ভক্তি ৰত্নাকৰভক্তি ৰত্নাকৰ হৈছে শ্ৰীমন্ত শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা এখনি ধৰ্মীয় গ্ৰন্থ। ভক্তি-ৰত্নাকৰৰ প্ৰায়বোৰ শ্লোক শ্ৰীমদ্ভাগৱতৰ পৰা উদ্ধৃত। শ্ৰীমদ্ভাগৱত গীতা, পাণ্ডৱী গীতা, বিষ্ণু পুৰাণ, পদ্ম পুৰাণকে[1] ধৰি কুৰিখনৰো অধিক অন্যান্য গ্ৰন্থৰ সাৰভাগ আনি তেওঁ এই গ্ৰন্থ ৰচনা কৰিছিল।[2] মুঠ ৩৮টা অধ্যায়ত বিভক্ত গ্ৰন্থখনিত “গুৰু দেৱ নাম ভকত’’ৰ যোগেৰে জীৱৰ তৰণৰ উপায়সমূহ ব্যাখ্যা কৰা আছে।[1] এই গ্ৰন্থখনি শংকৰদেৱে কোঁচ ৰজা নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত ৰচনা কৰিছিল; [3] গ্ৰন্থখনিত ভাগৱত পুৰাণৰ নৱধা-ভক্তি আৰু গীতাৰ এক-শৰণ তত্ত্বক আন আন ধৰ্মীয়গ্ৰন্থৰ ভক্তিমূলক শ্লোকৰ সহিতে আলোচনা কৰা হৈছে। ভক্তি ৰত্নাকৰত শ্ৰীধৰ স্বামীৰ ভাৱাৰ্থ দীপিকাৰ প্ৰভাৱ দেখা যায়।[4] গ্ৰন্থখনৰ মুঠ অধ্যায় ৩৮টা অধ্যায় আছে[4], যাক মাহাত্ম্য বুলি কোৱা যায়। মুঠ শ্লোকৰ সংখ্যা ৫৭১টা৷ ইয়াৰে ৪৫৬টা ভাগৱত পুৰাণৰ আৰু তিনিটা শংকৰদেৱৰ স্বৰচিত৷[4] এইখনি গ্ৰন্থক পৰৰ্ৱতীকালত মাধৱদেৱৰ ভাগিনীয়েক ৰামচৰণ ঠাকুৰে অসমীয়া পদলৈ আৰু গোপালচৰণ দ্বিজে অসমীয়া গদ্যলৈ ভাঙনি কৰিছিল।[1] গ্ৰন্থখন এখন সংকলন গ্ৰন্থ৷ ভাগৱত পুৰাণ, ভাগৱত ভাৱাৰ্থ দীপিকা, বৃহন্নাৰদীয় পুৰাণ, বৈষ্ণৱানন্দলহৰী, শ্ৰীমদ্ভাগৱদ্গীতা, পদ্মপুৰাণ, শ্ৰীধৰ স্বামীৰ সুবোধিনী টীকা, বিষ্ণু পুৰাণ, নৰসিংহ পুৰাণ, যোগসাৰ, মৎস্য পুৰাণ, পাণ্ডৱী গীতা, ভূজঙ্গ-প্ৰয়াত স্তোত্ৰ, শান্তি-শতক, শ্ৰীধৰ স্বামী, প্ৰবোধ চন্দ্ৰোদয়, কুৰ্ম পুৰাণ, বিষ্ণ ধৰ্মোত্তৰ, ব্ৰহ্মাণ্ড পুৰাণ, গড়ুৰ পুৰাণ, বামণ পুৰাণ, অজ্ঞাত উৎস আদিৰ লগতে শংকৰদৱৰ স্বৰচিত শ্লোক অন্তৰ্ভূক্ত কৰা হৈছে৷[2] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia