পল্লৱী ডেকা বুজৰবৰুৱা
পল্লৱী ডেকা বুজৰবৰুৱা (ইংৰাজী: Pallavi Deka Buzarboruah) হৈছে এগৰাকী অসমীয়া লেখিকা, অনুবাদক, সম্পাদক। তেখেত বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক হিচাপে কৰ্মৰত৷ অসমত ‘তুলনামূলক ভাৰতীয় সাহিত্য’বিষয়টোক কেন্দ্ৰ কৰি তেখেতে ইতিমধ্যে কেইবাখনো গুৰুত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে৷[1] তেখেতৰ ‘গৱেষণাৰ পদ্ধতিবিজ্ঞান’ শীৰ্ষক গ্ৰন্থখন অসমীয়া ভাষাত এম.ফিল. আৰু ডক্টৰেট ডিগ্ৰীৰ বাবে অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ বাবে প্ৰয়োজনীয় এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ৷ তেখেতে এতিয়ালৈকে ৫খনকৈ প্ৰবন্ধ সংকলন প্ৰকাশ কৰাৰ লগতে দুখন উপন্যাস, এখন চুটিগল্প সংকলন আৰু ১খন অনুবাদ গ্ৰন্থ, ৫খন সম্পাদনামূলক গ্ৰন্থ আদি প্ৰকাশ কৰিছে৷ তেখেতৰ তত্ত্বাৱধানত এতিয়ালৈকে ৩০ জনতকৈয়ো অধিক শিক্ষাৰ্থীয়ে অসমীয়া বিভাগৰপৰা এম.ফিল ডিগ্ৰী আৰু ১২ জন শিক্ষাৰ্থীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে৷ [2] জন্ম আৰু বংশ পৰিচয়তেখেতৰ জন্ম হয় ১ জানুৱাৰী, ১৯৬৯ চনত৷ পিতৃৰ নাম তিলক বৰা আৰু মাতৃৰ ঊষা বুজৰবৰুৱা ৷ জন্মস্থান- লক্ষিমপুৰ, অসম৷ শিক্ষাতেখেতে লক্ষিমপুৰ মহাবিদ্যালয়ৰ পৰা ১৯৯০ চনত ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ১৯৯৪ চনত অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ২০০১ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ তেখেতৰ গৱেণাৰ বিষয় হ’ল- ‘ৰবীন্দ্ৰনাথৰ কাব্যাদৰ্শ আৰু কেইজনমান অনুৱৰ্তী অসমীয়া কবিৰ কবিতা৷’[3] চাকৰি জীৱনডিব্ৰুগড় হনুমানবক্স সুৰজকমল কানৈ কলেজত অধ্যাপক হিচাপে চাকৰি জীৱনৰ পাতনি মেলে৷ (১৯৯৭ চনৰপৰা ২০০৫ চনলৈকে) সাহিত্যৰাজিৰবীন্দ্ৰনাথ আৰু অসমীয়া কবিতা, কৌষ্তুভ প্ৰকাশন, মাৰ্চ, ২০০৩ চুটিগল্পভাৰ্ছিটিৰ ইকেবানা, চুটিগল্পৰ সংকলন, ২০১৪ উপন্যাসপান্থশালাৰ প্ৰেমগাথা, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, গুৱাহাটী, ২০০৯ অনুবাদ গ্ৰন্থৰবীন্দ্ৰনাথ ঠাকুৰ, অনুবাদ, সাহিত্য অকাডেমী, নতুন দিল্লী, ২০১৮ [5] সম্পাদিত গ্ৰন্থঅসমৰ জনগোষ্ঠীয় লোকসাহিত্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসমীয়া বিভাগ, মাৰ্চ, ২০০৯ বঁটা আৰু সন্মানতথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia