পদ্মনাভ বৰদলৈ
পদ্মনাভ বৰদলৈ এজন ভাৰতীয় গায়ক, গীতিকাৰ, সংগীত পৰিচালক আৰু অনুষ্ঠান পৰিচালক।[1] তেওঁ অসমীয়া, হিন্দী, নেপালী, বাংলা, মাৰাঠী আৰু ইংৰাজী ভাষাত গীত গাইছে। তেওঁৰ প্ৰথম হিন্দী সৃষ্টি তেৰি জ' বাতেঁ হ্যে ৰ বাবে গ্লোবেল ইণ্ডিয়ান মিউজিক একাডেমি বঁটাৰ নন-ফিল্ম শাখাত মনোনয়ন লাভ কৰিছিল.[2][3] এই শাখাত মনোনয়ন লাভ কৰা পদ্মনাভ, অংগৰাগ মহন্তৰ পিছৰ দ্বিতীয়জন অসমীয়া ব্যক্তি।[4] জীৱনৰ আৰম্ভণিৰ সময়পদ্মনাভ বৰদলৈৰ ১৯৮৮ চনৰ ২৪ আগষ্টত গুৱাহাটীত জন্ম হয়। তেওঁ প্ৰয়াত বিপুল শৰ্মা আৰু প্ৰণিতা শৰ্মাৰ পুত্ৰ। তেওঁ হিন্দুস্তানী ক্লাচিকেল আৰু পাশ্চাত্য সংগীতৰ প্ৰশিক্ষণপ্ৰাপ্ত।[5] কেৰিয়াৰইণ্ডিয়ান আইডলৰ প্ৰথমজন অসমীয়া ফাইনেলিষ্ট পদ্মনাভ পিছলৈ জি টিভি সাৰেগামাপাৰ ফাইনেলিষ্ট হৈছিল [6] তেওঁৰ প্ৰথম অসমীয়া একক কণ্ঠৰ এলবাম ধ্বনি ২০১০ চনত মুক্তি দিয়া হৈছিল। তেওঁ এজন গীতিকাৰ আৰু সংগীত পৰিচালক হিচাপে তেওঁৰ দ্বি-ভাষিক এলবাম ৰাস্তে (আলিবাট)ৰ সৈতে আত্মপ্ৰকাশ কৰিছিল।[7] সন্মান আৰু প্ৰাপ্তি
ডিস্ক'গ্ৰাফী
তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia