ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন
ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন (ইংৰাজী: Frederick Duncan Michael Haldane; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৫১) এজন ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী। তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সন্মানীয় ইউজিন হিগিন্স আসনৰ অধ্যাপক আৰু পেৰিমিটাৰ ইনষ্টিটিউট ফৰ থিয়ৰীটিকেল ফিজিক্সেৰ সন্মানীয় আসনৰ অধ্যাপক।[2] তেওঁ ডেভিদ জেমছ থুলছ আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ ট'প'লজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।[3] [4] শিক্ষা আৰু কৰ্মজীৱনতেওঁ চেইণ্ট প'লছ স্কুল, লণ্ডন আৰু খ্ৰীষ্ট'ছ কলেজ, কেম্ব্ৰিজত শিক্ষা লাভ কৰে।[5] তেওঁ মৌলিক ঘনীভুত পদাৰ্থ বিজ্ঞানৰ দিশত ভালে মান অৱদান আগবঢ়াইছে। তাৰে ভিতৰত উল্লেখযোগ্য হল: তৰলৰ লুটটিংগাাৰ সূত্ৰ, একমাত্ৰীয় স্পীন চেইনৰ সূত্ৰ, ফ্ৰেকচনেল কোৱাণ্টাম হল ইফেক্ট, এক্সক্লুচিভ পৰিসংখ্যা, এনটেংগেল বৰ্ণালী ইত্যাদি। বঁটা আৰু সন্মান
লগতে তেওঁ লণ্ডনৰ ৰয়েল ছোচাইটি, বস্তনৰ আমেৰিকান একাডেমী অফ আৰ্টছ এণ্ড চাইন্স, আমেৰিকান ফিজিকেল ছোচাইটি, যুক্তৰাষ্ট্ৰৰ ইনষ্টিটিউট অফ ফিজিক্স আৰু আমেৰিকান এছোচিয়েছচন ফৰ দা এডভান্সমেণ্ট অফ চাইন্সৰ সন্মানীয় ফেলোশ্বিপ লাভ কৰিছে। তথ্য উৎস
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia