বাংলাদেশৰ জাতীয় পতাকা
বাংলাদেশৰ জাতীয় পতাকা সেউজীয়া আয়তক্ষেত্ৰৰ মাজত ৰঙা বৃত্তৰে গঠিত। সেউজীয়া ৰং বাংলাদেশৰ সেউজীয়া প্ৰকৃতি তথা তাৰুণ্যৰ প্ৰতীক আৰু বৃত্তৰ ভিতৰত থকা ৰঙা ৰং উদীয়মান সূৰ্য আৰু স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া লোকসকলৰ তেজৰ প্ৰতীক। বাংলাদেশৰ জাতীয় পতাকাৰ এই ৰূপ ১৯৭২ চনৰ ১৭ জানুৱাৰীত চৰকাৰীভাৱে গৃহীত হয়। ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা আন্দোলনৰ সময়ত প্ৰায় একেই ধৰণৰ এখন পতাকা ব্যৱহাৰ কৰা হৈছিল যাৰ মাজত ৰঙা বৃত্তৰ ভিতৰত হালধীয়া ৰঙৰ এখন মানচিত্ৰ আছিল। ১৯৭২ চনৰ ১২ জানুৱাৰীত পতাকাখনৰ পৰা মানচিত্ৰখন আঁতৰোৱা হয়।[1] পতাকাৰ উভয়ফালে সঠিকভাৱে মানচিত্ৰখন ফুটাই তোলাৰ অসুবিধাই আছিল পতাকাখনৰ পৰা মানচিত্ৰখন আঁতৰোৱাৰ অন্যতম কাৰণ।[2] ইতিহাস১৯৭১ চনৰ স্বাধীনতা যুদ্ধত ব্যৱহৃত পতাকাৰ উপৰত ভিত্তি কৰি এই পতাকা নিৰ্ধাৰণ কৰা হয়, তেতিয়া মধ্যৰ ৰঙা বৃত্তত বাংলাদেশৰ মানচিত্ৰ আছিল, পৰৱৰ্তী সময়ত পতাকাক সহজ কৰি, মানচিত্ৰ খন বাদ দিয়া হয়। বাংলাদেশৰ জাতীয় পতাকা, জাপানৰ জাতীয় পতাকাৰ লগত মিল আছে, কিন্তু পাৰ্থক্য হৈছে বাংলাদেশৰ সেউজীয়াৰ ঠাইত, জাপানীসকলে বগা ব্যবহাৰ কৰে। ৰঙা বৃত্তটো একাষে অলপ চাপি আছে, যেতিয়া পতাকা উৰি থাকে তেতিয়া যেন ই পতাকাৰ মাজত থকা যেন দেখা যায়। ১৯৭০ চনৰ ৭ জুনত তৎকালীন পূৰ্ব পাকিস্তানৰ ৰাজধানী ঢাকাৰ পল্টন ময়দানত অনুষ্ঠিত ছাত্ৰসকলৰ এক সামৰিক কুচকাওয়াজত বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানৰ অংশ গ্ৰহণৰ কথা আছিল। এই লক্ষ্যৰে ছাত্ৰসকলৰ দ্বাৰা এক জয়বাংলা বাহিনী, বা 'ফেব্ৰুৱাৰী ১৫ বাহিনী' গঠন কৰা হয়। ছাত্ৰ নেতাসকলে এই বাহিনীৰ এক পতাকা তৈয়াৰ কৰাৰ সিদ্ধান্ত লয়। এই লক্ষ্যৰে ১৯৭০ চনৰ ৬ জুনত ঢাকা বিশ্ববিদ্যালয়ৰ ছাৰ্জেণ্ট জহুৰুল হক হলৰ (তৎকালীন ইকবাল হল) ১০৮ নং কক্ষত ছাত্ৰলীগ নেতা আ স ম আবদুৰ ৰব, শাহজাহান ছিৰাজ, কাজী আৰেফ আহমদ, মাৰ্ছেল মনিৰুল ইছলাম পতাকাৰ পৰিকল্পনা সম্পৰ্কে বৈঠক বহে। এই বৈঠকত আৰু উপস্থিত আছিল ছাত্ৰলীগ নেতা স্বপন কুমাৰ চৌধুৰী, জগন্নাথ বিশ্ববিদ্যালয়ৰ (তৎকালীন জগন্নাথ কলেজ) ছাত্ৰলীগ নেতা নজৰুল ইছলাম, কুমিল্লা জিলা ছাত্ৰলীগৰ সাধাৰণ সম্পাদক তথা কেন্দ্ৰীয় ছাত্ৰনেতা শিৱনাৰায়ন দাস, প্ৰকৌশল বিশ্ববিদ্যালয় ছাত্ৰলীগৰ সাধাৰণ সম্পাদক হাছানুল হক ইনু আৰু ছাত্ৰনেতা ইউছুফ ছালাউদ্দিন আহমেদ। সভাত কাজী আৰেফৰ প্ৰাথমিক প্ৰস্তাৱনাৰ উপৰত ভিত্তি কৰি আলোচনাৰ শেষত সেউজীয়া ভূমিৰ উপৰত ৰঙা সূৰ্যৰ মাজত হালধীয়া ৰঙেৰে বাংলাৰ মানচিত্ৰ খচিত পতাকা তৈয়াৰ কৰাৰ সিদ্ধান্ত হয়। কামৰুল আলম খান (খসৰু) তেতিয়া ঢাকা নিউ মাৰ্কেটৰ এক বিহাৰী দৰ্জিৰ দোকানৰ পৰা ডাঙৰ এটুকুৰা সেউজীয়া কাপোৰৰ মাজত ৰঙা বৃত্ত এটা ছিলাই কৰি আনে; ইয়াৰ পিছত ইউছুফ ছালাউদ্দিন আহমেদ আৰু হাছানুল হকে ইনু প্ৰকৌশল বিশ্ববিদ্যালয়ৰ কায়েদে আজম হল (বৰ্তমানে তিতুমীৰ হল)ৰ ৩১২ নং কক্ষৰ এনামুল হকৰ ওচৰৰ পৰা মানচিত্ৰৰ কিতাপ আনি ট্ৰেছিং পেপাৰত পূৰ্ব পাকিস্তানৰ মানচিত্ৰ অংকণ কৰে। ছাত্ৰনেতা শিবনাৰায়ণ দাসে শেষত তেওঁৰ নিপুন হাতেৰে মানচিত্ৰখন ৰঙা বৃত্তৰ মাজত আঁকে। ১৯৭১ চনৰ ২ মাৰ্চত ঢাকা বিশ্ববিদ্যালয়ত বাংলাদেশৰ ইতিহাসত প্ৰথম জাতীয় পতাকা উত্তোলন কৰেছিল ছাত্ৰ নেতা আ.স.ম. আব্দুৰ ৰবে। তেওঁ সেই সময়ত ঢাকা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ইউনিয়নৰ উপ-সভাপতি আছিল। পূৰ্ব পাকিস্তানৰ চিহ্ন চন্দ্ৰ তৰা ব্যৱহাৰ নকৰাকৈ এই নতুন প্ৰতীক তৈয়াৰ কৰা হৈছিল। চিআইএ ৱৰ্ল্ড ফেক্টবুক অনুযায়ী বাংলাদেশৰ সেউজীয়া প্ৰকৃতি বুজাবলৈ পতাকাত সেউজীয়া ৰং ব্যৱহাৰ কৰা হৈছিল। শেখ মুজিবুৰ ৰহমানে মাৰ্চ ২৩ তাৰিখে তেওঁৰ বাসভৱনত, স্বাধীনতা ঘোষণাৰ আগেয়ে পতাকা উত্তোলন কৰেছিল। পৰবৰ্তী সময়ত ১৯৭২ চনত শেখ মুজিবুৰ ৰহমানৰ চৰকাৰে শিবনাৰায়ণ দাসৰ ডিজাইনকৃত পতাকাৰ মাজৰ মানচিত্ৰখন বাদ দি পতাকাৰ মাপ, ৰঙ আৰু তাৰ ব্যাখ্যা সম্বলিত এক প্ৰতিবেদন দিবলৈ কামৰুল হাছানক দায়িত্ব দিয়ে। কামৰুল হাছানৰ দ্বাৰা পৰিমাৰ্জিত ৰূপটোৱে বৰ্তমান বাংলাদেশৰ জাতীয় পতাকা। পতাকাৰ মাপ
গণপ্ৰজাতন্ত্ৰী বাংলাদেশৰ পতাকা বিধিমালা, ১৯৭২ চন অনুযায়ী জাতীয় পতাকাৰ মাপৰ সুনিৰ্দিষ্ট বিৱৰণ নিম্নলিখিত:[5]
পতাকা ব্যৱহাৰৰ মাপ
ব্যাখ্যা: পতাকাৰ দৈৰ্ঘ্য ১০ ফুট হলে প্ৰস্থ হ'ব ৬ ফুট, ৰঙা বৃত্তৰ ব্যাসাৰ্ধ হ'ব ২ ফুট, পতাকাৰ দৈৰ্ঘ্যৰ ৪.৫ ফুট ওপৰত প্ৰস্থৰ প্ৰায় মাজভাগত অঙ্কিত আনুপাতিক ৰেখাৰ ছেদবিন্দু হ'ব ৰঙা বৃত্তৰ কেন্দ্ৰবিন্দু। পতাকাৰ ব্যৱহাৰবিধি![]() গুৰুত্বপূৰ্ণ চৰকাৰী ভৱন তথা কাৰ্যালয়সমূহ 'বাংলাদেশৰ পতাকা' উত্তোলন কৰা হয়।[5] চৰকাৰী বাসভৱননিন্মলিখিত ব্যক্তিসমূহৰ চৰকাৰী বাসভৱনত ‘পতাকা’ উত্তোলন কৰা হয়:
মটৰগাড়ী তথা জলজাহাজনিন্মলিখিত ব্যক্তিসমূহৰ মটৰগাড়ী তথা জলজাহাজত ‘পতাকা’ উত্তোলন কৰাৰ অধিকাৰ আছে:
উত্তোলননিম্নলিখিত দিৱসসমূহ উপলক্ষে বাংলাদেশৰ সমূহ চৰকাৰী তথা বেচৰকাৰী ভৱনসমূহত তথা বিদেশত অৱস্থিত কূটনৈতিক মিছনৰ কাৰ্যালয় তথা কনচুলাৰ পোষ্টসমূহত বাংলাদেশৰ পতাকা উত্তোলন কৰা হয়:
অৰ্ধনমিতনিম্নলিখিত দিৱসসমূহত ‘পতাকা’ অৰ্ধনমিত ৰখা হয়:
আলোকচিত্ৰৰ ভঁৰাল
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia