মনিকা আলী

মনিকা আলী
জন্ম ২০ অক্টোবৰ, ১৯৬৭ (৫৭ বছৰ)
ঢাকা, পূব পাকিস্তান
পেচা লেখক, ঔপন্যাসিক
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ
শিক্ষা বল্টন স্কুল
মাতৃশিক্ষায়তন ৱাডহাম কলেজ, অক্সফোৰ্ড
দাম্পত্যসংগী চাইমন টৰেঞ্চ
সন্তান ফেলিক্স (পুত্ৰ), চুমী (কন্যা)
ৱেবছাইট monicaali.com

মনিকা আলী (ইংৰাজী: Monica Ali; জন্ম: ২০ অক্টোবৰ ১৯৬৭) এগৰাকী বাংলাদেশী বংশোদ্ভূত ব্ৰিটিছ লেখক তথা ঔপন্যাসিক। ২০০৩ চনত তেওঁ তেওঁৰ অপ্ৰকাশিত পাণ্ডুলিপিৰ ওপৰত ভিত্তি কৰি গ্ৰাণ্টা পত্ৰিকা কৰ্তৃক "বেষ্ট অফ ইয়ং ব্ৰিটিছ নভেলিষ্ট" হিচাপে নিৰ্বাচিত হৈছিল। তেওঁৰ প্ৰথম প্ৰকাশিত উপন্যাস, ব্ৰিক লেন সেই বছৰেই প্ৰকাশিত হৈছিল। উপন্যাস খনে "মেন বুকাৰ পুৰস্কাৰ"ৰ বাবে মনোনীত হৈছিল। এই নামৰেই ২০০৭ চনত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল।

প্ৰাৰম্ভিক জীৱন ও শিক্ষা

মনিকাৰ দেউতাক এগৰাকী বাংলাদেশী আৰু মাক ইংৰাজ মুলুকৰ ব্যক্তি।[1] ১৯৬৭ চনত ঢাকা, পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)-ত জন্মগ্ৰহণ কৰে। যেতিয়া তেওঁৰ বয়স মাত্ৰ ৩ বছৰ আছিল, তেওঁলোকৰ পৰিয়ালটো ইংলেণ্ডৰ বল্টনত চহৰত আছিল।[2] তেওঁৰ দেউতাকৰ আদিতে ঘৰ আছিল মৈমনসিংহৰ জিলাত।[3] তেওঁ প্ৰাথমিকভাবে বল্টন স্কুলত ভৰ্তি হয় আৰু পিছলৈ অক্সফ'ৰ্ডৰ ৱাডহাম কলেজত দৰ্শন, ৰাজনীতি তথা অৰ্থনীতি বিষয়ত পঢ়া-শুনা কৰে।

ব্যক্তিগত জীৱন

আলী তেওঁৰ স্বামী চাইমন টৰেঞ্চ (এজন ব্যৱস্থাপনা পৰামৰ্শক)ৰ সৈতে দক্ষিণ লণ্ডনত বসবাস কৰে।[1] তেওঁ লোকৰ দুটি সন্তান, যথা- ফেলিক্স নামেৰে এটি পুত্ৰ (১৯৯৯ চনত জন্ম) আৰু চুমী নামেৰে এগৰাকী কন্যা (২০০১ চনত জন্ম) আছে।

কিতাপ সমূহ

  • ব্ৰিক লেন - (২০০৩)
  • এনেণ্টেজো ব্লু - (২০০৬)
  • ইন দ্যা কিচেন - (২০০৯)
  • আনটোল্ড ষ্টোৰী - (২০১১)

তথ্যউৎস

  1. 1.0 1.1 "Interview: Monica Ali, author". The Scotsman. 8 April 2011. http://www.scotsman.com/news/interview-monica-ali-author-1-1587159. 
  2. "Monica Ali — Biography", Literature, British Council.
  3. Gupta, Suman; Tope Omoniyi (2007). The Cultures of Economic Migration. Ashgate Publishing. পৃষ্ঠা. 33. ISBN 978-0-8122-4146-4. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia