পিথু হৈছে ভাৰতীয় উপমহাদেশৰ এটা লোকখেল। এই খেলৰ সৈতে এটা বল আৰু সমতল শিলৰ টুকুৰাৰে তৈয়াৰ কৰা এটা স্তূপ অন্তৰ্ভুক্ত থাকে। সাধাৰণতে ঘৰৰ বাহিৰৰ এক ডাঙৰ এলেকাত দুটা দলৰ মাজত এই খেল খেলা হয়। গাওঁসমূহত বৰ্তমানো এই খেলৰ প্ৰচলন আছে।[1]
বৰ্তমানলৈ, পিথু বা লাগোৰী বিশ্বৰ কমেও ৩০খন ৰাষ্ট্ৰই খেলিছে। ভাৰত হৈছে এই খেলৰ এক ডাঙৰ মঞ্চ আৰু সমসাময়িক দৰ্শকৰ বাবে এক বিস্তৃত পৰিসৰৰ সৈতে খেলবিধৰ বিকাশৰ কেন্দ্ৰবিন্দু। ২০১৭ চনৰ নৱেম্বৰত অনুষ্ঠিত হোৱা ইণ্ডিয়ান লাগোৰী প্ৰিমিয়াৰ লীগে সমগ্ৰ দেশতে যথেষ্ট চৰ্চা লাভ কৰিছিল যিটো ভাৰতীয় অপেচাদাৰী লাগোৰী ফেডাৰেচনৰ দ্বাৰা আয়োজিত হৈছিল।[2]
তেওঁলোকে খেলখন ভাৰতৰ লগতে আন দেশৰ কেইবাখনো ৰাজ্যলৈ প্ৰসাৰৰ প্ৰচেষ্টাও কৰিছে তথা খেলখন জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। দ্বিতীয় লাগোৰী বিশ্বকাপ (প্ৰথমবাৰৰ বাবে ২০১৫ চনত খেলা) ২০১৯ বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হয়। ভাৰত, ভূটান, হংকং, ব্ৰাজিল, তুৰ্কেট, শ্ৰীলংকা, বাংলাদেশ আৰু নেপালকে ধৰি কেইবাখনো ৰাষ্ট্ৰ এই খেলৰ বাবে মুখামুখি হয়।[3]
ইতিহাস
পিথু, ভাৰতীয় উপমহাদেশৰ আটাইতকৈ প্ৰাচীন খেলবোৰৰ ভিতৰত এটা। আজিৰ পৰা ৫০০০ বছৰ পূৰ্বৰ ভাগৱত পুৰণাত এই খেলৰ উল্লেখ আছে। ভাগৱত পুৰাণত উল্লেখ থকা অনুসৰি কৃষ্ণই তেওঁৰ বন্ধুবৰ্গৰ সৈতে এইবিধ খেল খেলিছিল। [4] এই পৰম্পৰাগত খেলবিধ যোৱা ৫ সহস্ৰাব্দ ধৰি খেলি অহা হৈছে। ভাৰতীয় উপমহাদেশৰ দক্ষিণ প্ৰান্তত এই খেলৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ১৯৯০ ৰ দশকত ভাৰত আৰু পাকিস্তানৰ ই এক আটাইতকৈ জনপ্ৰিয় বৰ্হিঃক্ৰীড়াসমূহৰ ভিতৰত এটা আছিল। বৰ্তমান এই খেলবিধ প্ৰায় বিলুপ্ত।
খেলৰ নিয়ম
এটি দলৰ এজন সদস্যই খেলৰ বাবে প্ৰস্তুত কৰা শিলৰ স্তুপটোলৈ এটা বল দলিয়াই, শিলৰ টুকুৰাবোৰ খহাবলৈ চেষ্টা কৰিব। তাৰপিছত, প্ৰতিপক্ষ দলটোৱে শিলৰ স্তুপটি পুনৰুদ্ধাৰ কৰাৰ চেষ্টা কৰে যাতে তেওঁলোকে নিজকে বিপক্ষ দলৰ পৰা নিৰাপদে ৰাখিব পাৰে। আঘাতকাৰী সকলৰ (অৰ্থাৎ যিটো দলে বলটো দলিয়াইছিল) উদ্দেশ্যটি হ'ল বিপক্ষ দলটোৱে শিলৰ স্তুপটো গঠন পুনঃসম্পূৰ্ণ কৰাৰ আগতেই তেওঁলোকৰ সদস্যসকলৰ গালৈ বল দলিয়াই স্পৰ্শকৰি তেওঁলোকক খেলৰপৰা বাহিৰ কৰিব পাৰে। যদি বলটোৱে কোনো সদস্যক স্পৰ্শ কৰে, তেন্তে সেই সদস্যজন খেলৰ পৰা বাহিৰ হ'ব লগা হয়। এজন সন্ধানকাৰীৰে তেওঁৰ নিজৰ গাত বল লগাৰ আগেয়ে, বিপক্ষ দলৰ কাৰোবাক চুই নিজকে ৰক্ষা কৰিব পাৰে।
অতিৰিক্ত বিধি
উভয় দলেই শিলৰ স্তুপটিৰ ওচৰলৈ আহিব নোৱাৰিব। উভয় দলৰ সমুখত একোডাল ৰেখা বা দাগ টনা বা আঁকা থাকে, যাৰ বাহিৰলৈ গৈ তেওঁলোকে শিলৰ স্তুপটিলৈ বল নিক্ষেপ কৰিব নোৱাৰিব।