নীলমণি দেৱী
নীলমণি দেৱী (ইংৰাজী: Neelamani Devi, জন্ম: ১ ছেপ্টেম্বৰ ১৯৩৮) এগৰাকী ভাৰতীয় মৃৎ শিল্পী। মণিপুৰৰ পাৰম্পৰিক মৃৎ শিল্পক পুনৰুদ্ধাৰ প্ৰচেষ্টাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ এগৰাকী গুৰু কুমাৰ।[1] তেওঁৰ সৃষ্টিসমূহ দুখন তথ্যচিত্ৰত মূল বিষয় হিচাপে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা মণি কৌলৰ 'মিত্তি ঔৰ মানৱ' আৰু অৰিবাম শ্যাম শৰ্মাৰ 'নীলমণি: মাষ্টাৰ পটাৰ অফ মণিপুৰ'ত স্থান লাভ কৰিছে।[2] টিভি ধাৰাবাহিক 'মহাভাৰত'ৰ এটা খণ্ডত তেওঁৰ শিল্প প্ৰদৰ্শন কৰা হৈছিল। ভাৰত চৰকাৰে মৃৎশিল্প কলাত তেওঁৰ অৱদানৰ বাবে ২০০৭ চনত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3] প্ৰাৰম্ভিক জীৱন১৯৩৮ চনৰ ১ ছেপ্টেম্বৰত উত্তৰ-পূব ভাৰতীয় ৰাজ্য মণিপুৰৰ থৌবাল জিলাৰ থংজাও কিথেল লেইকাইত নীলমণি দেৱীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ খাৰাইবাম দেৱসিং সিং আৰু মাতৃ খাৰাইবাম ওংবি চানাজাওবি। তেওঁৰ মাকৰ পৰা মৃৎশিল্প নিৰ্মাণৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল।[2] শৈশৱকালতে তেওঁ পিতৃ-মাতৃ হেৰুৱাইছিল কিন্তু খাদী আৰু গ্ৰামোদ্যোগ মণ্ডলৰ সহায়ত বিহাৰৰ সোমথাল পৰগণাত অধ্যয়ন অব্যাহত ৰাখিছিল আৰু ১৯৬০ চনত তেওঁৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল। কৰ্মজীৱনমণিপুৰ চৰকাৰৰ উদ্যোগ সঞ্চালকালয়ত প্ৰদৰ্শক হিচাপে তেওঁৰ কৰ্মজীৱন আৰম্ভ হৈছিল। কিন্তু চাকৰি এৰি ১৯৬৬ চনত তেওঁ মৃৎশিল্প প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ আৰম্ভ কৰিবলৈ নিজৰ গাঁৱলৈ উভতি আহিছিল। তাত তেওঁ স্থানীয় মহিলাসকলক মৃৎশিল্প নিৰ্মাণত প্ৰশিক্ষণ দিছিল আৰু তেওঁলোকক জীৱিকা উপাৰ্জন কৰাত সহায় কৰিছিল বুলি জনা যায়।[2] দেৱীয়ে তেওঁৰ শিল্পৰ জৰিয়তে ভাৰত আৰু বিদেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছে। তেওঁ ভাৰতীয় প্ৰতিনিধি দলৰ সদস্য আছিল আৰু ভাৰত উৎসৱৰ অংশ হিচাপে চুইডেনৰ ইথন'গ্ৰাফী সংগ্ৰহালয়ত পাঁচগৰাকী ভাৰতীয় শিল্পীৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিছিল।[4] তেওঁ জাপানৰ কেইবাটাও স্থান যেনে কোবেৰ আদিবাসীৰ কলাৰ হাইগো প্ৰেফেক্টুৰাল সংগ্ৰহালয়, টকিঅ'ৰ ধপাত আৰু নিমখ সংগ্ৰহালয়, শিৰাইন আৰু য়ামানাচিৰ টৌজেন সংগ্ৰহালয়, ইতিহাস আৰু লোককাহিনীৰ চাইতামা প্ৰেফেক্টুৰাল সংগ্ৰহালয় আৰু টোকামাচি আৰু নিগাটাৰ ভাৰতীয় আদিবাসী কলাৰ মিথিলা সংগ্ৰহালয় আদিতো অংশগ্ৰহণ কৰিছে আৰু নিজৰ শিল্প প্ৰদশৰ্ন কৰিছে।[4] ১৯৮৬ চনত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা মণি কৌলে দেৱীৰ ওপৰত এখন তথ্যচিত্ৰ ছবি নিৰ্মাণ কৰে। ইয়াৰ নাম আছিল 'মিত্তি ঔৰ মানৱ' আছিল। অৰিবাম শ্যাম শৰ্মাই ২০০৩ চনত তেওঁৰ অপ্ৰদৰ্শিত ছবি 'নীলমণি: মাষ্টাৰ পটাৰ অফ মণিপুৰ'[5] দূৰদৰ্শনৰ বাবে নিৰ্মাণ কৰিছিল।[6] ভাৰতীয় টিভি শৃংখলা 'মহাভাৰত'ৰ এটা খণ্ড আৰু ফৰাচী টেলিভিছনৰ দ্বাৰা নিৰ্মিত মহাভাৰত টিভি শৃংখলাৰ প্ৰথম তিনিটা খণ্ডত তেওঁৰ মৃৎশিল্প সৃষ্টি প্ৰদৰ্শন কৰা হৈছিল।[5] তেওঁৰ কামৰ বিৱৰণ ভাৰতীয় হস্তশিল্প আৰু হস্ততাঁত ৰপ্তানি নিগমৰ দ্বাৰা ১৯৯৮ চনত প্ৰকাশিত 'আদাৰ মাষ্টাৰছ: ফাইভ কোনটেম্পৰী ফক এণ্ড ট্ৰেইবেল আৰ্টিষ্টছ অফ ইণ্ডিয়া' গ্ৰন্থত নথিভুক্ত কৰা হৈছে।[7] বৰ্তমান এই গ্ৰন্থখন গোৱা বিশ্ববিদ্যালয়ৰ শৈক্ষিক পাঠ্যক্ৰমৰ বাবে এক নিৰ্ধাৰিত পাঠ।[8] বঁটা আৰু সন্মাননীলমণি দেৱীয়ে ১৯৮৬ চনত ভাৰত চৰকাৰৰ পৰা সন্মানৰ প্ৰমাণপত্ৰৰ সৈতে শিল্প গুৰু ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। একে বছৰে তেওঁ মধ্য প্ৰদেশ চৰকাৰৰ পৰা তুলসী সন্মান বঁটা লাভ কৰে।[4] ২০০৫-২০০৬ চনত তেওঁ চুইডেন ভ্ৰমণৰ সময়ত সমাজ কল্যাণ সেৱা বঁটা আৰু লায়ন্স ক্লাব ইণ্টাৰনেচনেলৰ পৰা কৰ্মযোগী বঁটা লাভ কৰে।[2] ভাৰত চৰকাৰে ২০০৭ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3] তথ্য উৎস
|
Portal di Ensiklopedia Dunia