প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
হিছ ৰয়েল হাইনেছ প্ৰিন্স অফ ৱেলছ অভিযান্ত্ৰিক আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান অসমৰ যোৰহাটত অৱস্থিত এখন উল্লেখযোগ্য প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠান। ১৯২৭ চনত ব্ৰিটিছ চৰকাৰে এই প্ৰতিষ্ঠান খন স্থাপন কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত অভিযান্ত্ৰিক শিক্ষা প্ৰদান কৰা এইখন প্ৰথম প্ৰতিষ্ঠান।[1] ইতিহাসঅৱস্থানপ্ৰতিষ্ঠান খন যোৰহাটৰ গড়আলিৰ ৩১ একৰ মাটিত অৱস্থিত। ই যোৰহাট ৰে'ল ষ্টেচনৰ পৰা মাত্ৰ ১.৫ কিঃমিঃ নিলগত অৱস্থিত। ইয়াৰ পৰা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় ৬ কিঃমিঃ আৰু যোৰহাট বাছ ষ্টেচন ৬.৫ কিঃমিঃ দূৰত অৱস্থিত। ইয়াৰ নিকটৱৰ্তী বিমান বন্দৰ হৈছে ৰৰৈয়া বিমানবন্দৰ। শিক্ষাপ্ৰতিষ্ঠানখনে ব্যৱহাৰিক, যান্ত্ৰিক,বৈদ্যুতিক, কৃষি, অট'মোবাইল, অণুবিদ্যুৎ আৰু দূৰসংযোগ আৰু সঁজুলিবিদ্যা অভিযান্ত্ৰিক বিভাগত ৩ বছৰীয়া ডিপ্ল'মা পাঠ্যকম আগবঢ়ায়। এই সকলো পাঠ্যক্ৰম অসম প্ৰযুক্তি শিক্ষা সঞ্চালকালয় অধীনৰ ৰাজ্যিক প্ৰযুক্তি শিক্ষা পৰিষদৰ অন্তৰ্ভুক্ত। ইয়াৰ পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে প্ৰতিবছৰে প্ৰযুক্তি শিক্ষা সঞ্চালকালয়, অসমে পলিটেকনিক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰে। বিভাগ সমূহ
(Department of Automobile Engineering)
তথ্য উৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia