বাৰ্তা:ৱিকিস্পিচিজঅলপদিন আগতে হোৱা আলোচনা এটাত দুজনমানে "ৱিকি" প্ৰকল্প বা ৱেবচাইটৰ নাম ইংৰাজীতে ৰখাৰ কথা কৈছিল। সেইটোৱেই উচিত হ'ব বুলি ভাবোঁ। নহ'লে "ৱিকিপিডিয়া"কো "ক্ষিপ্ৰকোষ" বুলি নামাকৰণ কৰিব লাগিব। অনানুষ্ঠানিকভাৱে অৱশ্যে অসমীয়া নাম উল্লেখ কৰিব পাৰি। লগতে wikispeciesৰ শুদ্ধ উচ্চাৰণ "ৱিকিস্পিছিজ" কৰি দিওঁ। হ'বনে? Gitartha.bordoloi 16:29, 11 জানুৱাৰী 2012 (UTC)
Gitartha.bordoloi 13:21, 13 জানুৱাৰী 2012 (UTC) অন্যসমকলে দেখোন কিবা কোৱাৰ কথা মোৰ মনত নপৰে| তুমি আৰু চাইপুৱে অৱশ্যে কৈছিলা| বাৰু যি কি নহওঁক, অন্যসকলক সদস্যকো মতামত দিৱলৈ অনুৰোধ জনাইছো, চাওঁ তেখেতসকলে কি কয়? (Bishnu Saikia) বিষ্ণু শইকীয়া 13:40, 13 জানুৱাৰী 2012 (UTC) মই কেইদিনমান ৱিকিপিডিয়া খোলাই নাছিলো। ইয়াৰে আলোচনাটো দেখি কি সিদ্ধান্ত ল'ম বিচাৰি নাপাই, বাকী সকলেনো কি কৰিছে তাকে চালো। স্পেনিছ, ইটালীয়ান কেইজনে চবতে প্ৰথমে ৱিকি শব্দটো ৰাখি পাছৰখিনি নিজৰ ভাষামতে সলনি কৰিছে। যেনে, wikiversity হৈছেগৈ Wikiversité, Wikiversidad এনেকুৱা। মোৰ মতে য'ত আমি এটা অৰ্থবাহক সুন্দৰ নাম পাওঁ, তাত ৱিকি+শব্দটো লগাই কৰাই ভাল হ'ব নেকি? উদাহৰণ স্বৰূপে 'ৱিকিবিদ্যালয়', কিন্তু য'ত নাপাওঁ তাত মূল শব্দটোকেই ৰখা ভাল। যেনে, ৱিকি শব্দটো--এইটোৰ সঠিক অসমীয়া নাই। ৱিকি মূল শব্দৰ অৰ্থ ক্ষীপ্ৰ হ'লেও, যিটো অৰ্থত আমি ৱিকি শব্টো ব্যৱহাৰ কৰোঁ সেইটোৰ অৰ্থ ক্ষীপ্ৰ নহয়। এনেই শুনিবলৈ ৱিকিস্পিছিজ বোলোতে অসমীয়া আৰু ইংৰাজীৰ মাজত একো পাৰ্থক্য নাথাকে। এটা নতুন শব্দ গ্ৰহন কৰাটো সহজ, যেনে 'ৱিকি' কিন্তু প্ৰতিবাৰতে নতুন নতুন শব্দ ওলালে কিছুমান মানুহে অসুবিধা পাব পাৰে। অসমীয়া ৱিকিপিডিয়াত লিখোঁতে মই এটা নিয়ম কৰি লৈছোঁ যে যিসকলে পঢ়িব তেওঁলোকে একেবাৰে ইংৰাজী নেজানে বুলি ধৰি লওঁ। যাতে, ইংৰাজী শব্দ যিমান পাৰি কমাব পাৰি। কিন্তু এই নামকৰণ সম্বন্ধে মোৰ ঠিক পানী নসৰকা মত এটা নাই। উদ্দীপতালুকদাৰ 18:26, 13 জানুৱাৰী 2012 (UTC)
এতিয়াহে কথাবোৰ পৰিষ্কাৰ হ’ব যেন বোধ হৈছে| উদ্দীপদাৰ দৰে ময়ো বহুকেইটা ভাষা চালিজাৰি চায়েই মতামত দাঙি ধৰিছিলো| আৰু ৱিকি শব্দটো উদ্দীপদাই কোৱাৰ দৰে ময়ো ভাৱো, প্ৰকাশ কৰাতহে অসুবিধা পাইছিলো| তেখেতে কামটো সহজ কৰি দিলে| মোৰ ফালৰ পৰা এইখন দিছো :-
লগতে ৱিকিট্ৰেভেল = ৱিকি ভ্ৰমন ভুল ভ্ৰান্তি হ’ব পাৰে| যিহেতু আমি সকলোৱে নিস্বাৰ্থমনেৰেই ৱিকিৰ উন্নতিৰ বাবে কাম কৰি আছো সেয়ে মিলিজুলি আগবঢ়াই নিলে ভাল পাম| মোৰ কথাখিনি সমৰ্থন নকৰিলেও কাকো বেয়া নাপাও| সকলোৰে নিজস্ব মতামত আছে| (Bishnu Saikia) বিষ্ণু শইকীয়া 19:42, 13 জানুৱাৰী 2012 (UTC)
মোৰ মতে Wiki শব্দটোৰ লগত যিবিলাক নতুন শব্দ লগ লাগি এটা নতুন সংযুক্ত শব্দ গঠিত হৈছে তাক মিশ্ৰ-শব্দৰ শাৰীৰ ধৰি ৰাখি আমি Wikibooks ৱিকিগ্ৰন্থ, Wikinews ৱিকিসংবাদ আদিৰ দৰে কৰিলেহে ভাল হ'ব৷ কিন্তু একেবাৰে ভাঙিব নোৱাৰা শব্দৰ ক্ষেত্ৰত লিপ্যন্তৰ কৰি ৰখাই ভাল হ'ব৷ কাৰণ অসমীয়াত ইতিমধ্যে "স্কুলপণ্ডিত", "কাঠপেঞ্চিল"ৰ দৰে মিশ্ৰ-শব্দবোৰে অভিধানতো স্থান পাইছে৷ সময়ত ৱিকিগ্ৰন্থ, ৱিকিসংবাদ, ৱিকিপ্ৰজাতি শব্দবোৰো ভাল লগা হ'ব৷ বুজাতো সহজ হ'ব৷ Anjal Borah 10:23, 16 জানুৱাৰী 2012 (UTC) |
Portal di Ensiklopedia Dunia