প্ৰভাত চন্দ্ৰ বৰুৱা
কৰ্মজীৱন![]() দেউতাক প্ৰতাপ চন্দ্ৰ বৰুৱাৰ মৃত্যুৰ পিছত ১৮৯৬ চনত গৌৰীপুৰৰ জমিদাৰীৰ দায়িত্ব পালন কৰে। সংগীতৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল। ৰাজ-দৰবাৰত থলুৱা সংগীতৰ উপৰিও লক্ষ্ণৌ, মথুৰা আদিৰ পৰা সংগীত শিল্পী মাতি আনি সংগীতৰ নিশা আয়োজন কৰিছিল। পশ্চিমবঙ্গৰ যাত্ৰা পাৰ্টিকো নিমন্ত্ৰণ কৰিছিল। তেওঁৰ দেউতাক প্ৰতাপ চন্দ্ৰ বৰুৱাই নিৰ্মাণ কৰা মহামায়া মন্দিৰটোৰ উন্নীতকৰণ কৰিছিল। ![]() প্ৰভাত চন্দ্ৰ বৰুৱাৰ মাতৃ দলগোমা সত্ৰৰ সত্ৰাধিকাৰৰ জীয়ৰী আছিল। সেয়ে বৈষ্ণৱ সংস্কৃতিৰ প্ৰভাৱ পৰিলক্ষিত হৈছিল। ওচৰতে এটা মদন মোহন মন্দিৰ স্থাপন কৰিছিল। ইয়াত নাৰায়ণৰ বিগ্ৰহ আছে। মনসা মন্দিৰ এটাও স্থাপন কৰিছিল। প্ৰভাত চন্দ্ৰ বৰুৱাই বংশৰ পৰম্পৰাগত মহামায়া তথা দুৰ্গা পূজা সাধাৰণ ৰাইজৰ সুবিধা বাবে মুকলি খেলপথাৰত পাতিবলৈ আৰম্ভ কৰে। এই খেলপথাৰ খনক মহামায়া খেলপথাৰ নামেৰে জনাজাত হয়। মহামায়া খেলপথাৰৰ ওচৰত মহামায়া পুখুৰীটো প্ৰভাত চন্দ্ৰ বৰুৱাই খান্দিছিল। গৌৰীপুৰক বানপানীৰ পৰা বচাবলৈ ৰূপসী জমিদাৰৰ সৈতে লগলাগি লাওখোৱা পাৰত মথাউৰি বান্ধিছিল। শিক্ষা বিস্তাৰৰ বাবে নিৰ্মাণ কৰিছিল বিদ্যালয়। স্বাধীনতাৰ আগতে দেউতাক প্ৰতাপ চন্দ্ৰ বৰুৱাই স্থাপন কৰা স্কুলখন হাইস্কুললৈ ৰূপান্তৰ কৰে। দেউতাকৰ নাম অনুসৰি স্কুলখনৰ নাম প্ৰতাপ চন্দ্ৰ বৰুৱা ইনষ্টিউট নামেৰে নামকৰণ কৰা হয়। চমুকৈ পিচি ইনষ্টিউট। ![]() ছোৱালীৰ শিক্ষাৰ বাবেও স্কুল স্থাপন কৰিছিল। সংস্কৃত ভাষাৰ বিকাশৰ ওপৰতো তেখেতে গুৰুত্ব প্ৰদান কৰিছিল। জনস্বাস্থ্য উন্নতিকল্পে চিকিৎসালয় নিৰ্মাণ কৰিছিল। ধুবুৰীত এটা ৰাজহুৱা পুথিভঁৰাল প্ৰতিষ্ঠা কৰিছিল। যিটো পাছলৈ ধুবুৰী জিলা পুথিভঁৰাল হিচাপে জনাজাত হয়। মাণিক চন্দ্ৰ বৰুৱা আৰু জগন্নাথ বৰুৱা আদিৰ দৰে বৰেণ্য ব্যক্তি সকলৰ প্ৰচেষ্টাত অসমৰ প্ৰথমটো ৰাজনৈতিক সংগঠন 'অসম এছ’ছিয়েছন'ৰ জন্ম হৈছিল ১৯০৩ চনত।[1] ১৯০৫ চনত ডিব্ৰুগড়ত অসম এছ’ছিয়েছনৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল আৰু ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই এই অধিৱেশনত সভাপতিত্ব কৰিছিল। এই অসম এছছিয়েছনেই পাছলৈ অসম কংগ্ৰেছলৈ ৰূপান্তৰিত হয়। ১৯০১ চনত কটন কলেজ প্ৰতিষ্ঠাৰ উদ্বোধনী অনুষ্ঠানতো অতিথি হিচাপে ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা উপস্থিত আছিল। তেওঁ নিজৰ ৰাজসভাৰ পৰা সংগীতশিল্পী লৈ গৈছিল আৰু সংগীতশিল্পীজনৰ পাখোৱাজবাদনে অনুষ্ঠানত উপস্থিত অতিথিসকলক মুগ্ধ কৰিছিল।[2] ৰজা প্ৰভাত চন্দ্ৰ বৰুৱাই গৌৰীপুৰত এটা ৰাজহাউলি নিৰ্মাণ কৰিছিল। মাটিয়াবগত এটা হাৱাখানা নিৰ্মাণ কৰিছিল।[3] এই হাৱাখানাটো ৰাজপৰিয়ালৰ গ্ৰীষ্মকালীন আবাসস্থল হিচাপে ব্যৱহাৰ কৰা হৈছিল। প্ৰভাত চন্দ্ৰ বৰুৱাই মাটিয়াবগ হাৱাখানাটো নিৰ্মাণ বাবে কলিকতাৰ চাইনা টাউনৰ পৰা শিল্পী আনিছিল। হাৱাখানাৰ সেই সময়ৰ মুঠ ব্যয় আছিল ৩,৪০,০০০ টকা। দুই জীয়ৰী নিহাৰবালা বৰুৱা আৰু নীলিমা বৰুৱাৰ বাবে দুটা ৰাজহাউলি নিৰ্মাণ কৰিছিল। পৰিয়ালপ্ৰথমা পত্নীৰ ফালৰ পৰা তেওঁৰ তিনিজন পুত্ৰ আছিল আৰু দুগৰাকী জীয়ৰী আছিল। তেওঁলোক প্ৰমথেশ বৰুৱা, প্ৰকৃতিশ বৰুৱা,প্ৰণৱেশ বৰুৱা আৰু দুই জীয়ৰী নীহাৰবালা বৰুৱা আৰু নীলিমা বৰুৱা। দ্বিতীয় গৰাকী পত্নীৰ ফালৰ তিনিজন সন্তান। তেওঁলোক ক্ৰমে অমল চন্দ্ৰ বৰুৱা, অজয় বৰুৱা আৰু অজিত বৰুৱা। অন্যান্য কৰ্মৰাজিপ্ৰভাত চন্দ্ৰ বৰুৱা এজন তবলাৰ ওস্তাদো আছিল। তবলাৰ ওপৰত তেওঁ লিখা এখন কিতাপ হ'ল 'তৰংগিনী'(Tarangini)। মৃত্যুৰজা প্ৰভাত চন্দ্ৰ বৰুৱাৰ ১৯৪০ চনত মৃত্যু হয়।[4] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia