প্ৰফুল্ল চন্দ্ৰ ৰায়
আচাৰ্য ছাৰ প্ৰফুল্ল চন্দ্ৰ ৰায় ( ২ আগষ্ট ১৮৬১ – ১৬ জুন ১৯৪৪)[2] এগৰাকী ভাৰতীয় ৰসায়ন বিজ্ঞানী, শিক্ষাবিদ, ইতিহাসবিদ, উদ্যোগপতি আৰু জনহিতৈষী ব্যক্তি আছিল।[2] তেওঁ ৰসায়ন বিজ্ঞানৰ প্ৰথম আধুনিক ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিছিল। তেওঁক ভাৰতীয় ৰাসায়নিক বিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়।[3] যুক্তৰাজ্যৰ প্ৰতিষ্ঠিত ৰয়েল ছ'চাইটি অফ কেমিষ্ট্ৰিয়ে তেওঁৰ জীৱন আৰু কৰ্মক সন্মান জনাই প্ৰথম বাৰৰ বাবে ইউৰোপৰ বাহিৰত ৰাসায়নিক চিহ্নস্থান হিচাপে সন্মানিত কৰিছিল। তেওঁ ভাৰতৰ প্ৰথম ফাৰ্মাকিউটিকেল কোম্পানী 'বেংগল কেমিকেল এণ্ড ফাৰ্মাকিউটিকেল' প্ৰতিষ্ঠা কৰিছিল। তেওঁ 'এ হিষ্ট্ৰী অফ হিন্দু কেমিষ্ট্ৰি ফ্ৰম দা আৰ্লিয়েষ্ট টাইম্ছ টু দা মিডিল অফ ছিক্সটিন চেন্সউৰী' নামৰ ৰসায়ন বিজ্ঞানৰ ইতিহাসমূলক গ্ৰন্থ ৰচনা কৰিছিল। জন্ম আৰু পৰিচয়২ আগষ্ট ১৮৬১ চন, খুনলা, বেঙ্গল প্ৰেসিডেন্সী (বৰ্তমান বাংলাদেশৰ অন্তৰ্গত) পিতৃ হৰিশ্বন্দ্ৰ ৰায়। এজন জমিদাৰ আৰু শিক্ষাবিদ। মাতৃৰ নাম ভুৱনমোহিনী দেৱী। ১৯৪৪ চনৰ ১৬ জুনত তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। শিক্ষাজীৱন১৮৮২ চনত কলিকতাৰ মেট্ৰপলিটান কলেজ (বৰ্তমান বিদ্য়াসাগৰ কলেজ)-ৰপৰা এফ.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। পাছত কলিকতাৰ প্ৰেছিডেন্সী কলেজত স্নাতক শাখাত নামভৰ্তি কৰে যদিও গ্ৰীলখ্ৰীষ্ট বৃত্তিলৈ স্কটলেণ্ডৰ এডিনবাৰ্গ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি তাৰপৰাই বিএছচি ডিগ্ৰী লাভ কৰে। এডিনবাৰ্গ বিশ্ববিদ্যালয়ৰ পৰা গন্ধকৰ সৈতে লো নিকেল আদিৰ ধাতুৰ যৌগ সম্পৰ্কে গৱেষণা কৰি পি.এইছ.ডি উপাধি লাভ। তেওঁৰ গৱেষণাৰ বিষয় আছিল Conjugated Sulphates of Copper Magnesium Group: A Study of Isomorphous Mixtures and Molecular Combination। কৰ্মজীৱন আৰু অৱদানকলিকতাৰ প্ৰেছিডেন্সী কলেজৰ ৰসায়ন বিজ্ঞান বিভাগত অধ্যাপক ৰূপে যোগদান। আচাৰ্য জগদীশ চন্দ্ৰ বসুৰ লগত যুটীয়াভাৱে গৱেষণা কৰ্মত মনোনিৱেশ কৰে। বেংগল কেমিকেলছ এণ্ড ফাৰ্মাছিউটিকেল ওৱৰ্কছ-ৰ প্ৰতিষ্ঠা কৰে। তেওঁৰ প্ৰধান আৱিষ্কাৰৰ ভিতৰত ১৮৯৬ চনত কৰা মাৰকিউৰাছ নাইট্ৰাইটৰ আৱিষ্কাৰ। হিন্দু ৰসায়ন ইতিহাস নামৰ গ্ৰন্থ প্ৰণয়ন। গ্ৰন্থখন মূলত হিন্দু আযুৰ্বেদ, চৰক, সুশ্ৰুত, নাগাৰ্জুন আদি প্ৰাচীন ভাৰতীয় ৰসাসনবিদসকলৰ ৰচিত গ্ৰন্থসমূহ, বেদ-পুৰাণ, তন্ত্ৰ, ইতিহাস, কাব্য, দশৰ্ন আদি সকলো শাস্ত্ৰৰ মূল তত্ত্বসমূহৰ প্ৰণালীবদ্ধ বিৱৰণ। উল্লেখযোগ্য সন্মান১৯১১ চনত ডাৰহাম বিশ্ববিদ্যালয়ে সন্মানীয় পিএইছ.ডি উপাধি প্ৰদান কৰে। ১৯৩৬ চনত ঢাকা বিশ্ববিদ্যালয়, পৰৱৰ্তী কালত মহীশূৰ আৰু বেনাৰস বিশ্ববিদ্য়ালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। ১৯১৯ চনত বৃট্ৰিছ চৰকাৰৰ পৰা নাইট উপাধি লাভ কৰে। ১৯১২ Companion of the Order of the Indian Empire (CIEE), ১৯০২ ফেলো অফ ক্যেমিক্যাল সোসাইটি (এফ.সি.এস.), ১৯৩৫ ভাৰতীয় জাতীয় বিজ্ঞান একাডেমীৰ প্ৰতিষ্ঠাতা সদস্য (এফ.এন.আই.), ১৯৪৩ ইণ্ডিয়ান এচোচিয়েছন ফৰ দ্য কালটিভেছন অব চাইন্সৰ সদস্য (এফ.আই.এ.এস.) আদি সন্মান লাভ কৰে। সামাজিক জীৱনতেওঁ এজন সমাজ সেৱকো। স্বদেশ সেৱা, দৰিদ্ৰতা অৱসানৰ হকে বিভিন্ন কাম-কাজত জড়িত হৈছিল। তেওঁ বস্ত্ৰ সমস্যা সমাধানৰ বাবে সমগ্ৰ দেশৰ ঘৰে ঘৰে যঁতৰ প্ৰচলনৰ প্ৰবক্তা আছিল। এসময়ত উত্তৰ বংগত হোৱা প্ৰলয়ংকাৰী বানপানীৰ সময়ত তেওঁ অৰ্থ সংগ্ৰহ কৰি দুৰ্গতসকলক সহায় কৰিছিল। তেতিয়াৰপৰা তেওঁ পৰমবন্ধু ৰূপে পৰিচিত হয়। তথ্য উৎস
বাহ্যিক সংযোগ |
Portal di Ensiklopedia Dunia