মহম্মদ শ্বামি
মহম্মদ শ্বামি আহমেদ (জন্ম: ৩ ছেপ্টেম্বৰ ১৯৯০) এজন ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ আৰু তেওঁ ঘৰুৱা ক্ৰিকেটত বংগক প্ৰতিনিধিত্ব কৰে। তেওঁ এজন সোঁহতীয়া বেগী-মধ্যমবেগী ছুইং আৰু ছীম বলাৰ আৰু তেওঁ একেৰাহে ১৪০ কি.মি. প্ৰতি ঘণ্টা বেগত বলিং কৰিব পাৰে।[1][2][3] এজন 'ৰিভাৰ্ছ ছুইং বিশেষজ্ঞ' হিচাপেও তেওঁ জনাজাত।[4] ২০১৩ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ বিপক্ষে এদিনীয়াত আত্মপ্ৰকাশ কৰে আৰু সেইখন খেলত তেওঁ অভিলেখসংখ্যক চাৰি অ'ভাৰ মেইডেন কৰে। একে বছৰৰে নৱেম্বৰ মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট অভিষেকত তেওঁ ৫ উইকেট দখল কৰে। প্ৰাৰম্ভিক জীৱনশ্বামিৰ জন্ম হয় উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ চাহচপুৰ গাঁৱত। তেওঁৰ দেউতাক তৌচিফ আলি এজন খেতিয়ক আৰু ডেকা বয়সত তেৱোঁ এজন বেগী বলাৰ আছিল। শ্বামিৰ এগৰাকী ভগ্নী আৰু তিনিজন ককাই-ভাই আছে। গোটেইকেইজন ককাই-ভায়েই বেগী বলাৰ আশা পুহিছিল।[5] ২০০৫ চনত দেউতাকে শ্বামিৰ প্ৰতিভাৰ উমান পাই গাঁৱৰপৰা ২২ কি.মি. নিলগৰ মোৰাদাবাদত থকা এজন প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকিৰ ওচৰলৈ লৈ যায়। তাতে প্ৰশিক্ষণ লৈ থকা শ্বামিয়ে উত্তৰ প্ৰদেশ অনূৰ্ধ্ব-১৯ দলত স্থান নোপোৱাত ছিদ্দিকিয়ে তেওঁক কলকাতালৈ পঠায় আৰু তাতে তেওঁ 'ডেলহাউচি এথলেটিক ক্লাব'ত খেলিবলৈ লয় আৰু তাৰপৰাই তেওঁ লাহে লাহে বংগ অনূৰ্ধ্ব-২২ দলত স্থান পায়।[6] টেষ্টৰ এক ইনিংছত ৫ উইকেট
পুৰস্কাৰএদিনীয়া মেন অৱ দ্য মেচ
আৰু চাওকতথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia