পদিনা (ইংৰাজী: Field Mint, Wild Mint বা Corm Mint) এবিধ লতাজাতীয় সুগন্ধি শাক। এই শাক প্ৰধানকৈ ইউৰোপ মহাদেশৰ নাতিশীতোষ্ণ অঞ্চল, এছিয়া মহাদেশৰ পশ্চিম আৰু মধ্য অঞ্চল, পূব ছাইবেৰিয়া আৰু দক্ষিণ আমেৰিকাত পোৱা যায়।[1][2][3]
বৰ্ণনা
ই এবিধ সৰু ঘাঁহজাতীয় উদ্ভিদ। পদিনাৰ গছ ওখই ১০-৬০ ছেণ্টিমিটাৰ হয়। ইয়াৰ পাতবোৰ কিছু খহটা, আকৃতিত প্ৰায় গোলাকাৰ আৰু পাতত কিছুমান একেবাৰে মিহি শুং থাকে। পাতবোৰ প্ৰায় ২-২.৫ ছে. মি. দীঘল আৰু ১-২ ছে.মি. বহল হয়। ফুলৰ ৰং ডাঠ বেঙুনীয়া (purple)।[3][4][5][6] ইয়াৰ পাত সুগন্ধি।
বৈজ্ঞানিক শ্ৰেণীবিভাজন
পদিনাৰ বৈজ্ঞানিক নাম Mentha arvensis। ইয়াৰ পাঁচটা উপ-প্ৰজাতি আছে। সেইবোৰ হ’ল:[1]
- Mentha arvensis উপ-প্ৰজাতি arvensis.
- Mentha arvensis উপ-প্ৰজাতি agrestis (Sole) Briq.
- Mentha arvensis উপ-প্ৰজাতি austriaca (Jacq.) Briq.
- Mentha arvensis উপ-প্ৰজাতি lapponica (Wahlenb.) Neuman
- Mentha arvensis উপ-প্ৰজাতি palustris (Moench) Neumann
- Mentha arvensis উপ-প্ৰজাতি parietariifolia (Becker) Briq.
ঔষধি গুণ
পদিনাৰ পাতত কটু আৰু তিক্ত ৰস থাকে। ই অৰুচি নাশক আৰু কফৰ বাবে হিতকাৰী। ইয়াত খাদ্যপ্ৰাণ ‘ক’ যথেষ্ট পৰিমাণে থাকে।[6]
ইয়াৰ উপৰিও আন বহুতো বেমাৰত পদিনা উপযোগী।[6]
- পেট ফুলা, অভোক লগা আদি বেমাৰত পদিনাৰ পাত, তুলসী পাত, জালুক আৰু আদা পানীত মিহলাই উতলাই সেই পানী খালে উপশম পোৱা যায়।
- পদিনাৰ ৰস নাকত দিলে অতিমাত্ৰা চৰ্দিৰ পৰা উপশম পোৱা যায়।
- পদিনাৰ পাত পুৰি সেই ছাইৰে দাঁত ঘঁহিলে দাঁতৰ আলু মজবুত হয়।
- তীব্ৰ পেটৰ বিষত পদিনাৰ ৰস আৰু আদাৰ ৰসত অলপ নিমখ মিহলাই খালে বিষ কমে।
- বিছাই ডাকিলে পদিনাৰ পাত মোহাৰি লগাব লাগে।
- বমি বমি ভাব বা তীব্ৰ হিকটি আহিলে পদিনাৰ ৰস সেৱন কৰিব লাগে।
- কলেৰা ৰোগ হোৱা ঠাইত এই ৰোগৰ পৰা হাত সাৰিবলৈ পদিনাৰ ৰস, মৌ আৰু নেমুৰ ৰসৰ মিশ্ৰণ খালে ই প্ৰতিষেধক হিচাপে কাম কৰে।
- জণ্ডিচ ৰোগত পদিনাৰ ৰস খালে ৰোগী আৰোগ্য হয়।
- খৰ-খজুৱতি হোৱা ঠাইত পদিনাৰ পাত থেতেলি লৈ তাৰ প্ৰলেপ দিব লাগে।
- পেটৰ হোৱা কৃমিৰ পৰা উপশম পাবৰ বাবেও পদিনাৰ ৰস উপযোগী।
- পদিনাৰ পাতৰ গোন্ধে মহ-মাখি আঁতৰাই ৰখাতো সহায় কৰে।
- আনকি টাইফইড, নিউমোনিয়া আদি ৰোগতো পদিনা উপযোগী।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ