খোৱাকৈ ৰখা হৈছিল যিটো তেওঁ পূৰ্বৰ প্ৰেমাস্পদ অন্নপূৰ্ণা তুৰ্খাদক (অতমৰাম পাণ্ডুৰাঙৰ কন্যা) মৰমেৰে দান কৰিছিল।[5][4][7] মৃণালিনী দেৱীক বিয়াৰ ঠিক পিছতে ঘৰুৱা কাম কৰিবলৈ বাধ্য কৰা হোৱা নাছিল। দেৱেন্দ্ৰনাথে তেওঁক আৰু হেমেন্দ্ৰনাথ ঠাকুৰৰ পত্নী ক্ষীণতনুক ইংৰাজী শিকোৱাৰ বাবে লৰেটো হাউচ স্কুলত ভৰ্তি কৰিছিল। তেওঁ তেওঁলোকক কিতাপ, শ্লেট আৰু স্কুলৰ ইউনিফৰ্মও কিনিছিল। এবছৰ বিদ্যালয়ত পঢ়াৰ পিছত ৰবীন্দ্ৰনাথে পণ্ডিত হেৰামচন্দ্ৰ বিদ্যৰত্ন নামৰ এগৰাকী গৃহ শিক্ষকক সংস্কৃত শিকোৱাৰ বাবে নিযুক্ত কৰে। তেওঁৰ ডাঙৰ ভায়েক বীৰেন্দ্ৰনাথৰ পুত্ৰ বলেন্দ্ৰনাথে তেওঁক ইংৰাজী, বঙালী আৰু সংস্কৃত সাহিত্য শিকাইছিল। মাৰ্ক টোৱেইন তেওঁৰ প্ৰিয় লেখক হৈছিল।[5] তেওঁৰ সৰু ছোৱালী মীৰাৰ ডায়েৰী অনুসৰি, এটা ঘটনা এনেদৰে উল্লেখ কৰা হৈছে:
মৃণালিনি দেৱীয়ে মহাভাৰতৰ শান্তি পৰ্ব আৰু কথা উপনিষদ অনুবাদ কৰিছিল। কথা উপনিষদ বৰ্তমান বিশ্ব-ভাৰতী বিশ্ববিদ্যালয়ত ৰখা হৈছে। ইয়াৰ উপৰিও, তেওঁ ঠাকুৰ বাৰীত অনুষ্ঠিত হোৱা নাটকসমূহতো অংশগ্ৰহণ কৰিছিল। ৰাজা অ ৰাণীৰ প্ৰথম নাটকীয়তাত, তেওঁ নাৰায়ণীৰ চৰিত্ৰত অভিনয় কৰিছিল।[5] ১৯০২ চনত ৰবীন্দ্ৰনাথে শান্তিনিকেতনৰ এখন বিদ্যালয় ব্ৰহ্মচৰ্য আশ্ৰম স্থাপন কৰে। মৃণালিনি দেৱীয়ে এই বিদ্যালয়খনক পুঁজি যোগান ধৰিবলৈ তেওঁৰ বিবাহৰ বেছিভাগ গহনা বিক্ৰী কৰিছিল।[5][8] সন্তান১৮৮৬ চনৰ ২৫ অক্টোবৰত মৃণালিনী দেৱীয়ে তেওঁৰ প্ৰথম সন্তান, মাধুৰীলতা(উপনাম বেলা) নামৰ এজনী কন্যা জন্ম দিয়ে।[5] ১৮৮৮ চনত তেওঁ ৰথিন্দ্ৰনাথ নামৰ পুত্ৰ সন্তান জন্ম দিয়ে। ১৮৯১ চনত তেওঁ ৰেণুকা নামৰ এগৰাকী কন্যা সন্তান জন্ম দিয়ে আৰু তিনি বছৰৰ পিছত তেওঁ মীৰা নামৰ আন এগৰাকী কন্যাসন্তানৰ মাতৃ হয়। 1896 চনত তেওঁৰ কনিষ্ঠ সন্তান শমিন্দ্ৰনাথৰ জন্ম হৈছিল। ১৯০১ চনৰ ১৫ জুনত বেলাৰ বিবাহ কাৰ্য সম্পন্ন হয় আৰু ৯ আগষ্টত তেওঁ ৰেণুকা সতীন্দ্ৰনাথ ভট্টাচাৰ্যৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়।[5] মৃত্যু১৯০২ চনৰ মাজভাগত মৃণালিনি দেৱী গুৰুতৰভাৱে অসুস্থ হৈ পৰে। পৰৱৰ্তী সময়ত, তেওঁ আৰু ৰবীন্দ্ৰনাথ শান্তিনিকেতনৰ পৰা ১২ ছেপ্টেম্বৰত কলিকতালৈ স্থানান্তৰিত হয়। চিকিৎসকসকলে তেওঁৰ ৰোগ নিৰ্ণয় কৰাত ব্যৰ্থ হৈছিল। এজন হোমিঅ'পেথি চিকিৎসকক মাতি অনা হয় সেয়াও নিষ্ফল হয়। ২৩ নৱেম্বৰৰ নিশা, মৃণালিনি দেৱীৰ মৃত্যু হয়।[5] সামাজিক ছবিসমসাময়িক তথ্য অনুসৰি, মৃণালিনি দেৱী এগৰাকী মহান ব্যক্তিত্বৰ মহিলা আছিল।[5] তথ্য সংগ্ৰহ
|