নগা পাহাৰ
নগা পাহাৰৰ উচ্চতা প্ৰায় ৩,৮২৬ মিটাৰ (12,552 ফুট) বিশেষকৈ ভাৰত আৰু ম্যানমাৰৰ সীমান্তত অৱস্থিত।[উদ্ধৃতিৰ প্ৰয়োজন] ইয়াক এক জটিল পৰ্বত আৰু পৰ্বতমালাৰ অংশ বোলা হয়।[উদ্ধৃতিৰ প্ৰয়োজন] পাহাৰখন ভাৰতবৰ্ষৰ ভূখণ্ডৰ নাগালেণ্ড ৰাজ্য আৰু বাৰ্মাৰ প্ৰশাসনিক বিভাগ(বাৰ্মিজ) অন্তৰ্গত। নগা স্ব-প্ৰশাসিত অঞ্চলৰ অন্তৰ্গত ঠাইডোখৰক নগা পাহাৰ বুলি কোৱা হয়। নগা পাহাৰৰ সৰ্বোচ্চ বিন্দু হৈছে সাৰামতী পৰ্বত। (3,826 মিটাৰ (12,552 ফুট)) ব্যুৎপত্তি"নগা" শব্দটোৱে নগা লোকসকলক বুজায়, যিসকলক বাৰ্মিজ ভাষাত "নাগা" বা "নাকা" বুলি কোৱা হৈছিল। ইয়াৰ অৰ্থ হৈছে "কাণ বিন্ধা থকা মানুহ।" [1] ইতিহাসভাৰতবৰ্ষত ব্ৰিটিছ শাসনকালত নগা পাহাৰৰ কিছু অংশ ব্ৰিটিছৰ অধীনলৈ আহিছিল যদিও নগা পাহাৰৰ বৃহত্তৰ এলেকাটো ব্ৰিটিছ প্ৰশাসনৰ নিয়ন্ত্ৰণ আৰু অধীনলৈ নাহিল। ১৮৬৬ চনত নগা পাহাৰ জিলা ব্ৰিটিছ ভাৰতৰ নিয়ন্ত্ৰণৰ অধীনত থকা নগা পাহাৰৰ এটা অংশৰ সৈতে একত্ৰিত কৰি এখন পূৰ্ণাংগ জিলাত পৰিণত কৰা হয়।[2] নগা পাহাৰ জিলাৰ সীমা কেইবাটাও নগা জনগোষ্ঠীৰ ভূখণ্ড যেনে- আওনগা(আওছ) (১৮৮৯), সেমা নগা(সেমাছ)(১৯০৪), আৰু কন্যাক নাগা (১৯১০) সংযুক্ত কৰি ক্ৰমান্বয়ে সম্প্ৰসাৰিত হৈছিল। ১৯১২ চনত জিলাখনক অসম প্ৰদেশৰ অংশ হিচাপে লোৱা হয়। ভাৰত বিভাজনৰ পিছত ইয়াক টুনছাং জিলা(টুয়েছাং সংমণ্ডল)ৰ সৈতে একত্ৰিত কৰি ১৯৬৩ চনত এখন পূৰ্ণাংগ ৰাজ্য নাগালেণ্ড নামৰ ৰাজ্যখন গঠন কৰা হয়।[3] ভূতত্ত্ব: ৰাষ্ট্ৰীয় ভূতাত্ত্বিক স্মৃতিসৌধনাগালেণ্ডৰ কিফিৰ জিলাৰ পুংগ্ৰোৰ ওচৰৰ নাগাহিল অফিঅ'লাইট ছাইট (NHO)ক ভাৰত ভূতাত্ত্বিক জৰীপ(GSI) অৰ্থাৎ ভাৰতত ৰাষ্ট্ৰীয় ভূতাত্ত্বিক কীৰ্তিচিহ্নসমূহৰ তালিকাৰ দ্বাৰা ভূ-পৰ্যটনৰ সুৰক্ষা, ৰক্ষণাবেক্ষণ, প্ৰচাৰ আৰু বৃদ্ধিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় ভূতাত্ত্বিক স্মৃতিসৌধ হিচাপে ঘোষণা কৰিছে॥[4][5][6][7]নগা পাহাৰৰ সীমাৰ জটিলতা আৰু অৱস্থানৰ বাবে দুয়োখন দেশৰ মাজত এক স্বাভাৱিক বাধাৰ সৃষ্টি কৰিছে। নগা পাহাৰ আৰাকান পৰ্বত (ৰাখিনে ৰেঞ্জ)ৰ অংশ, যি উত্তৰ দিশত ৩,৮২৬ মিটাৰ (12,552 ফুট) লৈ উঠি আছে। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia