ফাৰ্মিয়ন


মৌলিক কণিকা সমূহৰ মান্য তালিকা, প্ৰথম তিনিটা স্তম্ভত ফাৰ্মিয়নসমূহ থাকে, চতুৰ্থ স্তম্ভত ব'ছন কণাবোৰ থাকে

ফাৰ্মিয়ন (ইংৰাজী: Fermion) হৈছে অৰ্ধপূৰ্ণ ঘূৰ্ণন বিশিষ্ট একধৰণৰ কণিকা। এই কণিকাই ফাৰ্মি-ডিৰাক পৰিসংখ্যা আৰু পাউলিৰ নিষেধ নীতি মানি চলে। ইটালীৰ প্ৰখ্যাত তাত্ত্বিক পদাৰ্থবিজ্ঞানী এনৰিকো ফাৰ্মিৰ নামানুসাৰে এই কণিকাৰ নাম ফাৰ্মিয়ন ৰখা হৈছে। একেটা শক্তিস্তৰত দুটাতকৈ অধিক ফাৰ্মিয়ন একেলগ থাকিব নোৱাৰে; আনহাতে ব'ছন কণিকা, যিবিলাকে বসু-আইনষ্টাইন পৰিসংখ্যা মানি চলে; একেটা শক্তিস্তৰত দুটাতকৈ অধিক একেলগ থাকিব পাৰে।

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia