নীলগিৰি পাৰ্বত্য ৰে’লৱে
নীলগিৰি পাৰ্বত্য ৰে’লৱে’ ১৯০৮ চনতে ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰা ভাৰতৰ তামিলনাডু ৰাজ্যৰ এক মিটাৰগজ ৰেলসেৱা।[1] আৰম্ভণিতে মাদ্ৰাজ ৰে’লৱে’ই এই ৰেলসেৱা পৰিচালনা কৰিছিল। এতিয়াও ইয়াত ভাপ ইঞ্জিনে সেৱা আগবঢ়াই আছে।[2] নীলগিৰি পাৰ্বত্য ৰে’লৱে’ বৰ্তমান দক্ষিণ ৰে’লৱে’ জ'নৰ নব-গঠিত চালেম ডিভিজনৰ অন্তৰ্গত। ২০০৫ চনত ইউনেস্কোই এই ৰে’লৱে’ক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্য্যদা দিয়ে আৰু ১৯৯৯ চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্য্যদা পোৱা দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ৰ সৈতে একেলগে ভাৰতৰ পাৰ্বত্য ৰেল নামৰ এটা নতুন শ্ৰেণীত অন্তৰ্ভুক্ত কৰে। "[3] 'দিল চে' নামৰ হিন্দী ছবিৰ চাহৰুখ খানে অভিনয় কৰা বিখ্যাত 'চেইয়া চেইয়া' গীতটো নীলগিৰি পাৰ্বত্য ৰেলত চিত্ৰায়ন কৰিছিল। ইতিহাস১৮৫৪ চনতে মেট্টুপালায়ামৰ পৰা নীলগিৰি পৰ্বতলৈ ৰেলপথ সজাৰ পৰিকল্পনা কৰা হৈছিল যদিও ৪৫ বছৰ পিছতহে ইয়াৰ নিৰ্মাণ সমাপ্ত হয়। ১৮৯৯ চনৰ জুন মাহত ৰেল চলাচলৰ বাবে ৰেলপথটো মুকলি কৰি দিয়া হয়। চৰকাৰৰ সৈতে হোৱা এখন চুক্তিৰ যোগে মাদ্ৰাছ ৰে’লৱে’ই প্ৰথমে এই নীলগিৰি পাৰ্বত্য ৰেল পৰিচালনা কৰাৰ দায়িত্ব লয়। চাউথ ইণ্ডিয়ান ৰেলেৱে কোম্পানীয়ে ইয়াক কিনি লোৱালৈকে দীৰ্ঘদিন ধৰি মাদ্ৰাছ ৰে’লৱে’ কোম্পানীয়ে চৰকাৰৰ হৈ পৰিচালনাৰ কাম কৰি গৈছিল। প্ৰথমাৱস্থাত কুনুৰেই আছিল শেষ ষ্টেশ্যন। ২৪,৪০,০০০.০০ টকা খৰচ কৰি ১৯০৮ৰ চেপ্তেম্বৰত ইয়াক ফাৰ্ণহিললৈ সম্প্ৰসাৰণ কৰা হয়।
ক্ৰিয়া-প্ৰণালীনীলগিৰি পাৰ্বত্য ৰে’লৱে’ ১ মিটাৰ বহল এটা মিটাৰগজ ৰেলপথ। মেট্টুপালায়াম আৰু কুনুৰ ষ্টেশ্যনৰ মাজৰ পথচোৱাত ওপৰলৈ বগাবলৈ Abt ৰেক আৰু পিনিয়ন পদ্ধতি ব্যৱহাৰ কৰা হৈছে। নীলগিৰি পাৰ্বত্য ৰেলৰ এই ৰেক আৰু পিনিয়ন অংশত 'এক্স' শ্ৰেণীৰ ভাপ ৰেক ইঞ্জিন ব্যৱহাৰ কৰা হয়।
ৰেলপথ
নীলগিৰি পাৰ্বত্য ৰেলে ২৬ মাইলৰ (৪১.৮ কি:মি:) যাত্ৰাত ২০৮টা ভাঁজ, ১৬টা সুৰঙ্গ, ২৫০খন দলং পায়। ২৯০ মিনিট পাহাৰ বগায়, ২১৫ মিনিট নামনিলৈ গতি কৰে। এই ৰেলপথৰ আটাইতকৈ ওখ ঢালটো ৮.৩৩%ৰ আৰু ই এচিয়াৰ ভিতৰতে সৰ্বোচ্চ।[2] ষ্টেশ্যন
ভাৰতৰ অন্য পৰ্যটন ৰেল
চলচ্চিত্ৰ আৰু তথ্যচিত্ৰভাৰতৰ পাৰ্বত্য ৰেলক বিষয়-বস্তু কৰি বিবিচিয়ে ২০১০ চনত তিনিটা খণ্ডৰ এখন তথ্যচিত্ৰ চিৰি়জ নিৰ্মাণ কৰিছিল।[4] ইয়াৰে দ্বিতীয় খণ্ডত নীলগিৰি পাৰ্বত্য ৰেলক সামৰি লোৱা হৈছিল। প্ৰথম খণ্ডটো দাৰ্জিলিং হিমালয়ান ৰে’লৱে’ক লৈ আৰু শেহৰ খণ্ডটো আছিল কালকা-চিমলা ৰে’লৱে’ক লৈ। তৰুণ ভাৰ্টিয়া, হিউগো স্মিথ আৰু নিক মেটিংলি ছবিখনৰ পৰিচালক আছিল। প্ৰযোজনা কৰিছিল গেৰী ট্ৰ'য়নাই। তথ্যচিত্ৰৰ চিৰিজটোৱে ১০১০ চনৰ ইউ.কে. ৰয়েল টেলিভিচন ছোচাইটি বঁটা লাভ কৰিছিল।[5] ডেভিদ লীনৰ এ পেচেজ টু ইণ্ডিয়া ছবিত কুনুৰ ষ্টেশ্যনক এটা লোকেচন হিচাপে ব্যৱহাৰ কৰিছিল। [1] মালায়ালাম ছবি "চামাৰ ইন বেথেলহাম"ত কেটি ষ্টেশ্যনত দৃশ্যগ্ৰহণ কৰা হৈছিল। লগতে চাওক
তথ্যউৎস
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia