মহেন্দ্ৰ মোহন চৌধুৰী
মহেন্দ্ৰ মোহন চৌধুৰীৰ (ইংৰাজী: Mahendra Mohan Choudhury) জন্ম ১৯০৯ চনত অসমৰ বৰ্তমান বৰপেটা জিলাৰ অৰ্ন্তগত নগাঁও নামৰ গাঁৱত। এল এল বি পাচ কৰি তেওঁ মহাত্মা গান্ধীৰ আহ্বানত ভাৰত ত্যাগ আন্দোলনৰ আগৰণুৱা হৈ পৰে। গোপীনাথ বৰদলৈৰ নেতৃত্বত অসমক গ্ৰুপিঙৰ পৰা ৰক্ষা কৰিবলৈ ১৯৪৬ চনৰ ১৫ ডিচেম্বৰত মহাত্মা গান্ধীক শ্ৰীৰামপুৰত লগ কৰি অসমক পূব পাকিস্তানৰ অঙ্গ নোহোৱাৰ বাবে যোৱা অসমৰ দুজনীয়া দলটোৰ এজন আছিল মহেন্দ্ৰ মোহন চৌধুৰী।[1] ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিচত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি ১৯৫৭ চনত তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হৈছিল। পিছত ১৯৭০ চনৰ পৰা ১৯৭২ চনলৈ অসমৰ চতুৰ্থজন মুখ্যমন্ত্ৰীৰূপে নিযুক্ত হয়। ইয়াৰ পিচত ১৯৭৩ চনৰ পৰা ১৯৭৭ চনলৈ তেখেতে পাঞ্জাবৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰে। এই সময়তে তেখতে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ কৰ্মৰাজি আন আন ৰাজ্যলৈ বিয়পাবলৈ বহু প্ৰচেষ্টা হাতত লয়। পাঞ্জাবৰ পাটীয়ালা বিশ্ববিদ্যালয়ৰ শঙ্কৰদেৱ আসন তাৰেই এটি উদাহৰণ৷[2] অসমত উন্নত পদ্ধতিত খেতি কৰোৱা আৰু অসমীয়া ভাষাৰ স্বীকৃতি পোৱাতো তেখেতৰ অৱদান উল্লেখযোগ্য। তথ্য সংগ্ৰহ
|