বাগড়ী ভাষা
বাগড়ী ভাষা (باگڑی/बागड़ी) এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত। ই হাৰিয়ানৱী, ৰাজস্থানী আৰু পাঞ্জাবীক সংযোগ কৰা ভাষা। এই ভাষাৰ নাম বাগড় অঞ্চলৰ পৰা অহা।[4] বাগড়ী ভাষী লোক ঘাইকৈ ভাৰতৰ ৰাজস্থান ৰাজ্যৰ হনুমানগঢ় আৰু শ্ৰী গংগাধৰ জিলা, হাৰিয়ানাৰ সিৰসা জিলা আৰু পাঞ্জাবৰ ফজিল্কা জিলাৰ বাসী। কম সংখ্যাত বাগড়ী ভাষী লোক পাকিস্তানৰ পাঞ্জাবৰ বহৱলপুৰ আৰু বহৱলনগৰতো থাকে। হাৰিয়ানৱী, পাঞ্জাবী আৰু ৰাজস্থানীৰ দৰে অন্য ভাৰতীয়-আৰ্য ভাষাৰ দৰেই বাগড়ীতো বিষয়-বস্তু-ক্ৰিয়া ক্ৰম ব্যৱহাৰ কৰা হয়। বাগড়ীৰ আটইতকৈ চকুত লগা ধ্বনিতাত্ত্বিক বৈশিষ্ট্য হ'ল অৰ্থবহুল সুৰৰ অস্তিত্ব: উচ্চ, মধ্য আৰু নিম্ন, পাঞ্জাবী ভাষাৰ দৰে।[5] এই ভাষাৰ হাৰিয়ানৱী ভাষাৰ সৈতে ৬৫% শব্দ সম্ভাৰৰ সামঞ্জস্য আছে। ২০১১ চনৰ ভাৰতৰ জনগণনাৰ মতে বাগড়ী ৰাজস্থানীৰ ২৩৪২২৭ আৰু পাঞ্জাবী বাগড়ীৰ ১৬৫৬৫৮৮জন কথোঁতা আছিল।[6] বৈশিষ্ট্যধ্বনিতত্ত্ববাগড়ীত ৩১টা ব্যঞ্জনধ্বনি আছে, যাৰ মাজত মূৰ্ধন্য ধ্বনিও আছে। তদুপৰি, ১০টা স্বৰধ্বনি, ২টা ডিফটং আৰু ৩টা সুৰ আছে। ক্ৰিয়া
বাগড়ীৰ বিষয়ে গৱেষণা/ অন্য কৰ্ম
তথ্য সংগ্ৰহ
গ্ৰন্থৰ তালিকা
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia