ভি. মোহিনী গিৰি
ভি মোহিনী গিৰি (জন্ম ১৯৩৮) এগৰাকী ভাৰতীয় সমাজ সেৱিকা আৰু কৰ্মী (activist)। তেওঁ নতুন দিল্লীত অৱস্থিত গিল্ড অব চাৰ্ভিছ (Guild of Service) নামৰ সংগঠনটোৰ সভানেত্ৰী। ১৯৭৯ চনত প্ৰতিষ্ঠিত এই সংগঠনটোৱে মহিলা আৰু শিশুৰ শিক্ষা, কৰ্মসংস্থাপন আৰু আৰ্থিক সবলীকৰণৰ হকে কাম কৰি আহিছে।[2][3] ১৯৭২ চনত তেওঁ নতুন দিল্লীত ৱাৰ ৱিড’জ এছ’ছিয়েছ’ন (War Widows Association) নামৰ সংগঠন এটাও প্ৰতিষ্ঠা কৰে। ১৯৯৫ চনৰ পৰা ১৯৯৮ লৈ ভি মোহিনী গিৰিয়ে ৰাষ্ট্ৰীয় মহিলা আয়োগ (National Commission for Women)-ৰ সভানেত্ৰী হিচাপেও কাৰ্য্যনিৰ্বাহ কৰে।[4] ২০০৭ চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ বঁটা প্ৰদান কৰে।[5] শৈশৱ আৰু শিক্ষাভি মোহিনী গিৰিৰ জন্ম হৈছিল ১৯৩৮ চনত লক্ষ্ণৌত। তেওঁৰ পিতৃ শিক্ষাবিদ ভি এছ ৰাম। ভি মোহিনী গিৰিয়ে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[6] তাৰপিছত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা প্ৰাচীন ভাৰতৰ ইতিহাসৰ অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্ত্তীকালত তেওঁ জি বি পণ্ট বিশ্ববিদ্যালয় (G.B. Pant University) ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।[7] মোহিনী গিৰি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভি ভি গিৰিৰ বোৱাৰী।[1] কেৰিয়াৰগিৰিয়ে এগৰাকী শিক্ষাবিদ হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। তেওঁ লক্ষ্ণৌ বিশ্ববিদ্যালয়ত মহিলা শিক্ষাৰ বিভাগ প্ৰতিষ্ঠা কৰে।[6] ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ পিছত তেওঁ ১৯৭২ চনত নতুন দিল্লীত ৱাৰ ৱিড’জ এছ’ছিয়েছ’ন (War Widows Association) নামৰ সংগঠনটো প্ৰতিষ্ঠা কৰে।[8] ২০০০ চনত তেওঁ দক্ষিণ এছিয়াৰ ৱ’মেনছ ইনিচিয়েটিভ অব পিচ ( Women’s Initiative for Peace) প্ৰতিষ্ঠাপক সদস্য হয়।[7] ভি মোহিনী গিৰি নিউ ৱৰ্কত প্ৰতিষ্ঠিত আন্তৰ্জাতিক সংগঠন ’The Hunger Project’ ৰ বৰ্ডৰ সদস্যা।[9] বঁটা আৰু সন্মান
লগতে চাওক
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia