পুনাখাপুনাখা (ইংৰাজী: Punakha) ভূটানৰ ২০ খন জিলাৰ ভিতৰত এখন আৰু ই পুনাখা জংখাগৰ প্ৰশাসনিক কেন্দ্ৰ। ১৯৫৫ চনলৈকে পুনাখা ভূটানৰ ৰাজধানী আৰু চৰকাৰৰ সচিবালয়ৰ স্থান আছিল, তাৰ পিছত ৰাজধানী থিম্ফুলৈ স্থানান্তৰ কৰা হয়। পুনাখাৰ দূৰত্ব থিম্ফুৰ পৰা প্ৰায় ৭২ কিলোমিটাৰ, ৰাজধানীৰ পৰা গাড়ীৰে প্ৰায় ৩ ঘণ্টা সময় লাগে। ইয়াৰ জলবায়ু থিম্ফুৰ দৰে নহয়, শীতকালত ই যথেষ্ট উষ্ণ আৰু গ্ৰীষ্মকালত গৰম। ই সমুদ্ৰপৃষ্ঠৰ পৰা ১২০০ মিটাৰ উচ্চতাত অৱস্থিত, আৰু ভূটানৰ দুখন মূল নদী “ফো চু’’ আৰু “মো চু’’ৰ নদী উপত্যকাৰ কাষত মূল শস্য হিচাপে ইয়াত ধানৰ খেতি কৰা হয়। এই জিলাৰ প্ৰচলিত ভাষা জোংখা৷ পুংথাং দেৱাচেন ফোদ্ৰাংপুংথাং দেৱাচেন ফোড্ৰাং (চৰম সুখৰ প্ৰাসাদ) বা পুনাখা জং ১৬৩৭ চনত টুইবি জাও বালিপেই ঝাবড্ৰুং ঙাৱাং নামগ্যালৰ নিৰ্দেশত নিৰ্মাণ কৰিছিল আৰু দুবছৰৰ ভিতৰতে ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা বুলি বিশ্বাস কৰা হয়। তদুপৰি, ই দেশৰ ভিতৰতে আটাইতকৈ ধুনীয়া ডোং। ই জে খেনপোৰ নেতৃত্বাধীন ভূটানৰ কেন্দ্ৰীয় মঠৰ শীতকালীন বাসগৃহ। ডোং গৃহ ৰংজুং কাছাৰপানীকে ধৰি দক্ষিণৰ ড্ৰুকপা কাগ্যু স্কুলৰ আটাইতকৈ পবিত্ৰ ধ্বংসাৱশেষ, আৰু ইয়াত ঝাবড্ৰুং ঙাৱাং নামগ্যাল আৰু টেৰ্টন পদ্ম লিংপাৰ পৱিত্ৰ অৱশিষ্ট আছে। ১৯০৭ চনত পুনাখা জঙত উগিয়েন ৱাংচুকক ভূটানৰ প্ৰথম ৰজা হিচাপে ৰাজ অভিষেক কৰা হৈছিল। তিনি বছৰৰ পাছত পুনাখাত এখন সন্ধি স্বাক্ষৰিত হয়, য’ত ব্ৰিটিছে ভূটানৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ সন্মত হয় আৰু ভূটানে ব্ৰিটেইনক নিজৰ বৈদেশিক পৰিক্ৰমা পৰিচালনা কৰিবলৈ অনুমতি দিয়ে। অঞ্চলটোৰ এই জং ১৭৮০, ১৭৮৯, ১৮০২, ১৮৩১, ১৮৪৯ আৰু ১৯৮৬ চনত জুইত আংশিকভাৱে ধ্বংস হয়। ইয়াৰ উপৰিও ১৮৯৭ চনত ভূমিকম্প আৰু ১৯৯৪ চনত বানপানীৰ ফলত যথেষ্ট ক্ষতিসাধন হয়।[1] পুনাখা-ৱাংডুৱে উপত্যকাটোৰ ফো চু আৰু মো ছু নদীৰ সংগমস্থলীত থকাৰ বাবে এই জংটো প্ৰায়েই হিমবাহ হ্ৰদ (GLOF)ৰ ফলত হোৱা ক্ষন্তেকীয়া বানপানীৰ সন্মুখীন হ’বলগীয়া হয়। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ১৯৫৭, ১৯৬০ আৰু ১৯৯৪ চনত পুনাখা জঙৰ ক্ষন্তেকীয়া বানপানীৰ দ্বাৰা যথেষ্ট ক্ষতিসাধন হৈছিল।[2] বৰ্তমান (মাৰ্চ ২০১০ৰ পৰা) নদীৰ চেনেলবোৰ গভীৰ কৰি আৰু চাৰিটা ডাঙৰ ভাপৰ বেলচা ব্যৱহাৰ কৰি মথাউৰিবোৰ ওপৰলৈ তুলি জংটোক ভৱিষ্যতে বানপানীৰ ক্ষতিৰ পৰা ৰক্ষা কৰাৰ কাম চলি আছে। সপ্তদশ শতিকাত জঙৰ সৈতে মো ছু নদী পাৰ হৈ যাব পৰা এখন কাঠৰ কেন্টিলিভাৰ দলং নিৰ্মাণ কৰা হৈছিল। কিন্তু, এই দলংখন ১৯৫৭ বা ১৯৫৮ চনত ক্ষন্তেকীয়া বানপানীয়ে উটুৱাই লৈ যায়। ২০০৬ চনত পৰম্পৰাগত নিৰ্মাণেৰে যোগাযোগৰ বাবে নতুন কাঠৰ কেন্টিলিভাৰ দলঙৰ কাম আৰম্ভ হৈছে আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য ৫৫ মিটাৰ আৰু এই নিৰ্মাণ কাৰ্য ২০০৮ চনত জাৰ্মানীৰ সহায়ত সম্পূৰ্ণ কৰা হয়৷[3] ৰিস্থা গাঁওপুনাখা উপত্যকা ভূটানত ধান খেতিৰ বাবে বিখ্যাত। ভূটানৰ দুখন বিশিষ্ট নদী ফো চু আৰু মো চু নদী উপত্যকাৰ কাষত ৰঙা আৰু বগা দুয়োবিধ ধানৰ খেতি কৰা হয়।[4] ৰিস্থা (অৰ্থাৎ পাহাৰৰ পাদদেশৰ) পুনাখাৰ এখন সাধাৰণ গাঁও। গাঁৱৰ ঘৰবোৰ শিলৰ ভেটিত বোকাৰে খুন্দি খুন্দি তৈয়াৰ কৰা হৈছে। প্ৰতিটো ঘৰ মাত্ৰ দুমহলীয়াকৈ সজা। ঘৰবোৰৰ চাৰিওফালে বাৰী আৰু ধাননি পথাৰ। বাগিচাবোৰত সাধাৰণতে জৈৱিক শাক-পাচলিৰ লগতে কমলা আৰু অমিতা আদি ফল-মূলৰ উদ্ভিদ থাকে। পুনাখা-গাছা ঘাইপথৰ পৰা ১ কিলোমিটাৰ দূৰত্বত থকা গাঁওখন আৰু বৰ্তমান ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ গ্ৰাম্য পথ নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে গাঁওবাসী। শেহতীয়াকৈ পৰম্পৰাগতভাৱে কৰা কৃষি পদ্ধতি বাদ দি খেতিৰ কাম প্ৰযুক্তিগতভাৱে কৰা হৈছে আৰু খেতি পথাৰত হাল বাবলৈ ম’হৰ সলনি পাৱাৰ-টিলাৰ ব্যৱহাৰ কৰা হৈছে, ফলত গাঁৱৰ মানুহ তুলনামূলকভাৱে অধিক সমৃদ্ধিশালী হৈ পৰিছে। ৰঙা আৰু বগা ধানৰ প্ৰাচুৰ্যৰ বাবে এই গাঁওখনক প্ৰায়ে ভূটানৰ ‘ধানৰ পাঁচি’ বুলি কোৱা হয়।[5] উৎসৱপ্ৰাকৃতিকভাৱে অতি সুন্দৰ ভুটানৰ এই ঠাইত ভুটানী বছৰৰ প্ৰথম মাহত অনুষ্ঠিত হোৱা পুনাখা ডমচোৱে হৈছে এক গৌৰৱময় অনুষ্ঠান আৰু ইয়াত ভূটানী সংস্কৃতিৰ এক চমৎকাৰ প্ৰদৰ্শন অনুষ্ঠিত কৰা হয়৷ এই অনুষ্ঠানত শক্তিশালী আচাৰ-অনুষ্ঠানৰ সংমিশ্ৰণ ঘোঁৰা আৰু তৰোৱাল খেলৰ দৰ্শকৰ চকু কপালত তুলিব পৰা এক প্ৰদৰ্শন অনুষ্ঠিত কৰা হয়৷[6] তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia