বাসন্তী দেৱী
বাসন্তী দেৱী (২৩ মাৰ্চ ১৮৮০ – ৭ মে ১৯৭৪) ভাৰতত ব্ৰিটিছ শাসনকালৰ এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী আছিল। তেওঁ কৰ্মী চিত্তৰঞ্জন দাসৰ পত্নী আছিল। ১৯২১ চনত দাসক ব্ৰিটিছ চৰকাৰে গ্ৰেপ্তাৰ কৰে। ১৯২৫ চনত তেখেতৰ মৃত্যুৰ পিছত, বাসন্তী দেৱীয়ে বিভিন্ন ৰাজনৈতিক আৰু সামাজিক আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰে আৰু স্বাধীনতাৰ পিছতো নিজৰ সামাজিক কাম অব্যাহত ৰাখে। তেওঁক ১৯৭৩ চনত ভাৰত চৰকাৰৰ পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল। জীৱন আৰু কাৰ্যকলাপবাসন্তী দেৱীৰ জন্ম হৈছিল ১৮৮০ চনৰ ২৩ মাৰ্চ তাৰিখে। ব্ৰিটিছ ঔপনিৱেশিক শাসনকালত অসমৰ এক বৃহৎ জমিদাৰ দিৱান বৰদনাথ হালদাৰৰ ঘৰত তেওঁৰ জন্ম হয়। বাসন্তীয়ে কলকাতাৰ লৰেটো হাউচত অধ্যয়ন কৰিছিল। ইয়াতেই তেওঁ সোতৰ বছৰ বয়সত চিত্তৰঞ্জন দাসক লগ পাইছিল আৰু তেওঁৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।[1] ১৮৯৮ চনৰ পৰা ১৯০১ চনৰ ভিতৰত তেওঁলোকৰ তিনিটাকৈ সন্তান জন্ম হৈছিল।[2] স্বামীক অনুসৰণ কৰি বাসন্তী দেৱীয়ে আইন অমান্য আন্দোলন আৰু খিলাফত আন্দোলনৰ দৰে বিভিন্ন আন্দোলনত অংশগ্ৰহণ কৰে আৰু ১৯২০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নাগপুৰ অধিৱেশনতো অংশগ্ৰহণ কৰে। পৰৱৰ্তী বছৰত, তেওঁ দাসৰ ভগ্নী উৰ্মিলা দেৱী আৰু সুনীতা দেৱীৰ সৈতে যোগ দি মহিলা কৰ্মীসকলৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ "নাৰী কৰ্ম মন্দিৰ" স্থাপন কৰে।[3] ১৯২০-২১ চনত তেওঁ জলপাইগুৰিৰ পৰা তিলক স্বৰাজ পুঁজিৰ বাবে সোণৰ অলংকাৰ আৰু ২০০০ সোণৰ মুদ্ৰা সংগ্ৰহ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[4] ১৯২১ চনত অসহযোগ আন্দোলনৰ সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে বিদেশী সামগ্ৰীৰ ওপৰত ধৰ্মঘট আৰু নিষেধাজ্ঞা ৰখাৰ আহ্বান জনায়। কলকাতাত, পাঁচজন স্বেচ্ছাসেৱকৰ সৰু সৰু গোটক কলকাতাৰ ৰাস্তাত খাদী, হাতেৰে কটা কাপোৰ বিক্ৰী কৰিবলৈ নিযুক্ত কৰা হৈছিল। স্থানীয় আন্দোলনৰ আগশাৰীৰ ব্যক্তি দাসে তেওঁৰ পত্নী বাসন্তী দেৱীক এনে এটা গোটৰ নেতৃত্ব দিয়াৰ সিদ্ধান্ত লৈছিল। সুভাষ চন্দ্ৰ বসুৰ সতৰ্কবাণী স্বত্বেও দেৱী ৰাজপথলৈ ওলাই গৈছিল আৰু ইয়েই ব্ৰিটিছসকলক তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰৰোচিত কৰিছিল। অৱশ্যে তেওঁক মাজনিশাৰ ভিতৰতে মুকলি কৰি দিয়া হৈছিল। তথাপিও দেৱীৰ গ্ৰেপ্তাৰে এক ব্যাপক আন্দোলনক গতি প্ৰদান কৰিছিল। কলকাতাৰ দুখন কাৰাগাৰ বিপ্লৱী স্বেচ্ছাসেৱকেৰে ভৰি পৰিছিল আৰু অধিক সন্দেহজনক লোকক আটক কৰিবলৈ খৰখেদাকৈ ডিটেনচন কেম্প নিৰ্মাণ কৰা হৈছিল। ১৯২১ চনৰ ১০ ডিচেম্বৰত আৰক্ষীয়ে দাস আৰু বসুক গ্ৰেপ্তাৰ কৰে।[5] দাসৰ গ্ৰেপ্তাৰৰ পিছত, বাসন্তী দেৱীয়ে তেওঁৰ সাপ্তাহিক প্ৰকাশন বাঙ্গলাৰ কথা (বংগৰ কাহিনী)ৰ দায়িত্ব গ্ৰহণ কৰে।[6] তেওঁ ১৯২১-২২ চনত বেংগল প্ৰভিন্সিয়েল কংগ্ৰেছৰ সভাপতি আছিল। ১৯২২ চনৰ এপ্ৰিলমাহৰ চিটাগং সন্মিলনত তেওঁৰ ভাষণৰ জৰিয়তে তেওঁ তৃণমূল আন্দোলনক উৎসাহিত কৰিছিল। ভাৰতৰ চাৰিওফালে ভ্ৰমণ কৰি, তেওঁ ঔপনিৱেশিকতাৰ বিৰোধিতা কৰাৰ বাবে কলাৰ সাংস্কৃতিক বিকাশত সমৰ্থন জনাইছিল।[2] যিহেতু দাস, সুভাষ চন্দ্ৰ বসুৰ ৰাজনৈতিক পৰামৰ্শদাতা আছিল সেয়ে বসুৱে বাসন্তী দেৱীৰ প্ৰতি যথেষ্ট সন্মান প্ৰদৰ্শন কৰিছিল। ১৯২৫ চনত দাসৰ মৃত্যুৰ পিছত, বসুৱে দেৱীৰ সৈতে তেওঁৰ ব্যক্তিগত আৰু ৰাজনৈতিক সন্দেহৰ বিষয়ে আলোচনা কৰিছিল বুলি জনা যায়।[7] বসুৱে বাসন্তী দেৱীক তেওঁৰ "দত্তক মাতৃ" বুলি গণ্য কৰে আৰু তেওঁক বসুৰ জীৱনৰ চাৰিগৰাকী বিশিষ্ট মহিলাৰ ভিতৰত বুলি গণ্য কৰা হয়, বাকী তিনিগৰাকী হৈছে তেওঁৰ মাতৃ প্ৰভাৱতী, তেওঁৰ ভগ্নী বিভাৱতি (শৰৎ চন্দ্ৰ বসুৰ পত্নী) আৰু তেওঁৰ পত্নী এমিলি শ্চেনকল।[8] তেওঁৰ স্বামীৰ দৰে বাসন্তী দেৱীয়েও ভাৰতীয় স্বাধীনতা আন্দোলনৰ বিপ্লৱী কৰ্মীসকলৰ প্ৰতি সহানুভূতিশীল আছিল। ১৯২৮ চনত ভাৰতীয় স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ শান্তিপূৰ্ণ প্ৰতিবাদী সমদলৰ বিৰুদ্ধে চলোৱা লাঠি চালনাত আৰক্ষীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হোৱাৰ কেইদিনমান পিছত ৰায়ৰ মৃত্যু হয়। ইয়াৰ পিছত, বাসন্তী দেৱীয়ে ভাৰতীয় যুৱক-যুৱতীসকলক লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ অনুৰোধ জনায়।[9][10] ১৯৪৭ চনত ভাৰতৰ স্বাধীনতাৰ পিছত, বাসন্তী দেৱীয়ে সামাজিক কাম-কাজ অব্যাহত ৰাখিছিল।[11] চৰকাৰৰ দ্বাৰা পুঁজি যোগান ধৰা কলকাতাৰ প্ৰথম মহিলা মহাবিদ্যালয়, বাসন্তী দেৱী মহাবিদ্যালয় ১৯৫৯ চনত প্ৰতিষ্ঠা কৰা হয়।[2][12] ১৯৭৩ চনত তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্ম বিভূষণ সন্মানেৰে সন্মানিত কৰা হয়।[13][14] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia