মিৰি জীয়ৰী
"মিৰি জীয়ৰী" ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস।[1] মিচিংসকলক আগতে "মিৰি" বুলি উল্লেখ কৰা হৈছিল। এটা সৰল প্ৰেম কাহিনীক ভিত্তি কৰি লিখা এই উপন্যাসত সেই সময়ৰ মিচিং সমাজৰ কিছুমান পৰম্পৰা আৰু নীতি-নিয়মো বৰ্ণনা কৰা হৈছে।[2][3][4] কাহিনীৰ সাৰাংশমিচিং ডেকা-গাভৰু জঙ্কি আৰু পানেই এই কাহিনীৰ মূল চৰিত্ৰ। শৈশৱ কালৰ খেলাৰ লগৰী দুয়োজন ডাঙৰ হোৱাৰ পাছত প্ৰেমত পৰে আৰু বিয়া পাতিবলৈ মনস্থ কৰে। কিন্তু মাউৰা জঙ্কিক আওকাণ কৰি পানেইৰ মাক-দেউতাকে তাইৰ বিয়া গাঁৱৰে ডেকা কমুদৰ লগত ঠিক কৰে। ইতিমধ্যে জঙ্কি আন এখন গাঁৱত থাকিবলৈ লৈছিল। বিয়াৰ কথা গম পাই জঙ্কিয়ে পানেইক পলুৱাই নিয়ে আৰু হাবিত কিছুদিন কটায়। কিন্তু সিহঁতে ধৰা পৰে আৰু লক্ষীমপুৰৰ কাছাৰীত অপহৰণৰ গোচৰ দিয়া হয়। নিজৰ মাজতে মিট-মাট কৰিব বুলি সকলো ঘৰলৈ আহে। কিন্তু কিছুদিনৰ পাছত পানেইৰ মাক-দেউতাকে তাইক পুনৰ কমুদলৈ জোৰকৈ দিবলৈ সিদ্ধান্ত লয়। এই কথা শুনি পানেই ঘৰৰ পৰা পলায়। সোধ-পোচ কৰাত এইবাৰ জঙ্কিৰ লগত নোযোৱাটো প্ৰমাণ হয়। জঙ্কিয়ে পানেইক বিচাৰি ওলায়। বাটতে তাক পৰ্ব্বতীয়া গাছি মিৰিয়ে ধৰি সিহঁতৰ গাঁৱলৈ লৈ যায় আৰু চাকৰ খাটিবলৈ লগায়। অলপ দিন পাছত এই গাঁৱলৈকে পানেইক মিৰিবোৰে ধৰি আনে। দুইটাই এদিন ৰাতি পলাবলৈ চেষ্টা কৰোঁতে ধৰা পৰে। গাঁৱৰ বিচাৰত সিহঁতক চোৰ বুলি সিদ্ধান্ত দিয়ে আৰু সোৱণশিৰী নৈত পেলাই মৃত্যুদণ্ড বিহা হয়। পানেইৰ মাকে সিহঁতৰ মৃতদেহ দুটা নৈত উপঙি থকা পায় আৰু সকলোৱে নিজৰ কৰ্মৰ অনুতাপ কৰে। চৰিত্ৰসমূহ
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia