বুঢ়া-বুঢ়ী থান
বুুুঢ়া-বুঢ়ী থান (ইংৰাজী: Bura-Buri Than) হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ এক এক ধৰ্মীয় পৰ্যটনস্থলী। এই থান ব্ৰহ্মপুত্ৰৰ দাঁতিতে অৱস্থিত।[1][2] নামৰ ব্যুৎপত্তিজনশ্ৰুতি অনুসৰি দুটা প্ৰকাণ্ড শিলক কেন্দ্ৰ কৰি এই থানৰ নামকৰণ কৰা হৈছে। শিল দুটাৰ এটা পাৰ্বতী আৰু আনটো মহাদেৱ শিৱ। অৰ্থাৎ থিয়কৈ থকা শিলটোক মহাদেৱ শিৱ (বুঢ়া); আৰু পথালিকৈ বা শুই থকাৰ দৰে দৃশ্যমান শিলটোক পাৰ্বতী (বুঢ়ী) বুলি কোৱা হয়। এয়াই হৈছে বুঢ়া-বুঢ়ী (মহাদেৱ শিৱ-পাৰ্বতী) নামৰ তাৎপৰ্য। ইয়াৰ বাহিৰে আন জনশ্ৰুতি সম্পৰ্কে আভাস পোৱা নাযায়।[3] ভৌগোলিক অৱস্থানবৰ্তমান "বুঢ়া-বুঢ়ী থান" ধুবুৰী জিলাৰ অন্তৰ্গত। ধুবুৰী জিলাৰ পূব প্ৰান্ত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে ই অৱস্থিত। ইয়াৰ পূবে গোৱালপাৰা জিলাৰ সীমাঞ্চল জলেশ্বৰ বজাৰ, পশ্চিম আৰু উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে মেদৰটাৰী বজাৰ। সমষ্টিগতভাৱে গোৱালপাৰা জিলাৰ ৩৯ নম্বৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত। [4] ধৰ্মীয় স্থান হিচাপেপ্ৰতি বছৰৰ চ'ত মাহৰ শেষৰ দিনটোক এটা বিশেষ দিন হিচাপে গণ্য কৰি হিন্দু ধৰ্মাৱলম্বী সকলে ধৰ্মীয় পৰম্পৰাৰে বুঢ়া-বুঢ়ীৰ পূজা উলহ-মালহৰে পালন কৰা দেখা যায়। পূজা-অনুষ্ঠানৰ লগত সংগতি ৰাখি মেলা অনুষ্ঠিত হয় য'ত বিভিন্ন ধৰ্মৰ মানুহৰ ভিৰ পৰিলক্ষিত হয়। এই স্থানক সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য উদাহৰণ হিচাপে গণ্য কৰা হয়। বুঢ়া-বুঢ়ী পূজাৰ লগত সংপৃক্ত হৈ আছে পুৰাণৰ কাহিনী। এদিন এজন সদাগৰ পুত্ৰৰ ধনেশ চৰাই হেৰাই গৈ মৃত্যু হয়। সদাগৰ পুত্ৰই ধনেশ চৰাই বিচাৰি উলায়াই কাষত বহি ক্ৰন্দনৰত অৱস্থাৰ দৃশ্য আকাশ মাৰ্গেৰে গৈ থকা মহাদেৱ আৰু পাৰ্বতীৰ চকুত পৰে। ঘটনাৰ উমান ল'বলৈ দুয়ো অৱতৰণ কৰে। ল'ৰা জনৰ ক্ৰন্দনে পাৰ্বতীৰ হৃদয়ত তোলপাৰ লগালে, আৰু পাৰ্বতীয়ে মহাদেৱৰ ওচৰত কাৰণ জানিব বিচৰাত মহাদেৱে পাৰ্বতীক মৃদু ভৰ্ৎসনা কৰি ক'লে, ' নাৰীৰ চকু স্বৰ্গ-নৰক দুয়োটাতেই সমানে বিচৰণ কৰে '। মহাদেৱৰ মুখত ল'ৰাজনৰ ইতিবৃত্ত জনাৰ পিছত পাৰ্বতী আৰু অধিক দুৰ্বল আৰু স্নেহাকুল হৈ পৰিল। ল'ৰাজনৰ ধনেশ চৰাইটোক পুনৰ জীয়াই তুলি তাক সেই দুখৰ পৰা অলপ আনন্দ দিবলৈ অনুৰোধ কৰিব ধৰিলে। মহাদেৱ-পাৰ্বতীয়ে ল'ৰা জনৰ সন্মুখত বুঢ়া-বুঢ়ীৰ ৰূপ ধাৰণ কৰি পৰামৰ্শ দিলে যে ধনেশ চৰাইক জীয়াই তুলিবলৈ বুঢ়া-বুঢ়ীৰ পূজা কৰিব লাগিব। এই পৰামৰ্শ দিয়ে অন্তৰ্ধান হ'ল। কথা মতেই কাম আৰু তাৰ পিছত প্ৰতিদানত ধনেশ চৰাই জীৱিত হ'ল। এয়াই সূত্ৰপাত বুঢ়া-বঢ়ী পূজাৰ। [উদ্ধৃতিৰ প্ৰয়োজন] সাধাৰণতে এই পূজাত কোনো মূৰ্তি নাথাকে। দুটা বিৰিণাৰ থোপ আনিও ওচৰা-ওচৰি কৈ ঢিপ বান্ধি দিয়া হয়। তাৰে এটা বুঢ়া আনটো বুঢ়ী। পূজাত নৈবেদ্য হিচাপে আগবঢ়োৱা হয় গাখীৰ, দৈ-চিৰা, মুৰি, কল, তামোল -পাণ ইত্যাদি। পূজাৰ শেষত হৰি-হৰি তিনিবাৰ উচ্চাৰণ কৰি পূজা সমাপ্ত কৰা হয়। এই পূজাৰ লগত বিভিন্ন জনবিশ্বাস জড়িত হৈ থকা দেখিবলৈ। ঘৰত অপায়-অমংগল দেখা দিলে শিৱৰ মুৰত গাখীৰ ঢালিলে অপায়-অমংগল দুৰ হয় বুলি জনবিশ্বাস প্ৰচলিত থকাৰ উপৰিও বিভিন্ন সময়ত ছাগলী, পাৰ আদি এই থানলৈ শিৱ-পাৰ্বতীক সন্তুষ্ট কৰাৰ নিমিত্তে দিয়ে আৰু এয়া কৰিলে উদ্দেশ্য সফল হয় বুলি বিশ্বাস কৰে। কিছুমান মানুহৰ ঘৰে ঘৰেও এই পূজা কৰা পৰিলক্ষিত হয়। লোক-বিশ্বাস মতে এইবোৰ মানুহৰ ঘৰত কেঁচুৱা জন্ম হ'লে কিছুদিন পিছত মূৰৰ চুলি সৰু সৰু জোট হয়। ল'ৰা হ'লে যোৰ মাহত আৰু ছোৱালী হ'লে বেযোৰ মাহত উক্ত ঠাকুৰক পূজা দি চুলি কাটিব লাগে। চুলি কাটোআতে নাপিতে এবাৰ চুলিও মাটিত পৰিব নিদি চুলিখিনি ঠাকুৰৰ ওচৰত জমা দি এযোৰ পাৰ ঠাকুৰৰ নামত উৰাই দিয়ে। পূজান্তত চুলিখিনি আঠিয়া কল এযোৰৰ সৈতে কাপোৰেৰে বান্ধি বগৰী গছত ওলোমাই থয়। এনে ধৰণৰ বহুতো লোক-বিশ্বাস বৰ্তমান সময়তো প্ৰচলিত হৈ থকা দেখিবলৈ পোৱা যায়। [উদ্ধৃতিৰ প্ৰয়োজন] বৰ্তমান প্ৰেক্ষাপটসাম্প্ৰতিক সময়ত বুঢ়া-বুঢ়ী থান গৰাখহনীয়াৰ কবলত। ইয়াত কবৰ সদৃশ অলপ ঠাই প্ৰত্যক্ষ কৰা হৈছিল আৰু সেয়া এটা সময়ত অজ্ঞাত স্থানৰ পৰা অহা কোনো ব্যক্তিৰ কবৰ হিচাপে দাবী কৰে যাক সত্যপীৰ বুলি কোনো কোনোৱে বিশ্বাস কৰে[5] ইয়াক কেন্দ্ৰ কৰি হোৱা বিতৰ্কই আইনৰ কাঠগড়া পায়। জিলা প্ৰসাশনৰ দৃষ্টি গোচৰ হোৱাত তদন্ত আৰম্ভ হৈছিল যদিও এতিয়ালৈ কোনো সঠিক সিদ্ধান্ত দিয়া হোৱা নাই। বৰ্তমান থানৰ পূব ফালে কবৰ উঠা ঠাইত এটা দু-চালীয়া ঘৰ বনাই 'সত্যপীৰ'ৰ মাজাৰ বুলি ফলক এখন আঁৰি দিয়া হৈছে। সত্যপীৰ সম্পৰ্কে একো শুংসূত্ৰ পোৱা নাযায়। [উদ্ধৃতিৰ প্ৰয়োজন] বিস্ময় ঘটনাএবাৰ বানপানীৰ সময়ত গৰু-ছাগলী লৈ স্থানীয় বাসিন্দাই উক্ত থানত আশ্ৰয় লৈছিল। এদিন ৰাতি হঠাৎ গৰু-ছাগলীবোৰে বিকট শব্দৰে চিঞৰি-চিঞৰি ৰচিৰ বান্ধোন ছিঙি জঁপিয়াই দৌৰি তাৰ পৰা পানীত গৈ নামে। ভৰ বাৰিষাত ওখ ঠাই বুলিবলৈ থানৰ বাহিৰে কোনো স্থান নাছিল। তাত থকা মানুহেও ভয়, শংকা, দুশ্চিন্তাত কঁপি উঠিছিল। এনে আচৰিত পৰিস্থিতি কিয় হৈছিল সেই সম্পৰ্কে পিছদিনা পুৱা তদন্ত আৰম্ভ কৰি বুজি পোৱা গৈছিল যে এগৰাকী মহিলাই তাতে ঢেঁকী স্থাপন কৰিছিল বাবে এনে ঘটনা ঘটিবলৈ পালে । তৎক্ষণাৎ ৰাইজে ঢেঁকী আঁতৰাই নিবলৈ নিৰ্দেশ দিয়ে।[উদ্ধৃতিৰ প্ৰয়োজন] আন এদিন সন্ধ্যা ব্ৰহ্মপুত্ৰৰ পানীৰ তলৰ পৰা লোৰ শিকলি এডাল আহি প্ৰকাণ্ড গছ এজোপাৰ গুৰিত মেৰিয়াই থকা প্ৰত্যক্ষ কৰে কেইজনমানে স্থানীয় লোকে। কিন্তু পিছদিনা ৰাতিপুৱা সেই দৃশ্য দেখিবলৈ নাপায় বুলি প্ৰত্যক্ষ দৰ্শীয়ে জনায়। শিকলি কোনে বান্ধিছিল, কিয় বান্ধিছিল, তাৰ লগত কি বান্ধি থোৱা আছিল এই সম্পৰ্কে কোনো তথ্য পোৱা নাযায়। বুঢ়াবুঢ়ী থানৰ বিশেষ আকৰ্ষণ হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত নীৰৱে থিয় দি থকা শিলবোৰ। বানপানী যিমানেই নহওক কিয় ওপৰত থিয় শিলডোখৰৰ আধা অংশ কেতিয়াও তল যোৱা নাই বুলি স্থানীয় ৰাইজে দাবী কৰে। তদুপৰি এই থানত পূৰ্বে বছৰৰ এটা সময়ত বিশেষকৈ শালি-ধান পকা সময়ত (কাতি-আঘোণ মাহত ) পাহাৰৰ পৰা হাতী, হৰিণা, বান্দৰ আদি নামি আহি কেইবাদিনো তাতে অৱস্থান কৰিছিল।[উদ্ধৃতিৰ প্ৰয়োজন] অধিক পঢ়কতথ্য উৎস্য
|