মনোৰমা (অভিনেত্ৰী)
মনোৰমা (ইংৰাজী: Manorama; (১৬ আগষ্ট ১৯২৬ – ১৫ ফেব্ৰুৱাৰী ২০০৮) বলীউডৰ এগৰাকী চৰিত্ৰাভিনেত্ৰী আছিল যিয়ে সীতা ঔৰ গীতা (১৯৭২), এক ফুল দো মালি (১৯৬৯) আৰু দো কলিয়াঁ (১৯৬৮) আদি ছবিত কৌতুকপূৰ্ণ অত্যাচাৰী খুৰীয়েকৰ চৰিত্ৰত অভিনয় কৰি সুপৰিচিত হৈছিল। ১৯৩৬ চনত লাহোৰত বেবী আইৰিছ নামেৰে শিশু শিল্পী হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। ইয়াৰ পিছত ১৯৪১ চনত প্ৰাপ্তবয়স্ক অভিনেত্ৰী হিচাপে তেওঁৰ অভিষেক হয়। ২০০৫ চনত ৱাটাৰত সৰ্বোত্তম চৰিত্ৰত অভিনয় কৰে। তেওঁৰ কৰ্মজীৱন বিস্তৃতি ৬০ বছৰতকৈও অধিক। ১৬০ খনতকৈও অধিক ছবিত তেওঁ অভিনয় কৰিছিল।[1] ১৯৪০ চনৰ আৰম্ভণিতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰাৰ পিছত তেওঁ খলনায়িকা বা কৌতুক চৰিত্ৰত থিতাপি লয়। কিশোৰ কুমাৰ আৰু কিংবদন্তি মধুবালাৰ সৈতে অভিনয় কৰা হাফ টিকটৰ দৰে ছুপাৰহিট ছবিত তেওঁ কৌতুক অভিনয় কৰিছিল। দছ লাখ, ঝনক ঝনক পায়েল বাজে, মুঝে জিনে দো, মেহবুব কি মেহেন্দী, কাৰাভান, বম্বে টু গোৱা আৰু লাৱাৰীছ আদি ছবিত তেওঁ স্মৰণীয় অভিনয় কৰে।[1] জীৱনী১৯৪১ চনৰ পৰা মনোৰমা নামেৰে তেওঁ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ প্ৰকৃত নাম আছিল এৰিন আইজাক ডেনিয়েলছ। তেওঁ আছিল আইৰিছ মাতৃ আৰু ভাৰতীয় খ্ৰীষ্টিয়ান পিতৃৰ অৰ্দ্ধ আইৰিচ সন্তান। দেউতাক এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক আছিল। মাক আছিল এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় সংগীতৰ গায়িকা আৰু নৃত্যশিল্পী। মাকে ১৯৪০-ৰ দশকত লাহোৰত ৰেড ক্ৰছৰ বাবে মঞ্চ প্ৰদৰ্শনী কৰিছিল। ন বছৰ বয়সত লাহোৰত এখন স্কুলৰ কনচাৰ্টত চলচ্চিত্ৰ পৰিচালক ৰূপ কে. শোৰীয়ে তেওঁক দেখা পাইছিল। খাজাঞ্চি (১৯৪১) ছবিত শিশু শিল্পী হিচাপে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। শোৰীয়ে পৰ্দাত তেওঁৰ নাম মনোৰামা দিছিল। সোনকালেই তেওঁ এগৰাকী সফল আৰু লাহোৰৰ আটাইতকৈ উচ্চ পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী ৰূপে নিজক প্ৰতিষ্ঠা কৰে। ভাৰত বিভাজনৰ পিছত তেওঁ মুম্বাইলৈ স্থানান্তৰিত হয়। অভিনেতা চন্দ্ৰমোহনে তেওঁক প্ৰযোজকসকলৰ সৈতে চিনাকী কৰাই দিছিল। যদিও তেওঁ ছুপাৰহিট পাঞ্জাবী ছবি লাচ্চিত নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল, তথাপিও ঘৰ কি ইজ্জত (১৯৪৮) ছবিখনত তেওঁ দিলীপ কুমাৰৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰে। অভিনেতা ৰাজন হাক্সাৰৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত তেওঁক চৰিত্ৰাভিনয়ৰ বাবে বাচনি কৰিব লোৱা হয়। তেওঁ খলনায়িকা আৰু কৌতুক চৰিত্ৰতো অভিনয় কৰিবলৈ লয়। বিয়াৰ বছৰচেৰেক পিছত তেওঁৰ বিবাহ বিচ্ছেদ হয়। তেওঁৰ শেষ হিন্দী চিনেমা আছিল আকবৰ খানৰ হাদছা (১৯৮৩)।[2] পিছলৈ তেওঁ টিভি ধাৰাবাহিকলৈ গমন কৰে আৰু পাঁচ বছৰৰ বাবে দিল্লীলৈ স্থানান্তৰিত হয়, য’ত শ্বাহৰুখ খানেও অভিনয় কৰা ধাৰাবাহিকত দস্তকত কাম কৰে। তেওঁ মহেশ ভাটৰ জুনুন (১৯৯২) ছবিখনৰ বাবেও শ্বুটিং কৰিছিল যদিও সম্পাদনাৰ টেবুলত তেওঁৰ চৰিত্ৰটো আঁতৰাই পেলোৱা হয়। ২০০১ চনৰ আশে-পাশে বালাজী টেলিফিল্মছৰ কস্তি আৰু কুণ্ডলী নামৰ দুখন ধাৰাবাহিকখনৰ বাবে কাম কৰে। কুটুম্ব ধাৰাবাহিকখনত তেওঁক হিতেন তেজৱানীৰ আইতাকৰ চৰিত্ৰত দেখা যায়। [2] তেওঁৰ শেষৰখন চিনেমা আছিল দীপা মেহতাৰ ৱাটাৰ (২০০৫), য’ত তেওঁ অভিনয়েৰে হলিউডৰ সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ মতে, ছবিখনৰ মধুমতী চৰিত্ৰটো আছিল তেওঁৰ প্ৰথম আৰু শেষ পছন্দ। বাৰাণসীত ছবিখনৰ নিৰ্মাণ বন্ধ কৰা হয় আৰু পাঁচ বছৰৰ পিছত তেওঁৰ বাহিৰে সমগ্ৰ অভিনেতা-অভিনেত্ৰী সলনি কৰি পুনৰ শ্বুটিং আৰম্ভ কৰা হয়।। [2][3] ব্যক্তিগত জীৱনঅভিনেতা ৰাজন হাক্সাৰৰ সৈতে তেওঁৰ বিবাহ হয়। ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত দম্পতীহাল বম্বেলৈ স্থানান্তৰিত হয়। বম্বেত ৰাজন প্ৰযোজক হয়। আনহাতে মনোৰমাই নিজৰ অভিনয় কেৰিয়াৰ পুনৰ প্ৰতিষ্ঠা কৰে।[4] ২০০৭ চনত মনোৰমা ষ্ট্ৰোকত আক্ৰান্ত হয় যদিও তেওঁ ৰোগৰ পৰা সুস্থ হৈ উঠে। কিন্তু তেওঁ কথা কোৱা আৰু অন্যান্য জটিলতাত ভুগিছিল। ২০০৮ চনৰ ১৫ ফেব্ৰুৱাৰীত মুম্বাইৰ চাৰকোপত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ ন্যা ৰীতা হাক্সাৰক এৰি থৈ যায়। সঞ্জীৱ কুমাৰৰ বিপৰীতে নায়িকা হিচাপে ৰীতাই সুৰজ ঔৰ চন্দা কৰিছিল। পিছত অভিযন্তা এজনক বিয়া কৰাই উপসাগৰীয় দেশত বাস কৰিবলৈ লয়।[3][4] তথ্য উৎস
বাহ্যিক সংযোগ
|