বিবৰ্তনমূলক মনোবিজ্ঞানবিবৰ্তনমূলক মনোবিজ্ঞান বা ক্ৰমবিকাশশীল মনোবিজ্ঞান (ইংৰাজী: Evolutionary Psychology) হৈছে সামাজিক আৰু প্ৰাকৃতিক বিজ্ঞানৰ এক তাত্ত্বিক দৃষ্টিভঙ্গী যি আধুনিক বিকাশৰ দৃষ্টিকোণৰ পৰা মনস্তাত্বিক গঠন পৰীক্ষা কৰে।[2]কোনবোৰ মানৱ মনস্তাত্বিক লক্ষণ বিকশিত হৈছে-সেয়া ই চিনাক্ত কৰিব বিচাৰে। অৰ্থাৎ, কোনবোৰ মনস্তাত্বিক লক্ষণ মানৱ ক্ৰমবিকাশত প্ৰাকৃতিক নিৰ্বাচন (Natural selection) আৰু যৌন নিৰ্বাচনৰ (Sexual Selection) দ্বাৰা উদ্ভৱ হৈছে? প্ৰকৃতিৰ মাজত অহৰহ এটা বাছনি প্ৰক্ৰিয়া চলি থাকে য’ত কেৱল যোগ্যজনহে বাচি থাকিব পাৰে। এয়াই হ’ল প্ৰাকৃতিক নিৰ্বাচন (Natural Selection)। প্ৰাকৃতিক নিৰ্বাচনৰ ধাৰণাটোক যোগ্য ভোগ্য বসুন্ধৰা (Survival of The Fittest) বুলিও কোৱা হয়। বৰ্তমান সময়ত জীয়াই থকা প্ৰাণীসমূহ একেদিনাই সৃষ্টি হোৱা নাই। নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাই লবলৈ প্ৰাণীসমূহে নতুন নতুন গুণ আৰু আচৰন বিকশিত কৰে। বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে যুক্তি দিয়ে যে মানুহৰ বেছিভাগ আচৰণ হৈছে মনস্তাত্বিক পৰিৱৰ্তনৰ ফলাফল যি মানৱ বংশানুক্ৰমিক পৰিৱেশত (ancestral environments) বাৰে বাৰে হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে বিকশিত হৈছিল।[3] বিবৰ্তনমূলক মনোবিজ্ঞানীসকলৰ মতে সকলো সংস্কৃতিত সৰ্বজনীনভাৱে হোৱা আচৰণ বা লক্ষণবোৰহে বিবৰ্তনীয় অভিযোজনৰ যোগ্য।[4] যেনে আনৰ আৱেগ অনুমান কৰাৰ ক্ষমতা, স্বজনপ্ৰীতৰ পৰা স্বজনপৰিচয় নিৰ্ধাৰণ কৰা, স্বাস্থ্যকৰ সঙ্গী পছন্দ কৰা, আৰু আনৰ সৈতে সহযোগিতা কৰা আদি লক্ষণবোৰৰ বিবৰ্তন ঘটে। এই বিষয়ে বহুতো অধ্যয়ন কৰা হৈছে, আৰু আকৰ্ষণীয় ফলাফলৰ পোৱা গৈছে। উদাহৰণ স্বৰূপে, কিছু সামাজিক আচৰণ, যেনে বুদ্ধিমত্তা, শিশুহত্যা, বিবাহৰ প্ৰকাৰ, অপ্ৰৱণতা, সৌন্দৰ্যৰ ধাৰণা, যৌতুক প্ৰথা, আৰু অভিভাৱক বিনিয়োগ আদি বিষয়সমূহ বিবৰ্তনমূলক মনোবিজ্ঞানেৰে সুন্দৰ ব্যাখ্যা দিব পাৰি। ক্ৰমবিকাশশীল মনোবিজ্ঞানৰ তত্ত্ব আৰু ফলাফল অৰ্থনৈতিক, পৰিৱেশ, স্বাস্থ্য, আইন, ব্যৱস্থাপনা, মনস্তত্ত্ব, ৰাজনীতি আৰু সাহিত্যকে ধৰি বহুতো ক্ষেত্ৰত প্ৰয়োগ আছে।[5][6] বিবৰ্তনমূলক মনোবিজ্ঞানৰ এক প্ৰধান সমালোচনা হৈছে যে এই বিষয়টোৱে ধৰ্মশাস্ত্ৰত বাইবেলৰ সৃষ্টিতত্ত্বৰ বিপৰিতে কিছু বাখ্যা দিয়ে। আনবোৰ সমালোচনা হʼল ইয়াৰ পৰীক্ষাযোগ্যতা, বোধগত, আৰু বিকাশমূলক অনুমানৰ প্ৰশ্ন (যেনে মস্তিষ্কৰ মডুলাৰিট ক্ৰিয়াকলাপ, বংশানুক্ৰমিক বা পৈতৃক পৰিৱেশ বিষয়ে বৃহৎ অনিশ্চয়তা, ইত্যাদি)।[7][8] ইতিহাসবিবৰ্তনমূলক বা ক্ৰমবিকাশ মনোবিজ্ঞানৰ ইতিহাস চাৰ্লছ ডাৰউইন (Charles Darwin)ৰ সৈতে আৰম্ভ হৈছিল, যিয়ে কৈছিল যে মানুহৰ সামাজিক প্ৰবৃত্তি প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা বিকশিত হৈছে। তেওঁৰ প্ৰস্তাৱ যে জীৱৰ সকলো প্ৰজাতি সময়ৰ লগে লগে শাৰীৰিক আৰু মানসিকভাৱে বিকশিত হয়। বিজ্ঞানত ই এক ভিত্তিমূলক ধাৰণা বুলি গণ্য কৰা হয় আৰু বহুলভাৱে গ্ৰহণ কৰা হয়।[9] ডাৰউইনৰ কৰ্মই পিছত ৱিলিয়াম জেমস (William James) আৰু চিগ্মণ্ড ফ্ৰয়েড (Sigmund Freud)-ৰ দৰে মনোবিজ্ঞানীসকলক অনুপ্ৰাণিত কৰিছিল। কিন্তু ২০শ শতিকাৰ বেছিভাগ মনোবিজ্ঞানীয়ে মানৱ আচৰণৰ ওপৰত অধিক গুৰুত্ব দিছিল, বংশানু আৰু পৰিবেশৰ সংযুক্ত প্ৰভাৱত কিদৰে আচৰণৰ সলনি হʼব পাৰে তাৰ ওপৰত বিশেষ অধ্যয়ন হোৱা নাছিল। বিবৰ্তনমূলক মনোবিজ্ঞান (Evolutionary Psychology) শব্দটো জনপ্ৰিয় কৰিছিল জেৰোম বাৰ্কো (Jerome Barkow), লেডা কোস্মাইডছ (Leda Cosmides) আৰু জন টোবি (John Tooby)-এ তেওঁলোকৰ ১৯৯২ চনৰ “দ্য এডাপ্টেড মাইণ্ড: ইভোল্যুশনাৰি ছাইকোলজিছ এণ্ড দি জেনাৰেশন অব কালচাৰ" (The Adapted Mind:Evolutionary Psychology and The Generation of Culture) নামৰ কিতাপখনৰ দ্বাৰা।[10] ইয়াৰ আগতে ক্ৰমবিকাশশীল মনোবিজ্ঞান এক বিতৰ্কিত বিষয় আছিল, কিন্তু সময়ৰ লগে লগে বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে তেওঁলোকৰ ক্ষেত্ৰখনে সামগ্ৰিকভাৱে ব্যাপক গ্ৰহণযোগ্যতা লাভ কৰে বুলি মত প্ৰকাশ কৰে। প্ৰাকৃতিক বাছনিৰ তত্ত্ববোৰ বিকশিত কৰাত চাৰ্লচ ডাৰউইনৰ একচেটিয়া কামৰ পিছত, ডাৰউইনে তেওঁৰ অন্তিম বছৰৰ বেছিভাগ সময় জন্তুৰ আৱেগ আৰু মনোবিজ্ঞান অধ্যয়নত সমৰ্পিত কৰিছিল। তেওঁ দুখন কিতাপ লিখিছিল; ১৮৭১ চনত The Descent of Man, and Selection in Relation to Sex[11]আৰু ১৮৭২ চনত The Expression of the Emotions in Man and Animals[12] যি বিবৰ্তনমূলক মনোবিজ্ঞানৰ সৈতে সম্পৰ্কিয় বিষয়বোৰ লৈ অধ্যয়ন কৰিছিল। ডৰউইনৰ প্ৰজাতিৰ উৎপত্তি (Origin of the species)ৰ পৰা নিম্নলিখিত উদ্ধৃতিটো প্ৰায়ে বিবৰ্তনমূলক মনোবিজ্ঞানীসকলে ক্ষেত্ৰটোৰ উৎপত্তিৰ প্ৰমাণ হিচাপে ব্যাখ্যা কৰে:
ক্ৰমবিকাশৰ দৃষ্টিশক্তিৰ সমল এফালৰ পৰা আহৰণ কৰা হৈছে, এফালৰ পৰা, জৈৱ বিজ্ঞান (বিশেষকৈ ক্ৰমবিকাশতত্ত্ব তত্ত্ব যিহেতু ই প্ৰাচীন মানৱ পৰিৱেশ, পেলিঅ'নত্বআৰু জন্তুৰ আচৰণৰ অধ্যয়ন) আৰু, আনটো, মানৱ বিজ্ঞান, বিশেষকৈ দৃষ্টিবিজ্ঞানৰ সৈতে সম্পৰ্কিত। ক্ৰমবিকাশৰ বিষয়বস্তু এহাতে জৈৱ বিজ্ঞান (বিশেষকৈ ক্ৰমবিকাশ তত্ত্ব প্ৰাচীন মানৱ পৰিৱেশ, পেলিঅʼএনথ্ৰ্ৰপলজি (paleoanthropology) আৰু জন্তুৰ আচৰণৰ সৈতে সম্পৰ্কিত) আৰু আনহাতে মনোবিজ্ঞানৰ পৰা আহৰণ কৰা হৈছে। বিকশিত মনস্তাত্বিক পদ্ধতিক্ৰমবিকাশশীল মনোবিজ্ঞান এই ধাৰণাটোৰ ওপৰত আধাৰিত যে, যেনে হৃদযন্ত্ৰ, হাঁওফাঁও, যকৃত, বৃক্ক, আৰু ৰোগ প্ৰতিৰোধৰ প্ৰণালী আছে, জ্ঞানৰ কাৰ্যকৰী গঠন আছে যাৰ আনুবংশিক ভিত্তি আছে, আৰু সেয়েহে প্ৰাকৃতিক বাছনিৰ দ্বাৰা বিকশিত হৈছে। অন্যান্য অঙ্গৰ দৰে, এই কাঠামটোৱে এটা প্ৰজাতিৰ মাজত সাৰ্বজনীনভাৱে ভাগ বটোৱাৰা হয়, আৰু জীয়াই থকা আৰু প্ৰজননৰ গুৰুত্বপূৰ্ণ সমস্যাবোৰ সমাধান কৰে। ক্ৰমবিকাশশীল মনোবিজ্ঞানীসকলে ক্ৰমবৰ্ধক ইতিহাসৰ ওপৰত ভিত্ত কৰি জীৱন আৰু প্ৰজনন কাৰ্যবোৰৰ দ্বাৰা মনস্তাত্বিক প্ৰণালী বুজিব বিচাৰে। ইয়াৰ ভিতৰত থাকিব পাৰে আনৰ আৱেগ উদ্ভাৱন কৰাৰ সামৰ্থ্য, আত্মীয়ৰ সম্পৰ্ক, স্বাস্থ্যৱান সঙ্গীচিনাক্ত কৰা আৰু পছন্দ কৰা, আনৰ সৈতে সহযোগিতা কৰা, দলপতিক অনুসৰণ কৰা আদি বিষয়সমূহ।[13] তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia