বিশ্বকাপ ক্ৰিকেট ২০১৯
বিশ্বকাপ ক্ৰিকেট ২০১৯ ২০১৯ চনৰ ৩০ মেৰ পৰা ১৪ জুলাইলৈকে[1] ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত কৰা হ'ব,[2][3] ই হৈছে দ্বাদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা। ১৯৭৫, ১৯৭৯, ১৯৮৩ আৰু ১৯৯৯ চনৰ সৈতে এইবাৰ ইংলেণ্ড আৰু ৱেলছে পঞ্চমবাৰলৈ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰিব। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হোৱা বিশ্বকাপৰ আয়োজকৰ নামৰ পৰা ইংলেণ্ড আৰু ৱেলছে নিজৰ নাম প্ৰত্যাহাৰ কৰাৰ পিছত ২০০৬ চনৰ এপ্ৰিল মাহত ২০১৯ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজক দেশৰ নাম ঘোষণা কৰা হৈছিল। প্ৰতিযোগিতাৰ প্ৰথম খেলখন দি অ'ভেলত আৰু চুড়ান্ত খেলখন লৰ্ডছ্ত খেলুৱা হ'ব। কমসংখ্যক দলকলৈ আয়োজন কৰিবলৈ লোৱা বাবে প্ৰতিযোগিতাখনক সমালোচনা কৰা হৈছে যদিও আইচিচিএ কেৱল ১০টা দলৰ মাজতেই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে।[4] ২০১৫ চনৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত অষ্ট্ৰেলিয়া বিজয়ী হৈছিল। খেলৰ স্থানসমূহকলিকতাত অনুষ্ঠিত হোৱা এখন সভাত সিদ্ধান্ত কৰা খেলৰ স্থানসমূহ ২৬ এপ্ৰিল ২০১৮ তাৰিখে প্ৰকাশ কৰা হয়।[5][6]
খেলসমূহৰ তালিকা২০১৮ চনৰ ২৬ এপ্ৰিলত আইচিচিএ খেলসমূহৰ তালিকা প্ৰকাশ কৰে।[7] সকলো সময় ব্ৰিটিছ গ্ৰীষ্মকালীন সময় অনুসৰি (UTC+০১:০০)
পইণ্টৰ তালিকা
ণ্ডৰি: আইচিচি, ক্ৰিকইনফো
শ্ৰেণীবিভাজনৰ নিয়মসমূহ: ১) পইণ্ট; ২) জয়; ৩) ৰাণৰ হাৰৰ পাৰ্থক্য; ৪) টাই কৰা দলৰৰ মাজত ফলাফল; ৫) প্ৰতিযোগিতাৰ পূৰ্বভাগ (H) ঘৰুৱা দল। টুৰ্ণামেন্টৰ অগ্ৰগতি
ছেমি ফাইনেলতথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia