ভাদ
ভাদ অসমীয়া বৰ্ষপঞ্জীৰ পঞ্চম মাহ। ই অসমীয়া পঞ্জিকাৰ বাৰটা মাহ, ক্ৰমে ব'হাগ, জেঠ, আহাৰ, শাওন, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন আৰু চ'তৰ অন্যতম।[1] ভাদত ৩১ দিন থাকে।[2] এই ভাদ মাহতেই দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি।[3] ১ ভাদ হ'ল এই মাহৰ প্ৰথম দিন। এই দিনটোৰ পৰাই অসমীয়া মানুহে গুৰু দুজনাক সুঁৱৰি নামঘৰত দৈনিক নাম প্ৰসংগ কৰে। অন্য পঞ্জিকাত ভাদৰ সমসাময়িক মাহঅসমীয়া পঞ্জিকাত ভাদ মাহ চলি থাকোঁতে গ্ৰেগৰিয়ান পঞ্জিকাত আগষ্ট আৰু ছেপ্টেম্বৰ হয়। ভাদ আগষ্টৰ ১৮ তাৰিখ বা ১৯ আগষ্টত আৰম্ভ হয় আৰু ছেপ্টেম্বৰৰ মধ্যলৈকে থাকে।[2] ভাদ মাহ চলি থকাৰ সময়ত অন্য কিছু ভাৰতীয় হিন্দু পঞ্জিকাত শ্ৰাৱন মাহ চলি থাকে।[1] উৎসৱ পৰ্ব, দিৱস আদি
তথ্য সংগ্ৰহ
|