প'ণ্টাছ
গ্ৰীক আখ্যানমতে প'ণ্টাছ (আক্ষৰিক অৰ্থত "সাগৰ") হৈছে এক প্ৰাচীন, প্ৰাক-অলিম্পিয়ান সাগৰ-দেৱতা। তেওঁ গ্ৰীকসকলৰ আদি দেৱতাসকলৰ মাজৰ এজন। প'ণ্টাছ গেইয়াৰ পুত্ৰ আছিল আৰু তেওঁৰ কোনো পিতৃ নাই। গ্ৰীক কবি হেচিঅ'ডৰ মতে তেওঁ যৌন মিলনৰ অবিহনে জন্ম গ্ৰহণ কৰিছিল।[1] অৱশ্যে হাইজিনাছৰ মতে প'ণ্টাছ হৈছে ইথাৰ আৰু গেইয়াৰ পুত্ৰ।[2] আখ্যানহেচিঅ'ডৰ বাবে প'ণ্টাছ্ৰ স্বৰূপ সাগৰৰ ব্যক্তিৰূপ হো প'ণ্টছতকৈও সামান্য অধিক যেন বোধ হয় যাৰ দ্বাৰা হেলেনীয় পন্থাৰ লোকসকলে ভূমধ্য সাগৰক সূচায়। [3] মাতৃ গেইয়াৰ সৈতে তেওঁ নেৰিয়াছ (সাগৰৰ বৃদ্ধ মানুহ), থাউমাছ (সমুদ্ৰৰ আচৰিত "বিস্ময়", সমুদ্ৰৰ বিপদজনক দিশবোৰৰ প্ৰতিমূৰ্তি), ফৰ্চিছ আৰু তেওঁৰ ভগ্নী-সহধৰ্মিনী চেটো আৰু শক্তিশালী দেৱী ইউৰিবিয়াৰ জন্ম দিয়ে। তেওঁৰ ঔৰষত সাগৰৰ দেৱী থালাছাৰ গৰ্ভত টেলকাইন আৰু সকলো সাগৰীয় জীৱৰ জন্ম হয়।[1][4][5][6] দ্বিতীয় শতিকাৰ এটা ৰোমান ভাস্কৰ্যত প'ণ্টাছে সমুদ্ৰৰ বুকুৰ পৰা উঠি সোঁহাতেৰে জাহাজৰ হালত ধৰি এখন সন্মুখভাগত হেলান দিয়া দেখা যায়। মোচিয়াৰ টমিছৰ কৃষ্ণ সাগৰ বন্দৰৰ দ্বৈত পৃষ্ঠপোষক দেৱতা হিচাপে তেওঁক এটা মুকুট পৰিহিত অৱস্থাত ভাগ্যৰ দেৱী ফৰ্চুনাৰ সৈতে দেখা যায়। সাহিত্যিক সূত্ৰসমূহহেচিঅ'ডৰ থিয়গণিত (২৩১-২৩৯) কোৱা হৈছে যে সাগৰে তেওঁৰ সন্তানৰ ভিতৰত জ্যেষ্ঠ নেৰিয়াছক জন্ম দিয়ে, যি হৈছে সত্য আৰু মিছা নকয়: আৰু মানুহে তেওঁক বৃদ্ধলোক বুলি কয় কিয়নো তেওঁ বিশ্বাসী আৰু নম্ৰ আৰু ধাৰ্ম্মিকতাৰ নিয়মবোৰ পাহৰি নাযায়, আৰু ন্যায়সঙ্গত তথা দয়াশীলতাৰ চিন্তা কৰে। তেওঁ মহান থাউমাছ আৰু গৌৰৱান্বিত ফৰ্চিছ, চেটো আৰু ইউৰিবিয়াক পাইছিল।[1] হাইজিনাছৰ মতে ইথাৰ আৰু গেইয়াৰ পৰা: শোক, প্ৰৱঞ্চনা, ক্ৰোধ, বিলাপ, মিছা, শপত, প্ৰতিশোধ, অসহিষ্ণুতা, বিবাদ, পাহৰণি, ভয়, গৌৰৱ, অনাচাৰ, যুঁজ, মহাসাগৰ, থেমিছ, টাৰ্টাৰাছ, প'ণ্টাছ; আৰু টাইটান, ব্ৰিয়াৰিয়াছ, গাইজ, ষ্টেৰোপচ, এটলাস, হাইপাৰিয়ন, আৰু পোলাছ, শনি, অপচ, মনেটা, ডায়নে; আৰু তিনিগৰাকী ফিউৰি – অৰ্থাৎ, এলেক্টো, মেগাৰা আৰু টিচিফোনৰ উৎপত্তি হয়।[2] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia