মালাবাৰ বিবাহ আইন, ১৮৯৬মালাবাৰ বিবাহ আইন, ১৮৯৬ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ চৰকাৰে ১৮৯১ চনৰ মালাবাৰ বিবাহ কমিচনৰ পৰামৰ্শ মৰ্মে প্ৰণয়ন কৰা এক আইন আছিল। এই আইনে মাদ্ৰাজ প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত মালাবাৰ জিলাৰ মৰুমাক্কাতায়ম বা মাতৃতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰা যিকোনো সম্প্ৰদায়ৰ লোক সকলৰ সম্বন্ধমক বিবাহৰ স্বীকৃতি প্ৰদান কৰে।[1] এই আইন নিষিদ্ধকৰণ আইন নাছিল। তাৰ পৰিৱৰ্তে এক সম্বন্ধৰ লগত জড়িত ব্যক্তিৰ সিদ্ধান্তক পঞ্জীভূক্ত কৰিবলৈ অনুমতিসূচক আইন আছিল।[2] ছাৰ চি. শংকৰণ নায়াৰে আৰম্ভ কৰা এই আইন মূলতঃ ব্যৰ্থ আছিল। পানিক্কৰে লক্ষ্য কৰিছিল যে এই আইন প্ৰৱৰ্তনৰ ২০ বছৰ পিছতো কেৱল ছয়টা সম্পৰ্ক সেই আইনৰ অধীনত পঞ্জীভূক্ত হৈছিল। ইয়াৰো গোটেইকেইটা সম্পৰ্ক নায়াৰৰ পৰিয়ালৰ সদস্য জড়িত আছিল।[1] সম্বন্ধম আৰু মৰুমাক্কাতায়মসম্বন্ধম নায়াৰ সম্প্ৰদায়ৰ দ্বাৰা অনুশীলন কৰা সম্পৰ্কৰ এক ধৰণ। নৃতত্ত্ববিদ ক্ৰিছ ফুলাৰৰ মতে, "নায়াৰ সকলৰ বিবাহ পদ্ধতিয়ে তেওঁলোকক তেওঁলোকৰ নৃতাত্ত্বিক বৃত্তৰ সকলো সম্প্ৰদায়ৰ মাজত সবাতোকৈ বিখ্যাত কৰিছে"।[3] থমাছ নছিটাৰৰ মতে, তেওঁলোকৰ সমাজত প্ৰাক-বয়ঃসন্ধিৰ সময়ত প্ৰচলিত প্ৰাক-বয়ঃসন্ধিতে থালিকেট্টু কল্যাণম অনুষ্ঠান আৰু সমান পৰিয়াল অথবা উচ্চ শ্ৰেণী বা জাতিৰ মাজৰ বিবাহ আৰু একধৰণৰ উভয়ে অনুমোদিত বহুপতি প্ৰথা, "আদি ইমান শিথিল ভাবে সংগঠিত ব্যৱস্থা আছিল যে তেওঁলোকৰ মাজত 'বিবাহ'ৰ অস্তিত্ব বিষয়ে সন্দেহ হয়।"[4] তেওঁলোকৰ সমাজত পুৰুষ আৰু মহিলা উভয়ৰে বিভিন্ন সংগী থাকিব পাৰে। তেওঁলোকে উভয়ে সম্পৰ্ক ভাঙি ওলাই যাব পাৰে আৰু সামান্য চেষ্টাতেই অন্য সংগী পাব পাৰে।[5] সম্বন্ধম ব্ৰিটিছ ঔপনিবেশিক চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত নাছিল। তেওঁলোকৰ মতে ই আচলতে বিবাহিতা নোহোৱাকৈ স্ত্ৰীৰূপে ব্যৱহৃত হোৱা এক প্ৰথা। অসামৰিক কোৰ্টে এই বিষয়ত তেওঁলোকৰ বিচাৰৰ আওঁতাৰ বাহিৰত বুলি গণ্য কৰিছিল। ইয়াৰ মুখ্য কাৰণ হল এনে সম্পৰ্কৰ গোচৰ উভয় পক্ষৰ দ্বাৰা সহজতে মীমাংসিত হয় আৰু ইয়াৰ লগত কোনো সম্পত্তিৰ অধিকাৰৰ কথা জড়িত নাথাকে।[2] এই অঞ্চলৰ মাটিৰ ওপৰত নাম্বুদিৰি ব্ৰাহ্মণ সকলৰ সম্পূৰ্ণ দখলত আছিল। তেওঁলোক অতি প্ৰভাৱশালী আছিল। এই সম্প্ৰদায়ৰ বাহিৰে আন মানুহৰ মতে নিম্ন সম্প্ৰদায়ৰ নায়াৰ মহিলা সকলৰ ওপৰত যৌন প্ৰৱেশাধিকাৰ লাভৰ বাবে নাম্বুদিৰি পুৰুষে এই প্ৰভাৱৰ অপব্যৱহাৰ কৰিছিল।[6] মৰুমাক্কাতায়ময়ো ঔপনিৱেশিক প্ৰশাসক সকলৰ এটি উদ্বেগৰ বিষয় আছিল। পৰিৱৰ্তনৰ বাবে আন্দোলনমৰুমাক্কাতায়মলৈ অসন্তুষ্টিৰ প্ৰকাশ ১৮৭০ আৰু ১৮৮০ৰ দশকৰ বাতৰি কাতৰৰ মুখ্য বিষয়ত স্থান পাইছিল। ঔপনিৱেশিক প্ৰশাসক উইলিয়াম লোগানে সেই সময়ৰ এক চৰকাৰী ৰিপোৰ্টত ইয়াৰ বিৰুদ্ধে কয়। ১৮৯০ চনত মাদ্ৰাজ বিধানসভাত এই প্ৰথাক বৈধতা প্ৰদানৰৰ উদ্দেশ্যে নায়াৰে এক বিধেয়ক অনাৰ চেষ্টা কৰাত এই বিষয় আকৌ গা কৰি উঠে। ইয়াৰ ফলত ১৮৯১ চনত চৰকাৰে মালাবাৰ বিবাহ কমিছন প্ৰতিষ্ঠা কৰে। মাতৃতান্ত্ৰিকতা প্ৰথাৰ তদন্তৰ উদ্দেশ্যত ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। পৰিয়াল আৰু উত্তৰাধিকাৰৰ মত ঐতিহ্যগত প্ৰথাৰ পৰিৱৰ্তনবোৰ কাৰ্যকৰী কৰাৰ বাবে আইনী ব্যৱস্থা কৰা উচিত নে অনুচিত এই বিষয়ে পৰামৰ্শ দিয়া ইয়াৰ অন্যতম উদ্দেশ্যে আছিল।[6] তথ্য উৎস
|
Portal di Ensiklopedia Dunia