মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি (ছান ফ্ৰান্সিস্কো)
মহাত্মা গান্ধীৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি ১৯৮৮ চনত ছান ফ্ৰান্সিস্কোত ঝ্লাটকো পাউনভ আৰু ষ্টিভেন লোৱ নামৰ দুগৰাকী শিল্পীয়ে নিৰ্মাণ কৰিছিল। এই প্ৰতিমূৰ্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ চান ফ্ৰাঞ্চিস্কোৰ এমবাৰ্কাডেৰোৰ কাষত চান ফ্ৰাঞ্চিস্কো ফেৰী ভৱনৰ দক্ষিণ-পূবৰ প্লাজাত অৱস্থিত।[1] ৮ ফুট (২.৪ মিটাৰ) ওখ ভাস্কৰ্যটোৰ ভেটিত দুটা খলপৰ ওপৰত এখন ফলক আছে । এই প্ৰতিমূৰ্তি গান্ধী মেম'ৰিয়েল ইণ্টাৰনেচনেল ফাউণ্ডেচনৰ পৰা এটা উপহাৰ আছিল।[2] অভ্যৰ্থনা১৯৮৮ চনৰ ৩ অক্টোবৰত এই মূৰ্তিটো ছান ফ্ৰান্সিস্কোৰ মেয়ৰ আৰ্ট এগনোছৰ নামত উৎসৰ্গা কৰা হয়।১৯৯০ চনত হনোলুলুৰ কাপিওলানি পাৰ্কত এজোপা বেনিয়ান গছৰ তলত শিল্পী পাউনভ আৰু ল'ৱেৰ নিৰ্মিত একেধৰণৰ মূৰ্তি উন্মোচন কৰা হয়।[3] msnbc.com ৰ সাংবাদিক ক্ৰীছ ৰ'ডেলে লিখিছিল যে "বিখ্যাত নিৰামিষভোজী" গান্ধীৰ ভাস্কৰ্য্য সেই প্লাজাৰ বাবে উপযুক্ত, কাৰণ ই সাপ্তাহিক কৃষকৰ বজাৰৰ স্থান আছিল।[2] ২০১০ চনত ভাৰতীয় সংখ্যালঘুৰ ওপৰত অত্যাচাৰৰ প্ৰতিবাদত গঠন হোৱা "অৰ্গেনাইজেচন ফৰ মাইনৰিটিজ অৱ ইণ্ডিয়া" নামৰ এটা গোটে গান্ধী এজন বৰ্ণবাদী "হিংসাত্মক চিন্তাধাৰাক আশ্ৰয় দিয়া" লোক বুলি দাবী কৰি ভাস্কৰ্যটো আঁতৰোৱাৰ দাবী জনাইছিল। [4] ভাস্কৰ্যটো চুৰি আৰু ধ্বংসৰ বাবে এক জ্ঞাত লক্ষ্য;মূৰ্তিটোৰ চশমাটো কেইবাবাৰো চুৰি হৈছি, আৰু মূৰ্তিটোৰ একাংস কেইবাবাৰো ভাঙি পেলোৱাৰ বাতৰিও পোৱা গৈছে।[5][6]
তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia