ধৰণী বৰ্মণ
চমু জীৱনী১৯২৬ চনৰ ৯ জানুৱাৰীত নলবাৰী জিলাৰ চামতাত ধৰণী বৰ্মণৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল জাতিৰাম বৰ্মন আৰু মাতৃ সুৰদেৱী বৰ্মণ। চামতা মিলন প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰা বৰ্মণে গুৱাহাটী কটন কলেজিয়েট হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ কলিকতাৰ ছিটি কলেজত নাম ভৰ্ত্তি কৰে যদিও সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত শিক্ষা অৰ্ধসমাপ্ত কৰি উভতি আহে। ১৯৪৯ চনত তেওঁ সৰ্থেবাৰীৰ অবলা ডেকাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[1] অভিনয় জীৱনধৰণী বৰ্মণে প্ৰথমতে গুৱাহাটীৰ পাণবজাৰত দেউতাকৰ কাপোৰৰ দোকান ‘জে বৰ্মণ এণ্ড ছন্স’ত কৰ্মজীৱন আৰম্ভ কৰে যদিও পিছত নিজাকৈ কাঠৰ ব্যৱসায় আৰম্ভ কৰে। ১৯৫৩ চনত বৰ্মণৰ নেতৃত্বত ধৰ্মপুৰ শিল্পী সংঘ নামৰ এটি সাংস্কৃতিক অনুষ্ঠানৰ জন্ম হয়।[2] সেই সময়ত পিয়লি ফুকন নাটত নাম ভূমিকাত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা অৰ্জন কৰে। ধৰ্মপুৰ শিল্পী সংঘই নিবেদন কৰা এই নাটখন নলবাৰী অঞ্চলত অনুষ্ঠিত হোৱা প্ৰথম টিকট কটা থিয়েটাৰ আছিল। ১৯৬০ চনত তেওঁ সদানন্দ লহকৰ প্ৰযোজিত নটৰাজ অপেৰাত নিয়মীয়া অভিনয় শিল্পী হিচাপে যোগদান দিয়ে। সেই নাট্যদলত থাকিয়ে তেওঁ কালাপাহাৰ, কুৰূক্ষেত্ৰৰ আগে, ভক্তৰ আহ্বান, ধৰ্মৰ বলি আদি নাটত অভিনয় কৰে। ১৯৬৩ চনত আৰম্ভ হোৱা অচ্যুত লহকৰৰ নটৰাজ থিয়েটাৰত বৰ্মণে ঘাই অভিনেতা হিচাপে কাম কৰে। প্ৰথম বৰ্ষত তেওঁ হাইদৰ আলী নাটত নাম ভূমিকাত, জেৰেঙাৰ সতী নাটত গদাপাণি আৰু ভোগজৰাত লক্ষ্মী সিংহৰ ভূমিকাত অভিনয় কৰে। ১৯৬৪ চনত ধৰণী বৰ্মণে মাতৃৰ স্মৃতিত সুৰদেৱী নাট্য সংঘ নামৰ নাট্যদলৰ জন্ম দিয়ে আৰু ১৯৬৬ চনত নাট্যদলটিক সুৰদেৱী থিয়েটাৰ নাম দি পূৰ্নাংগ থিয়েটাৰলৈ ৰূপান্তৰিত কৰা হয়। সুৰদেৱী থিয়েটাৰৰ প্ৰথমবৰ্ষত বিষ্ণু ৰাভাই পৰিচালক তথা অভিনেতা হিচাপে অংশগ্ৰহণ কৰিছিল।[3] ১৯৭৬ চনত শিক্ষিত যুৱক-যুৱতীক সংস্থাপন দিবলৈ তেওঁ সুৰদেৱী শিল্পী তীৰ্থ গঠন কৰে। ১৯৭৯ চনত তেওঁৰ অভিভাৱকত্বত পুত্ৰ হিৰণ্য বৰ্মনৰ প্ৰযোজনাত বিষ্ণুজ্যোতি থিয়েটাৰৰ জন্ম হয়। ১৯৭৭ চনত পত্নী অবলা বৰ্মনৰ প্ৰযোজনাত অসমৰ প্ৰথম মহিলা ভ্ৰাম্যমাণ থিয়েটাৰ মুন থিয়েটাৰৰ জন্ম হয়। এই দলটিৰ নাট্যকাৰ-পৰিচালিকা আছিল পুষ্পা দেৱী। এই নাট্যদলটি এবছৰলৈহে কাৰ্যকৰী হৈ থাকে। ১৯৮৪ চনত পুত্ৰ ৰবীন দেৱবৰ্মণৰ প্ৰযোজনাত ৰংঘৰ নামৰ আন এটি নাট্যদল গঠন হয়। ১৯৯৬ চনত তেওঁ অসম নাট্য সন্মিলনৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। সেই বছৰতে অসম নাট্য সন্মিলনে নিৰ্মাণ কৰা সৈনিক শিল্পী ব্ৰজনাথ শৰ্মা নামৰ টেলিনাটখনত তেওঁ এটা সৰু ভূমিকাত অভিনয় কৰে। সৰ্বেশ্বৰ চক্ৰৱৰ্তীয়ে নিৰ্মাণ কৰা নৰকাসুৰ ছবিখনতো তেওঁ অভিনয় কৰে। ২০০৬ চনত অশীতিপৰ অৱস্থাত তেওঁ চামতাত চিৰাজ নাটত নাম ভূমিকাত অভিনয় কৰে। এই নাটখন ৰবীন্দ্ৰ ভৱনতো মঞ্চস্থ কৰা হয়। ২০০৭ চনত চিৰাজ নাটখন পুনৰ তেজপুৰৰ বাণ ৰঙ্গমঞ্চ, নলবাৰী আৰু চামতাত মঞ্চস্থ হয়।[4] উল্লেখযোগ্য নাটধৰণী বৰ্মণে অভিনয় কৰা কেইখনমান উল্লেখযোগ্য নাট হ'ল-
সামাজিক জীৱনঅভিনয়ৰ উপৰিও ধৰণী বৰ্মণে বিভিন্ন সামাজিক দিশত অৰিহণা আগবঢ়াইছে। ১৯৫৩ চনত তেওঁৰ উদ্যোগত অসমৰ দ্বিতীয়খন মঞ্চবিহু চামতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়।[3] তদুপৰি স্বাধীনতা আন্দোলনৰ সময়ত বিষ্ণু ৰাভা, তৰুণ সেন ডেকা আদিৰে সৈতে তেওঁ চোতালে চোতালে সভা অনুষ্ঠিত কৰি মানুহক সজাগ কৰিছিল। আশীৰ দশকৰ বিদেশী বহিষ্কাৰ কৰা আন্দোলনতো তেওঁ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। চামতা অঞ্চলৰ বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান যেনে কামৰূপ কলেজ, চামতা খণ্ড উন্নয়ন কাৰ্যালয় আদি নিৰ্মাণৰ বাবে তেওঁ ভূমি দান কৰিছিল। ১৯৮৫ চনত তেওঁ অসম গণ পৰিষদৰ সদস্য হৈ ধৰ্মপুৰৰ সমষ্টিৰ সমন্বয়ৰক্ষী সমিতিৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ নেতৃত্বত চামতাত বোমটিম নামৰ এটা ফুটবল দল গঠন হৈছিল। পিছলৈ এই দলটি বিজয় টিম নামেৰে বিখ্যাত হয়। মৃত্যু২০১৭ চনৰ ২৮ জানুৱাৰীত তেওঁ মৃত্যুবৰণ কৰে। বঁটা আৰু সন্মান
লগত চাওকতথ্য সূত্ৰ
|