বিশ্ব বন্যপ্ৰাণী দিৱস
বিশ্ব বন্যপ্ৰাণী দিৱস প্ৰতি বছৰে ৩ মাৰ্চ তাৰিখে পালন কৰা হয়। ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৬৮ তম অধিৱেশনত থাইলেণ্ডে আহ্বান কৰা আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্য জীৱ আৰু উদ্ভিদৰ বাণিজ্য অভিবৰ্তনৰ বাবে ৩ মাৰ্চক বন্যপ্ৰাণী দিৱস হিচাপে ঘোষণা কৰা হয়।[1] বিশ্বৰ বনজ প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ তথা বন্যপ্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি কৰা এই দিৱসৰ মূল লক্ষ্য। বিৱৰণৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত উত্থাপিত বিধেয়ক[2] খনত বন্যপ্ৰাণী আৰু ইয়াৰ বিভিন্ন অৱদানৰ ওপৰিও পৰিস্থিতিতান্ত্ৰিক, বংশগতিক, সামাজিক, অৰ্থনৈতিক, বৈজ্ঞানিক, শৈক্ষিক, সাংস্কৃতিক, নৱীকৰণযোগ্য আৰু নান্দনিক বিষয়ৰ জৰিয়তে বহনক্ষম উন্নয়ন ঘটাই সুনাগৰিক গঢ়াত গুৰুত্ব আৰোপ কৰা হৈছে। ২০১৩ চনৰ ৩ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ থাইলেণ্ডৰ বেংককত অনুষ্ঠিত আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্য জীৱ আৰু উদ্ভিদৰ বাণিজ্য (CITES) অভিবৰ্তনৰ বাবে ৩ মাৰ্চক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে বন্যপ্ৰাণী দিৱস হিচাপে ঘোষণা কৰে।[3] [4] প্ৰতিপাদ্য বিষয় বা থীম২০২০: ২০২০ চনৰ থীম হল: "পৃথিৱীৰ সকলো জীৱক বহন কৰা (Sustaining all life on earth)"[5] ২০১৯: ২০১৯ চনৰ থীম হল: “পানীৰ তলৰ জীৱন: মানুহ আৰু পৃথিৱীৰ বাবে (Life below water: for people and planet)"[6] ২০১৮: ২০১৮ চনৰ থীম হল: "মেকুৰীজাতীয় জীৱ: বিপদাপন্ন ভক্ষক (Big cats - predators under threat)" [7] ২০১৭: ২০১৭ চনৰ থীম হ'ল: "অনুজ সকলৰ মাত শুনা (Listen to the young voices)".[8] ২০১৬: ২০১৬ চনৰ থীম হ'ল: "বন্যপ্ৰাণীৰ ভৱিষ্যৎ আমাৰ হাতত (The future of wildlife is in our hand)", লগতে উপ থীম "হাতীৰ ভৱিষ্যৎ আমাৰ হাতত (The future of elephants is in our hands)". ২০১৫: ২০১৫ চনৰ থীম হ'ল: "এতিয়া বন্যপ্ৰাণীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ বাবে সজাগ হোৱা উচিত (It’s time to get serious about wildlife crime)". তথ্য উৎস
বহিঃসংযোগ |
Portal di Ensiklopedia Dunia