পৰিবহণপৰিবহণ (ইংৰাজী: Transport) হৈছে মানুহ, জীৱ-জন্তু আৰু সামগ্ৰীৰ ইচ্ছাকৃতভাৱে এটা স্থানৰ পৰা আন এটা স্থানলৈ স্থানান্তৰ কৰা। পৰিবহণৰ পদ্ধতিসমূহৰ ভিতৰত আকাশ মাৰ্গ, স্থল (ৰেল আৰু পথ), পানী, কেবোল, পাইপলাইন, আৰু মহাকাশ আদি অন্তৰ্ভুক্ত। ক্ষেত্ৰখনক আন্তঃগাঁথনি, বাহন, আৰু পৰিচালনা আদিত ভাগ কৰিব পাৰি। পৰিবহণে মানৱ বাণিজ্যৰ সুবিধা প্ৰদান কৰে, যিটো সভ্যতাৰ বিকাশৰ বাবে অপৰিহাৰ্য। পৰিবহণ আন্তঃগাঁথনি দুয়োটা নিৰ্দিষ্ট স্থাপনৰে গঠিত, য'ত অন্তৰ্ভুক্ত হৈছে স্থলপথ, ৰে'লপথ, বিমানপথ, জলপথ, পাইপলাইন, আৰু টাৰ্মিনেল যেনে বিমানবন্দৰ, ৰে'লৱে ষ্টেচন, বাছ ষ্টেচন, গুদাম, ট্ৰাকিং টাৰ্মিনেল, ইন্ধন ভৰোৱা ডিপো (ইন্ধন ডক আৰু ইন্ধন ষ্টেচনকে ধৰি), আৰু সাগৰীয় বন্দৰ। যাত্ৰী আৰু সামগ্ৰীৰ আদান-প্ৰদান আৰু ৰক্ষণাবেক্ষণ দুয়োটাতে টাৰ্মিনেল ব্যৱহাৰ কৰিব পাৰি। পৰিবহণৰ মাধ্যম হ’ল মানুহ বা মাল কঢ়িয়াই নিবলৈ ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ পৰিবহণ সুবিধাৰ যিকোনো এটা। ইয়াৰ ভিতৰত বাহন, চলাচল কৰা জীৱ-জন্তু আদি থাকিব পাৰে। বাহনসমূহৰ ভিতৰত ৱেগন, অটোম’বাইল, চাইকেল, বাছ, ৰে’ল, ট্ৰাক, হেলিকপ্টাৰ, জলযান, মহাকাশযান আৰু বিমান আদি থাকিব পাৰে। মাধ্যমসমূহপৰিবহণৰ ধৰণ হ’ল এনে এটা সমাধান য'ত এটা নিৰ্দিষ্ট ধৰণৰ বাহন, আন্তঃগাঁথনি আৰু পৰিচালনা অন্তৰ্ভুক্ত হৈ থাকে। কোনো ব্যক্তি বা মালবাহী সামগ্ৰীৰ পৰিবহণৰ ক্ষেত্ৰত এটা বা কেইবাটাও ধৰণৰ পৰিবহণ জড়িত হ'ব পাৰে, পিছৰ ক্ষেত্ৰটোক আন্তঃম'ডাল বা বহু-ম'ডাল পৰিবহণ বুলি কোৱা হয়। প্ৰতিটো ধৰণৰ নিজস্ব সুবিধা আৰু অসুবিধা আছে, আৰু এইসমূহ খৰচ, সামৰ্থ্য, আৰু পথৰ ভিত্তিত নিৰ্বাচিত কৰা হয়। চৰকাৰসমূহে বাহনসমূহ চলোৱাৰ ধৰণ, আৰু ইয়াৰ বাবে নিৰ্ধাৰণ কৰা পদ্ধতিসমূহৰ সৈতে মোকাবিলা কৰে, য'ত বিত্তীয়, বৈধতা, আৰু নীতিসমূহ অন্তৰ্ভুক্ত। পৰিবহণ উদ্যোগত দেশ আৰু ধৰণৰ ওপৰত নিৰ্ভৰ কৰি আন্তঃগাঁথনিৰ পৰিচালনা আৰু মালিকীস্বত্ব ৰাজহুৱা বা ব্যক্তিগত হ’ব পাৰে। যাত্ৰী পৰিবহণ ৰাজহুৱা হ’ব পাৰে, য’ত অপাৰেটৰসকলে নিৰ্ধাৰিত সেৱা আগবঢ়ায়, বা ব্যক্তিগতও হ’ব পাৰে। অৰ্থনৈতিক বিকাশ আৰু বিশ্বায়নত পৰিবহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে যদিও বেছিভাগেই বায়ু প্ৰদূষণৰ সৃষ্টি কৰে আৰু বৃহৎ পৰিমাণৰ ভূমি ব্যৱহাৰ কৰে। চৰকাৰে এইক্ষেত্ৰত যথেষ্ট ৰাজসাহায্য প্ৰদান কৰে যদিও যাতায়াতৰ প্ৰবাহ আৰু নগৰীয়া বিস্তাৰ নিয়ন্ত্ৰণ কৰিবলৈ পৰিবহণৰ ভাল পৰিকল্পনা অতি প্ৰয়োজনীয়। মানৱ চালিতমানৱ চালিত পৰিবহণ, বহনক্ষম পৰিবহণৰ এটা প্ৰকাৰ। মানুহৰ পেশী-শক্তি ব্যৱহাৰ কৰি মানুহ বা সামগ্ৰীৰ পৰিবহণ, খোজ কঢ়া, দৌৰা আৰু সাঁতোৰৰ ৰূপত ইয়াক বিভক্ত কৰিব পাৰি। আধুনিক প্ৰযুক্তিয়ে যন্ত্ৰৰ সহায়ত মানৱ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। খৰচ ৰাহি, অবসৰ, শাৰীৰিক ব্যায়াম, পৰিৱেশবাদৰ কাৰণে মানৱ চালিত পৰিবহণ বৰ্তমানো জনপ্ৰিয় হৈয়েই আছে; বিশেষকৈ অনুন্নত বা দুৰ্গম অঞ্চলত ই কেতিয়াবা একমাত্ৰ প্ৰকাৰ হিচাপে উপলব্ধ। জন্তু-চালিতপশু চালিত পৰিবহণ হ’ল মানুহ আৰু সামগ্ৰীৰ চলাচলৰ বাবে জীৱ-জন্তুৰ ব্যৱহাৰ। মানুহে কিছুমান জীৱ-জন্তুৰ ওপৰত পোনপটীয়াকৈ উঠি বা সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে এটা বা একেলগে বহুকেইটা জুটিলৈ স্লেজ বা চকাযুক্ত বাহন টানিব পাৰে। বায়ুফিক্সড উইং বিমান, যাক সাধাৰণতে এয়াৰপ্লেন বুলি কোৱা হয়, ই হৈছে বায়ুতকৈ গধুৰ বিমান য’ত ডেউকাৰ সম্পৰ্কত বায়ুৰ গতিবিধিৰ সহায়ত লিফ্ট সৃষ্টি কৰা হয়। ইয়াক ঘূৰ্ণনীয় পাখিযুক্ত বিমানৰ পৰা পৃথক কৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়, য’ত বায়ুৰ সাপেক্ষে লিফ্টৰ পৃষ্ঠৰ গতিবিধিয়ে উত্তোলনৰ সৃষ্টি কৰে। জাইৰ’প্লেন ফিক্সড-উইং আৰু ঘূৰ্ণনীয় উইং দুয়োটাৰ থাকে। ফিক্সড উইং বিমান সৰু প্ৰশিক্ষক আৰু বিনোদনমূলক বিমানৰ পৰা আৰম্ভ কৰি বৃহৎ বিমান আৰু সামৰিক মালবাহী বিমানলৈকে উপলব্ধ। বিমানৰ বাবে প্ৰয়োজনীয় দুটা বস্তু হ’ল লিফ্টৰ বাবে ডেউকাৰ ওপৰেৰে বায়ু প্ৰবাহ আৰু অৱতৰণৰ বাবে এটা এলেকা। বিমানসমূহৰ অধিকাংশতে ৰক্ষণাবেক্ষণ, পুনৰ ষ্টকিং আৰু ইন্ধন ভৰোৱাৰ বাবে আৰু ক্ৰু, মালবাহী আৰু যাত্ৰীসকলক বোজাই আৰু নমাই অনাৰ বাবে আন্তঃগাঁথনিযুক্ত বিমানবন্দৰৰ প্ৰয়োজন হয়।[1] বিমানৰ বিপুল সংখ্যকে স্থলভাগত অৱতৰণ আৰু উৰা মাৰে যদিও কিছুমানে বৰফ আৰু শান্ত পানীত উৰণ আৰু অৱতৰণ কৰিবলৈয়ো সক্ষম। ৰকেটৰ পিছতে এই বিমানখনেই হৈছে পৰিবহণৰ দ্বিতীয় দ্ৰুততম পদ্ধতি। বাণিজ্যিক জেট বিমানে ঘণ্টাত ৯৫৫ কিলোমিটাৰ (৫৯৩ মাইল প্ৰতি ঘণ্টা) পৰ্যন্ত, একক ইঞ্জিনযুক্ত বিমানে ৫৫৫ কিলোমিটাৰ প্ৰতি ঘণ্টা (৩৪৫ মাইল প্ৰতি ঘণ্টা) গতি কৰিব পাৰে। বিমান পৰিবহণে মানুহ আৰু সীমিত পৰিমাণৰ সামগ্ৰীক দীৰ্ঘ দূৰত্বত দ্ৰুতভাৱে পৰিবহণ কৰিবলৈ সক্ষম হয়, কিন্তু ইয়াৰ বাবে অধিক খৰচ আৰু শক্তিৰ ব্যৱহাৰ হয়; কম দূৰত্বৰ বাবে বা দুৰ্গম ঠাইত হেলিকপ্টাৰ ব্যৱহাৰ কৰিব পাৰি।[2] ২০০৯ চনৰ ২৮ এপ্ৰিললৈকে গাৰ্ডিয়ানৰ প্ৰবন্ধত উল্লেখ কৰা হৈছে যে "ডব্লিউ এইচ অ'ৰ অনুমান অনুসৰি যিকোনো সময়তে ৫ লাখ পৰ্যন্ত লোক বিমানত থাকে। মাটিস্থল পৰিবহণে মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ ব্যৱস্থা কৰা সকলো স্থলভিত্তিক পৰিবহণ ব্যৱস্থাক সামৰি লয়। সম্প্ৰদায়সমূহক ইজনে সিজনৰ সৈতে সংযোগ কৰাত স্থল পৰিবহণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। নগৰ পৰিকল্পনাৰ ক্ষেত্ৰত স্থল পৰিবহণ এক মূল কাৰক। ই ৰেল আৰু অন্যান্য মটৰ চালিত পথ দুয়োবিধকে সামৰি লৈছে। ৰেলৰেল পৰিবহণ হ'ল য'ত এখন ৰে'ল দুটা সমান্তৰাল তীখাৰ চিৰিৰ ওপৰেৰে চলি থাকে, যাক ৰে'লপথ বুলি জনা যায়। ৰেলবোৰ কাঠ, কংক্ৰিট বা তীখাৰ টাই (বা শ্লীপাৰ)ৰ লগত লম্বভাৱে লংঘন কৰা হয়, যাতে ইয়াৰ মাজত সামঞ্জস্যপূৰ্ণ দূৰত্ব বা গেজ থাকে। ৰেল আৰু লম্ব ৰশ্মিবোৰ কংক্ৰিট বা সংকোচিত মাটি আৰু শিলগুটিৰে নিৰ্মিত ভেটিৰ ওপৰত বেলেষ্টৰ বিচনাত স্থাপন কৰা হয়। বিকল্প পদ্ধতিসমূহৰ ভিতৰত মনোৰেল আৰু মেগলেভ আদি অন্তৰ্ভুক্ত। ৰেল এখনত এখন বা ততোধিক সংযুক্ত বাহন থাকে যিবোৰ ৰেলপথত চলি থাকে। প্ৰপালচন সাধাৰণতে ইঞ্জিনৰ দ্বাৰা প্ৰদান কৰা হয়, যিয়ে ধাৰাবাহিকভাৱে শক্তিহীন গাড়ী কঢ়িয়াই লৈ ফুৰে, যিয়ে যাত্ৰী বা মালবাহী দবা কঢ়িয়াই নিব পাৰে। ইঞ্জিনটো ভাপৰ দ্বাৰা, ডিজেলৰ দ্বাৰা বা ট্ৰেকৰ কাষৰ ব্যৱস্থাৰ দ্বাৰা যোগান ধৰা বিদ্যুতৰে চালিত হ’ব পাৰে। নতুবা কিছুমান বা সকলো গাড়ীকে শক্তিৰে চলাব পাৰি। আন্তঃনগৰ ৰে'ল হৈছে চহৰসমূহক সংযোগ কৰা দীৰ্ঘ দূৰত্বৰ সেৱা;[3] আধুনিক তীব্ৰবেগী ৰে'লে ৩৫০ কিলোমিটাৰ প্ৰতি ঘণ্টা (২২০ মাইল প্ৰতি ঘণ্টা) পৰ্যন্ত গতি কৰিবলৈ সক্ষম, ৰাস্তাপথ হৈছে দুটা বা তাতকৈ অধিক ঠাইৰ মাজৰ সংযোগ স্থাপক ব্যৱস্থা।[4] পথসমূহ সাধাৰণতে মসৃণ, পকী বা অন্যথা সহজ যাত্ৰাৰ সুবিধাৰ বাবে প্ৰস্তুত কৰা হয়;[5][6] চহৰ অঞ্চলত পথসমূহ কোনো চহৰ বা গাঁৱৰ মাজেৰে পাৰ হৈ যাব পাৰে আৰু ইয়াক বিশেষ নামেৰে নামকৰণ কৰা হ'ব পাৰে।[7] পানীজল পৰিবহণ হ’ল জলযানৰ দ্বাৰা—যেনে বাৰ্জ, নাও, জাহাজ আদি সাগৰ, মহাসাগৰ, হ্ৰদ, খাল বা নদীৰ পানীৰ ওপৰেৰে চলাচল কৰা ব্যৱস্থা। জলযানৰ বাবে প্লাৱন ক্ষমতাৰ প্ৰয়োজনীয়তা সাধাৰণ, যাৰ বাবে ইয়াৰ নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু লঙ্গৰ হৈছে এটা প্ৰধান দিশ। ১৯ শতিকাত জাহাজখনক লৰচৰ কৰিবলৈ পেডেল চকা বা প্ৰপেলাৰ চলাবলৈ ভাপ ইঞ্জিন ব্যৱহাৰ কৰি প্ৰথম ভাপ জাহাজ নিৰ্মাণ কৰা হৈছিল অন্য ধৰণসমূহপাইপলাইন পৰিবহণে পাইপৰ জৰিয়তে সামগ্ৰী প্ৰেৰণ কৰে; সাধাৰণতে তৰল আৰু গেছ প্ৰেৰণ কৰা হয়, কিন্তু বায়ুচালিত নলীয়ে সংকোচিত বায়ু ব্যৱহাৰ কৰি কঠিন কেপচুলো প্ৰেৰণ কৰিব পাৰে। তৰল পদাৰ্থ/গেছৰ বাবে যিকোনো ৰাসায়নিকভাৱে সুস্থিৰ তৰল বা গেছ পাইপলাইনৰ জৰিয়তে প্ৰেৰণ কৰিব পাৰি। পানী, বিয়েৰ আদিৰ বাবে চুটি দূৰত্বৰ ব্যৱস্থা আছে, আনহাতে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ বাবে দীৰ্ঘ দূৰত্বৰ নেটৱৰ্ক ব্যৱহাৰ কৰা হয। কেবোল পৰিবহণ হৈছে এক বহল ধৰণ য’ত বাহনসমূহক আভ্যন্তৰীণ শক্তিৰ উৎসৰ পৰিৱৰ্তে কেবোলৰ দ্বাৰা টানি অনা হয়। ইয়াক বেছিকৈ ঠেক গ্ৰেডিয়েণ্টত ব্যৱহাৰ কৰা হয়। সাধাৰণ সমাধানসমূহৰ ভিতৰত আকাশী ট্ৰামৱে, লিফ্ট, আৰু স্কি লিফ্ট; ইয়াৰে কিছুমানক কনভেয়ৰ পৰিবহণ হিচাপেও শ্ৰেণীভুক্ত কৰা হয়। মহাকাশ উৰণ হৈছে মহাকাশযানৰ দ্বাৰা পৃথিৱীৰ বায়ুমণ্ডলৰ পৰা বহিঃ মহাকাশলৈ পৰিবহণ। প্ৰযুক্তিৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ গৱেষণা গৈছে যদিও উপগ্ৰহক কক্ষপথত ৰাখি বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰাৰ বাহিৰে ইয়াৰ ব্যৱহাৰ খুব কমেইহে হয়। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia