প্ৰতীক বব্বৰ
বব্বৰে ২০০৮ চনত তেওঁৰ জীৱনৰ প্ৰথমখন বোলছবি জানে তু...য়া জানে নাৰ মাধ্যমেৰে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।[2] আনহাতে দৰবাৰ হৈছে তেওঁ অভিনীত প্ৰথমখন তামিল ভাষাৰ ছবি। তেওঁ ফিল্মফেয়াৰ্ছ, স্ক্ৰীণ এৱাৰ্ডছ, আৰু শ্ৰেষ্ঠ নতুন অভিনেতাৰ ষ্টাৰডাষ্ট বঁটাকে ধৰি বিভিন্ন বঁটা অনুষ্ঠানত মনোনয়ন লাভ কৰাৰ লগতে ধোবিঘাট বোলছবিৰ বাবে ২০১২ চনৰ ষ্টাৰডাষ্ট বঁটাৰ বিজেতা আছিল। বব্বৰে ২০১১ চনত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত অপৰাধৰ থ্ৰিলাৰ দম মাৰো দম আৰু ৰাজনৈতিক ছবি অৰক্ষণ দৰে বাণিজ্যিকভাৱে লাভজনক প্ৰকল্প সমূহো আছিল। আনহাতে ধোবি ঘাট আৰু ৰোমাণ্টিক কমেডি মাই ফ্ৰেণ্ড পিণ্টোকে ধৰি স্বতন্ত্ৰ চলচ্চিত্ৰত তেওঁৰ অভিনয়ৰ বাবে সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বক্স অফিচত কেইবাটাও বিফলতাৰ পিছত তেওঁ থ্ৰিলাৰ, বাগী ২ (২০১৮), কমেডি, ছিচোৰে (২০১৯) আৰু একচন ড্ৰামা ছবি, দৰবাৰ (২০২০)ৰ আছিল তেওঁৰ আটাইতকৈ ডাঙৰ সফলতা। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia