বিশ্বজিৎ দৈমাৰী
বিশ্বজিৎ দৈমাৰী এজন ভাৰতীয় ৰাজনীতিবিদ। ১৯৭১ চনৰ ৪ ফেব্ৰুৱাৰী তাৰিখে তেওঁ জন্ম লাভ কৰে। তেওঁ ২০২১ চনৰ পৰা অসম বিধানসভা অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। [1][2]২০২১ চনত অসম বিধানসভাত নিৰ্বাচনত পানেৰী সমষ্টিক প্ৰতিনিধিত্ব কৰি বিপুল ভোটত জয়লাভ কৰে। তেওঁ ২০২১ চনৰ পৰা বৰ্তমানলৈ ভাৰতীয় জনতা পাৰ্টি ৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০০৮ চনৰ পৰা ২০২০ চনলৈ বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ সদস্য হিচাপে ৰাজ্য সভাৰ সংসদ আছিল। তেওঁ প্ৰথমবাৰৰ বাবে ২০০১ চনৰ পৰা ২০০৬ চনলৈ অসম বিধানসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল। ২০১৪ চনৰ পৰা ২০২০ চনলৈ দ্বিতীয় কাৰ্যকালৰ বাবে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰ পৰা সাংসদ আৰু ২০২১ চনত আকৌ কিছু দিনৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ পৰা ৰাজ্যসভা সংসদ হিচাপে নিৰ্বাচিত হয়।[3] ২০২০ চনৰ নৱেম্বৰ মাহত বডোলেণ্ড ক্ষেত্ৰীয় পৰিষদ নিৰ্বাচনৰ পূৰ্বে দৈমাৰীয়ে বিপিএফ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে।[4][5][6] ব্যক্তিগত জীৱনতেওঁ অসমৰ বাক্সা জিলাৰ সুৱাগপুৰ নামৰ গাঁৱৰ সুৰেন্দ্ৰ দৈমাৰী আৰু ফেদাব দৈমাৰীৰ পৰিয়ালত দৈমাৰীৰ জন্ম হৈছিল। তেওঁ কোকৰাঝাৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰে। ১৯৯৯ চনৰ ৪ ডিচেম্বৰত তেওঁ মিনা ব্ৰহ্ম দৈমাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[7] অধিষ্ঠিত পদসমূহদৈমাৰীৰ ৰাজনৈতিক পদ:-[7]
তথ্যসূত্ৰ
|