মায়া এঞ্জেলো
মায়া এঞ্জেলো (ইংৰাজী: Maya Angelou; যুৱ অৱস্থাত ৰান্ধনী (fry cook), যৌন কৰ্মী, নাইট ক্লাবৰ নৰ্তকী, দক্ষিণ খ্ৰীষ্টান নেতৃত্ব সন্মিলন( চাউথ খ্ৰীষ্টিয়ান লিডাৰশ্বিপ কনফাৰেন্স)ৰ সমন্বয়ক তথা আফ্ৰিকা ঔপনিবেশিক শাসনৰপৰা মুক্ত হোৱাৰ সময়ত, ইজিপ্ত আৰু ঘানাত সংবাদদাতাৰ চাকৰিকে ধৰি বিভিন্ন বিচিত্ৰ চাকৰি কৰাৰ অভিজ্ঞতাৰ শেষত মায়া এঞ্জেলোৱে এগৰাকী কবি আৰু লেখক ৰূপে পৰিচিতি লভে। মায়া আছিল এগৰাকী অভিনেত্ৰী, লেখক, পৰিচালক আৰু লগতে নাটক, চলচ্চিত্ৰ আৰু দূৰদৰ্শন অনুষ্ঠানৰ প্ৰযোজক। ১৯৮২ চনত, তেওঁক নৰ্থ কেৰ’লিনাৰ উইনষ্টন-চালেমত অৱস্থিত, ৱেক ফৰেষ্ট বিশ্ববিদ্যালয়ৰ আমেৰিকান অধ্যয়ন বিষয়ৰ প্ৰথম ৰেনল্ডছ্ অধ্যাপক হিচাপে মনোনীত কৰা হয়। তেওঁ নাগৰিক অধিকাৰ আন্দোলনৰ সক্ৰিয় কৰ্মী আছিল আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ সৈতে কাম কৰিছিল। ১৯৯০ দশকৰ আৰম্ভণিতে, ম্যালকম এক্সে যেতিয়া এই আন্দোলন আৰম্ভ কৰে এঞ্জেলোৱে বছৰত প্ৰায় ৮০ টাকৈ বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল, যিটো তেওঁ আশীৰ দশকলৈকে অব্যাহত ৰাখিছিল। ১৯৯৩ চনত বিল ক্লিণ্টনৰ প্ৰথম অভিষেক অনুষ্ঠানত এঞ্জেলোৱে তেওঁৰ কবিতা "অন দ্য পালচ্ অৱ মৰ্ণিং" (১৯৯৩) আবৃত্তি কৰে; ১৯৬১ চনত জন এফ কেনেডিৰ অভিষেক অনুষ্ঠানত আবৃত্তি কলা প্ৰদৰ্শন কৰা ৰবাৰ্ট ফ্ৰষ্টৰ পিছতে মায়া প্ৰথমগৰাকী কবি, যি আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত উদ্বোধনী আবৃত্তি প্ৰদৰ্শন কৰিছিল। আই ন’ হোৱাই দ্য কেজড্ বাৰ্ড চিংছত এঞ্জেলোৱে তেওঁৰ ব্যক্তিগত জীৱনৰ বিভিন্ন দিশ আলোচনা কৰিছে। এঞ্জেলোক কৃষ্ণাঙ্গ লোক আৰু মহিলাসকলৰ প্ৰবক্তাৰ মৰ্যাদা দিয়া হৈছে, আৰু তেওঁৰ কামসমূহ কৃষ্ণাঙ্গ সংস্কৃতিৰ ৰক্ষা কৱচ ৰূপে বিবেচিত হৈছে। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ কিছু পুথিভঁৰালৰ পৰা এঞ্জেলোৰ কিতাপ নিষিদ্ধ কৰাৰ চেষ্টা কৰা হৈছে; তথাপি বিশ্বব্যাপী বহুতো বিদ্যালয় আৰু বিশ্ববিদ্যালয়ত এঞ্জেলোৰ কৰ্মৰ পাঠভিত্তিক অধ্যয়ন কৰা হয়। এঞ্জেলোৰ আটাইতকৈ প্ৰসিদ্ধ ৰচনাসমূহক তেওঁৰ আত্মজীৱনীমূলক কল্পকাহিনী বুলি নামাংকিত কৰা হৈছে, কিন্তু বহু সমালোচকে সেইবোৰক কেৱল আত্মজীৱনী বুলি গণ্য কৰে। সমালোচনা কৰা, পৰিৱৰ্তন আৰু প্ৰসাৰ কৰা- এই প্ৰতীতিৰে এঞ্জেলোৱে আত্মজীৱনী লিখাৰ প্ৰচলিত ধাৰণাক প্ৰত্যাহবান জনোৱাৰ এক ইচ্ছাকৃত প্ৰয়াস কৰিছিল। তেওঁৰ কিতাপসমূহ বৰ্ণবাদ, পৰিচয়, পৰিয়াল আৰু ভ্ৰমণকে ধৰি বিভিন্ন বিষয়বস্তুৰ ওপৰত কেন্দ্ৰীভুক্ত। তথ্যসূত্ৰ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia