বিমলা বুটি
বিমলা বুটি (জন্ম ১৯৩৩) হৈছে এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতেৰ গৱেষণাক্ষেত্ৰ হৈছে প্লাজমা পদাৰ্থ বিজ্ঞান। ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ সভ্য হোৱা তেখেত হৈছে প্ৰথমগৰাকী ভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানী। বিমলা বুটিয়ে ন'বেল বিজয়ী ভাৰতীয় পদাৰ্থ বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ অধীনত গৱেষণা কৰিছিল। তেখেতে বিক্ৰম সাৰাভাই বঁটা, আমেৰিকান পদক, আৰু ইনছা-ভাইনু বাপ্পু (INSA-Vainu Bappu) বঁটাকে ধৰি একাধিক বঁটা আৰু সন্মান লাভ কৰিছিল। বিক্ৰম সাৰাভাইয়ে প্ৰতিষ্ঠা কৰা ভাৰতৰ গুৰুত্বপূৰ্ণ গৱেষণা প্ৰতিষ্ঠান "ভৌতিক গৱেষণা প্ৰয়োগশালা"ত বিমলা বুটিয়ে তেইশটা বছৰ কৰ্মনিৰ্বাহ কৰিছিল।[1] শিক্ষাবিমলা বুটিয়ে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। একেখন শিক্ষানুষ্ঠানৰ পৰাই তেখেতে পাছলৈ পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰে। ডক্তৰেট ডিগ্ৰীৰ পঢ়া-শুনাৰ বাবে তেখেতে চিকাগো বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। বিখ্যাত পদাৰ্থ বিজ্ঞানী সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ অধীনত তেখেতে নিজৰ গৱেষণা কাৰ্য চলাই যায়। আৰু ১৯৬২ চনত চিকাগো বিশ্ববিদ্যালয়ৰ পৰা প্লাজমা পদাৰ্থ বিজ্ঞানত তেখেতে ডক্তৰেট ডিগ্ৰী অৰ্জন কৰে।[2] বিমলা বুটিয়ে আপেক্ষিকতাবাদী প্লাজমাৰ ক্ষেত্ৰত কাম কৰিছিল। তেওঁৰ গৱেষণাৰ উদ্দেশ্য আছিল-প্ৰথমে এটা সাধাৰণ আৰ্হি প্ৰস্তুত কৰা আৰু সেইটো আৰ্হিৰ জৰিয়তে মহাকাশ, জ্যোতিৰ্বৈজ্ঞািনক আৰু প্ৰয়োগশালাৰ প্লাজমাৰ সমস্যাৰ অন্বেষণ আৰু প্ৰয়োগ কৰা। অৰৈখিক বলবিজ্ঞানৰ পদ্ধতি ব্যৱহাৰ কৰি তেখেতে অৰৈখিক, অশান্ত আৰু বিশৃংখল প্লাজমা প্ৰক্ৰিয়াৰ কেতবোৰ নিৰীক্ষিত প্ৰপঞ্চ নিৰূপণ কৰিছিল।[1] কৰ্মজীৱনডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ পাছত, তেখেত ভাৰতলৈ উভতি আহে আৰু দিল্লী বিশ্ববিদ্যালয়ত অধ্যাপনা আৰম্ভ কৰে।[2] দুবছৰৰ পাছত তেখেত আমেৰিকালৈ যায় আৰু "গোদাৰ্ড মহাকাশ উৰণ কেন্দ্ৰ, নাছা"ত কৰ্মনিৰ্বাহ কৰে। সেইটো প্ৰতিষ্ঠানত তেখেতে ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এগৰাকী আৱাসিক গৱেষণা সহযোগী হিচাপে কাম কৰে।[1] ১৯৬৮ চনত বুটি ভাৰতলৈ ঘূৰি আহে আৰু দিল্লীস্থ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ কৰ্ম এটাত যোগদান কৰে। তাৰ কেইদিনমানৰ পিছতে প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীৰ উদ্যোগত আয়োজিত হোৱা "নেহৰু স্মাৰক বক্তৃতা"ৰ এক বিশেষ নৈশভোজৰ অনুষ্ঠানত বিমলা বুটিয়ে বিক্ৰম সাৰাভাইক লগ পায়। সেই নৈশভোজটো আয়োজন কৰা হৈছিল সুব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ স্মৃতি সুঁৱৰি। সেইগতিকে তেখেতেৰ ছাত্ৰী হিচাপে বিমলা বুটিকো সেই অনুষ্ঠানলৈ মতা হৈছিল। "ভৌতিক গৱেষণা প্ৰয়োগশালা"ৰ (Physical Research Laboratory) সেইসময়ৰ অধ্যক্ষ বিক্ৰম সাৰাভায়ে বিমলাক সেই অনুষ্ঠানতে পি.আৰ.এল.ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। সেই অনুৰোধ ৰক্ষা কৰি বুটিয়ে উক্ত প্ৰতিষ্ঠানত ১৯৭০ চনত যোগদান কৰে। ১৯৯৩ চনলৈকে তেখেতে সেইটো প্ৰতিষ্ঠানত বিভিন্ন পদত অধিষ্ঠিত হৈ নিজৰ দায়িত্ব পালন কৰে। তেখেতে সহযোগী অধ্যাপক, অধ্যাপক, জ্যেষ্ঠ অধ্যাপক, আৰু "ডিন অৱ ফেকাল্টি" পদত কাৰ্যনিৰ্বাহ কৰে।[2] পি.আৰ.এল.ত থকাৰ সময়ত বুটিয়ে "ভাৰতৰ প্লাজমা বিজ্ঞান সমাজ" স্থাপনত আগভাগ লয়। বিমলা বুটিয়ে এইটো প্ৰতিষ্ঠানতে ২৩ বছৰ কাম কৰে।[1] ১৯৮৫ চনৰ পৰা ২০০৩ চনৰ ভিতৰতে বিমলা বুটিয়ে ইটালীৰ ত্ৰিষ্টিত থকা "তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰ"ৰ (International Centre for Theoretical Physics) অধ্যক্ষৰ পদ অলংকৃত কৰিছিল।[2] নিজৰ কেৰিয়াৰত বুটিয়ে বহুতো গৱেষণাপত্ৰ প্ৰকাশ কৰিছিল। ইয়াৰ লগতে তেখেতে চাৰিখন গ্ৰন্থও সম্পাদনা কৰিছিল। ১৯৭৭-৮৩ৰ ভিতৰত তেখেত আমেৰিকাৰ "IEEE Transactions on Plasma Science"ৰ সহযোগী সম্পাদক আছিল। তেখেতে তাত "প্লাজমা বিজ্ঞান সংঘ" স্থাপন কৰিছিল আৰু ১৯৯২-৯৩ চনত এগৰাকী অধ্যক্ষ হিচাপে নিজ দায়িত্ব পালন কৰিছিল।[2] বঁটা আৰু সন্মাননিজৰ কেৰিয়াৰত বুটিয়ে কেইবাটাও বঁটা আৰু সন্মান পাবলৈ সক্ষম হৈছিল-[2]
তথ্যসংগ্ৰহ
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia