ভ্লেডিমিৰ লেনিনভ্লাডিমিৰ ইলিচ উলিয়ান'ভ (ইংৰাজী: Vladimir Ilyich Ulyanov, ৰুছ: Владимир Ильич Ульянов), জনপ্ৰিয়ভাৱে লেনিন[1] (২২ এপ্ৰিল [পুৰণি ৰুছ কেলেণ্ডাৰ মতে ১০ এপ্ৰিল] ১৮৭০ - ২১ জানুৱাৰী ১৯২৪) এগৰাকী ৰুছ সাম্যবাদী বিপ্লৱী, ৰাজনীতিবিদ আৰু ৰাজনৈতিক তত্ত্ববিদ আছিল। তেওঁ ১৯১৭ৰপৰা ১৯১৮লৈ ৰুছ গণৰাজ্যৰ, তথা ১৯১৮ৰপৰা ১৯২৪লৈ ৰুছ ছ'ভিয়েট যুক্তৰাজ্যিক সমাজবাদী গণৰাজ্যৰ আৰু ১৯২২ৰপৰা ১ ১৯২৪লৈ ছ'ভিয়েট সংঘৰ চৰকাৰৰ মুৰব্বী আছিল। তেওঁৰ শাসনত ৰুছ আৰু পাছলৈ বহল ছ'ভিয়েট সংঘ এক এক-দলীয় সাম্যবাদী দেশলৈ পৰিণত হ'ল। মাৰ্ক্সবাদী ভাৱধাৰাৰ লেনিনে লেনিনবাদ নামে জনাজাত ৰাজনৈতিক সূত্ৰ বিকশিত কৰিলে। প্ৰাৰম্ভিক জীৱনধনী মধ্য-বৃত্ত ঘৰত চিম্বাৰ্স্কত জন্ম গ্ৰহণ কৰা[2] লেনিনে নিজৰ ভাতৃৰ মৃত্যুৰ পাছত[3] বিপ্লৱী সমাজবাদী ৰাজনীতিত মন বান্ধিলে। ৰুছৰ জাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে কাজান ইম্পিৰিয়েল বিশ্ববিদ্যালয়ৰপৰা বৰ্খাস্ত হল। পাছলৈ তেওঁ আইনী শিক্ষাত মনোনিবেশ কৰিলে। তেওঁ ছেণ্ট পিটাৰ্ছবাৰ্গলৈ গ'ল আৰু ৰাছিয়ান ছ'চিয়েল ডেমক্ৰেটিক লেবাৰ পাৰ্টিৰ (RSDLP) অন্যতম মুখ্য সদস্যলৈ পৰিণত হ'ল। ১৮৯৭ত তেওক গ্ৰেপ্তাৰ কৰি[4] চুচেনস্য'লৈ পঠিওৱা হ'ল। তাতেই ৩ বছৰ থকা কালত তেওঁ নেডেঝা ক্ৰুপ্স্কায়াক বিয়া কৰালে। পাছলৈ পশ্চিম ইউৰোপলৈ গৈ তেওঁ এক মুখ্য মাৰ্ক্সবাদী বিপ্লবী হিচাপে পৰিচয় লভিলে। ১৯০৩ত তেওঁ RSDLP দলটো বলছেভিক আৰু মেন্সেভিক ফৈদত বিভক্ত হোৱাত মুখ্য ভূমিকা পালন কৰিলে। তেওঁ প্ৰথম বিশ্ব যুদ্ধক এক সৰ্ব-ইউৰোপীয় সৰ্বহাৰা যুদ্ধলৈ ৰূপান্তৰিত কৰাৰ হকে মাত মাতিছিল। এজন মাৰ্ক্সবাদী হিচাপে তেওঁ বিশ্বাস কৰিছিল যে ইউৰোপত পুঁজিবাদৰ পতন ঘটিব আৰু এক সমাজবদী ব্যৱস্থাৰ সূচনা হ’ব। ১৯১৭ ফেব্ৰুৱাৰী বিপ্লৱৰ পাছত ৰুছত জাৰৰ শাসনৰ অন্ত পৰিল আৰু অস্থায়ী চৰকাৰ গঠন হ'ল।[5] সেই সময়তেই অক্টোবৰ বিপ্লৱৰ কিছু দিন আগত লেনিন ৰুছ পালেগৈ।[6] অক্টোবৰ বিপ্লৱত তেওঁ আৰু বলছেভিকসকলে সক্ৰিয় ভূমিকা পালন কৰিলে। অক্টোবৰ বিপ্লৱৰ পাছত তেওঁৰ নেতৃত্বত বলছেভিকসকল ৰুছত ক্ষমতা লৈ আহিল। শাসক লেনিনলেনিনৰ চৰকাৰত ন-কৈ কমিউনিষ্ট পাৰ্টি নাম লোৱা[7] বলছেভিকসকলে অগ্ৰাধিকাৰ ল'লে। তেওঁ সংবিধান সভাৰ বাবে নিৰ্বাচন আয়োজন কৰি পাছত তাক বৰ্জন কৰিলে। জাৰ্মানী প্ৰভৃতি কেন্দ্ৰীয় শক্তিসমূহৰ লগত চুক্তি স্বাক্ষৰ কৰি তেওঁ প্ৰথম বিশ্ব যুদ্ধত ৰুছৰ ভূমিকাৰ অৱসান ঘটালে। ৰুছৰ শাসনত থকা অনা-ৰুছ জাতিসমূহক তেওঁ স্বাধীনতা প্ৰদান কৰিলে।[8] সংবাদ মাধ্যমৰ ওপৰত কিছু বাধা আহি পৰিল, যদিও আন কোনো কোনো বলছেভিকেও এনে কৰাক সমৰ্থন কৰা নাছিল।[9] লেনিনৰ চৰকাৰে কৃষকৰ মাজত ভূমি পুনৰ বিতৰিত কৰিলে[10] আৰু বেংক আৰু বৃহৎ উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৃত কৰিলে। বিৰোধী সকলক লাল সন্ত্ৰাসৰ (ৰেড টেৰৰ) দ্বাৰা দমন কৰা হ'ল। সহসৃজনক হত্যা কৰা হ'ল আৰু বহুতক কন্সেণ্ট্ৰেচন কেম্পলৈ প্ৰেৰণ কৰা হ'ল। ১৯১৭ৰপৰা ১৯২২লৈ সোপন্থী আৰু বাম উভয়ে গঠন কৰা বলছেভিক বিৰোধী সেনাসমূহক ৰুছ গৃহযুদ্ধত পৰাজিত কৰা হ'ল। যুদ্ধৰ বাবে অহা দুৰ্যোগ, খাদ্যাভাৱ আৰু জনপ্ৰিয় অভ্যুত্থানৰ প্ৰতি লক্ষ ৰাখি তেওঁ মিশ্ৰিত অৰ্থনৈতিক ব্যৱস্থাৰে অৰ্থনৈতিক উন্নয়ন অনাৰ প্ৰস্তাব ৰাখিলে। বিশ্ব বিপ্লৱ সৃষ্টি কৰাৰ উদ্দেশ্যেৰে লেনিনৰ চৰকাৰে কমিউনিষ্ট আন্তৰ্জাতিক গঠন কৰিলে,[11] পাছলৈ অসুখীয়া অৱস্থাত মৃত্যুৰ পূৰ্বে তেওঁ নিজৰ গৰ্কী ভৱনত তেওঁৰ উত্তৰসূৰী যোছেফ স্তালিনৰ বৰ্দ্ধমান শক্তিৰ বিৰোধিতা কৰিছিল। প্ৰভাৱবিংশ শতিকাৰ এগৰাকী অতিকৈ প্ৰভাৱশালী আৰু উল্লেখনীয় ব্যক্তি হিচাপে, তেওঁৰ মৃত্যুৰ পাছত ১৯৯১ত ভংগ হোৱালৈকে ছ'ভিয়তেট সংঘত তেওঁক এজন মহান বিপ্লবী হিচাপে গণ্য কৰা হৈছিল। তেওঁ মাৰ্ক্সবাদ-লেনিনবাদৰ আঁৰৰ মানুহজন হিচাপে আন্তৰ্জাতিক সাম্যবাদী আন্দোলনত ভালেমান প্ৰভাৱ বিস্তাৰ কৰিছিল। বিশ্বৰ মাৰ্ক্সবাদী-লেনিনবাদীসকলৰ মতে লেনিন এজন অন্যতম শ্ৰেষ্ঠ বিপ্লবী আৰু সমালোচকসকলৰ মতে তেও এক কেন্দ্ৰীভূত একনায়কত্ববাদী শাসনৰ স্ৰষ্টা, যি বৃহৎ মাত্ৰাৰ মানৱাধিকাৰ উলংঘনৰ বাবে দায়ী আছিল। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia