বিজয়া ৰায়
বিজয়া ৰায়(ইংৰাজী: Bijoya Ray), জন্ম নাম: বিজয়া দাস, জন্ম: ২৭ অক্টোবৰ ১৯১৭ – মৃত্যু: ২ জুন ২০১৫ চন,[1] ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সত্যজিৎ ৰায়ৰ পত্নী। তেওঁলোকৰ পুত্ৰ সন্দীপ ৰায়ো এজন চলচ্চিত্ৰ পৰিচালক। বিজয়া প্ৰথমাৱস্থাত সত্যজিতৰ মাকৰ ফালৰ সম্পৰ্কৰ ভনীয়েক আছিল।[2] বিজয়াৰ দেউতাক সত্যজিতৰ মাকৰ সম্পৰ্কীয় ডাঙৰ ভায়েক আছিল। বিজয়াৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ১৯৪৯ চনত তেওঁলোকৰ বিবাহ হয়।[3] বিজয়াই ১৯৪৪ চনত শেষ ৰক্ষা নামৰ এখন বাংলা বৈশিষ্ট্যপূৰ্ণ ছবিত অভিনয় আৰু প্লেবেক গীত গাইছিল আৰু বিজয়াই ১৯৯৮ চনত কেথেৰিন বাৰ্গেৰ তথ্যচিত্ৰ গাছতো অভিনয় কৰিছিল। ২০১৫ চনৰ ২ জুনত ৯৭ বছৰ বয়সত কলকাতাত তীব্ৰ নিউমোনিয়া ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।[4] আদি জীৱন আৰু শিক্ষাবিজয়া ৰায় ১৯১৭ চনত চাৰু চন্দ্ৰ দাস আৰু মাধুৰী দেবীৰ ঘৰত জন্মগ্ৰহণ কৰে। তেওঁৰ পিতৃ এজন ব্যাৰিষ্টাৰ আছিল আৰু মাক জাতীয়তাবাদী নেতা 'দেশবন্ধু' চিত্তৰঞ্জন দাসৰ স্ত্ৰী বাসন্তী দেবীৰ সৰু ভনীয়েক আছিল। বিজয়া ৰায় চাৰি ভনীৰ মাজত কনিষ্ঠ আছিল। তেওঁৰ ডাঙৰ বায়েক সতী দেবী এগৰাকী বিখ্যাত সংগীতশিল্পী আছিল, যিয়ে উদয় শঙ্কৰৰ লগত আলমোৰাত আৰু বোম্বেৰ পৃথ্বী থিয়েটাৰত কাম কৰিছিল। তদুপৰি সতী দেবীৰ কন্যা ৰুমা গুহ ঠাকুৰতা সংগীত আৰু অভিনয় জগতৰ এক সুপৰিচিত ব্যক্তিত্ব আছিল, যিয়ে কিংবদন্তি গায়ক কিশোৰ কুমাৰক বিয়া কৰিছিল। বিজয়া ৰায় বহু ছবিত কাম নকৰিলেও তেওঁৰ বহুমুখী অভিনয়ৰ প্ৰতিভা আছিল। তৎকালীন বিখ্যাত গায়িকা কনক দাস(বিশ্বাস) তেওঁ পিতৃৰ ফালৰ সম্পৰ্কীয় আছিল।[5] বিজয়া ৰায় পাটনাত ডাঙৰ-দীঘল হয় আৰু তাতেই শিক্ষা লাভ কৰে। তেওঁৰ এক প্ৰতিভাশালী কণ্ঠ আছিল আৰু বিজয়াৰ দেউতাকে তেওঁক সোপ্ৰানো শিকিবলৈ আৰু পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লাভ কৰাৰ বাবে পেৰিচলৈ পঠিয়াবলৈ বিচাৰিছিল। ১৯৩৩ চনত, তেওঁৰ বয়স যেতিয়া তেৰ বছৰ তেতিয়া তেওঁৰ পিতাকৰ মৃত্যু হয়। তেতিয়া তেওঁ তেওঁৰ মাক আৰু ভনীয়েকহঁতৰ সৈতে কলকাতাত থকা দেউতাকৰ মোমায়েকৰ ঘৰলৈ থাকিবলৈ আহে৷ ইয়াতেই তেওঁ তেওঁৰ সম্পৰ্কীয় ভায়েক সত্যজিতৰ লগত দেখাদেখি হয়৷ তেওঁলোক দুয়ো এজনে আনজনৰ প্ৰতি আকৰ্ষিত হয় আৰু দুয়োৰে কথাছবি আৰু পশ্চিমীয়া সংগীতৰ প্ৰতি আগ্ৰহ আছিল৷ বিজয়াই কলকাতাৰ “যোগমায়া দেৱী কলেজ’’ৰ পৰা স্নাতক ডিগ্ৰী লাভ[6] কৰাৰ পিছত কলকাতাৰ বেথুন স্কুল আৰু “কমলা বালিকা বিদ্যালয়’’ৰ শিক্ষয়িত্ৰী হিচাপে আৰু কিছু সময়ৰ বাবে এটি চৰকাৰী কাৰ্যালয়ত কেৰেণী হিচাপে কাম কৰিছিল৷ পিছত তেওঁ চিনেমাৰ দ্বাৰাই কৰ্মজীৱন আৰম্ভ কৰিবলৈ মুম্বাইলৈ যায়গৈ৷[7] কৰ্মজীৱনবিজয়াই কেইখনমান চিনেমাত কাম কৰিলে যদিও সফলতা বা সন্তুষ্টি নাপালে। ১৯৪৯ চনত তেওঁ সত্যজিৎ ৰায়ৰ লগত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ একমাত্ৰ পুত্ৰ সন্দীপৰ জন্ম হৈছিল ১৯৫৩ চনত।[3] সত্যজিৎ ৰায়ৰ জীৱনত অহৰহ প্ৰেৰণা আৰু প্ৰভাৱ যোগাই আছিল বিজয়াই। ১৯৯২ চনত স্বামীৰ মৃত্যুৰ পিছৰ পৰা পুত্ৰ সন্দীপ, বোৱাৰী ললিতা আৰু নাতি সৌৰদীপৰ সৈতে তেওঁ কলকাতাত বাস কৰিছিল। তেওঁ এখন আত্মজীৱনী লিখিছিল, নাম “আমাদেৰ কথা’’, প্ৰকাশক আছিল, আনন্দ পাব্লিচাৰ্ছ, (আই এছ বি এন ৮১-৭৭৫৬-৬৮৭-৩)"। ২০১৫ চনৰ ২ জুনত নিউমোনিয়াত আক্ৰান্ত হৈ ৯৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[4] তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia