ফাটিমা বিবি
এম. ফাটিমা বিবি (ইংৰাজী: Fathima Beevi; ৩০ এপ্ৰিল ১৯২৭ - ২৩ নৱেম্বৰ ২০২৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। উচ্চতম ন্যায়ালয়লৈ নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা।[1][2][3][4][5][6] উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগত সদস্য হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ১৯৯৭ চনৰ পৰা ২০০১ চনলৈ তামিলনাডুৰ ৰাজ্যপাল আছিল।[2][7][8] তেওঁক ২০২৩ চনত কেৰেলা চৰকাৰে দিয়া দ্বিতীয় সৰ্বোচ্চ সন্মান কেৰেলা প্ৰভা বঁটাৰে সন্মানিত কৰা হয়।[2][9][10] ২০২৪ চনত ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে।[11] প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা১৯২৭ চনৰ ৩০ এপ্ৰিল তাৰিখে ত্ৰাভনকৰ ৰাজ্যৰ পথানমথিট্টাত ফাটিমা বিবিৰ জন্ম হৈছিল। বৰ্তমান তেওঁৰ জন্মস্থান ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত। তেওঁৰ পিতৃ আন্নাভিটিল মীৰা চাহিব আৰু মাতৃ খাদেজা বিবি।[12] তেওঁ প্ৰথমে পথানমথিট্টাৰ কেথলিক স্কুলত শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ তিৰুঅনন্তপুৰমৰ ইউনিভাৰ্চিটি কলেজৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ তিৰুঅনন্তপুৰম চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। কৰ্মজীৱনফাটিমা বিবি ১৯৫০ চনৰ ১৪ নৱেম্বৰ তাৰিখে অধিবক্তা হিচাপে ভৰ্তি হয়। কেৰালাৰ নিম্ন আদালতত তেওঁ কৰ্ম জীৱন আৰম্ভ কৰিছিল। ১৯৫৮ চনত তেওঁ কেৰালাৰ জিলা কোৰ্টত মুন্সীফ পদত অধিষ্ঠিত হয়। ১৯৬৮ চনত তেওঁ চাব-অৰ্ডিনেট ন্যায়াধীশ, ১৯৭২ চনত মুখ্য ন্যায়িক মেজিষ্টেট আৰু ১৯৭৪ চনত জিলা সত্ৰ ন্যায়াধীশ পদলৈ পদোন্নতি লাভ কৰে।[1] ১৯৮০ চনৰ জানুৱাৰী মাহত তেওঁ ভাৰতীয় আয়কৰ ট্ৰিবিউনৰ ন্যায়িক সদস্য হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ১৯৮৩ চনৰ ৪ আগষ্ট তাৰিখে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হয়।[1][6] ১৮৮৪ চনৰ ১৪ মে তাৰিখে তেওঁ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হয়। ১৯৮৯ চনৰ ২৯ এপ্ৰিল তাৰিখে তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰ পিছত তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১৯৯২ চনৰ ২৯ এপ্ৰিল তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1] তামিলনাডুৰ ৰাজ্যপাল১৯৯৭ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক তামিলনাডুৰ ৰাজ্যপাল নিযুক্ত কৰে।[1][13][14] তামিলনাডুৰ ৰাজ্যপালৰ পদত থকা সময়ত তেওঁ ৰাজীৱ গান্ধীৰ হত্যাৰ লগত জড়িত কাৰবন্দী চাৰিজনৰ শাস্তিৰ দয়া প্ৰাৰ্থনা প্ৰত্যাখান কৰে।[15][16] অন্যান্যতেওঁ ১৯৯৩ চনত কেৰালা পিছপৰা জাতি আয়োগৰ অধ্যক্ষা আছিল। একে বছৰে তেওঁ ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯০ চনত তেওঁ সন্মানীয় ডি.লিট ডিগ্ৰী আৰু মহিলা শিৰোমণি বঁটা লাভ কৰিছিল।[17] তেওঁ ভাৰত জ্যোতি বঁটাও লাভ কৰিছিল।[18][19] ২০২৩ চনৰ ২৩ নৱেম্বৰ তাৰিখে ৯৬ বছৰ বয়সত ফাটিমা বিবিৰ মৃত্যু হয়।[20][21] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia